জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ৰাম্য উন্নয়নৰ লক্ষ্যৰে অভিসৰণ: ডিডিডব্লিউএছে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ভিবি-জি ৰাম জি আইনৰ অধীনত জেজেএম ২.০ আৰু এছবিএম-জি ২.০ৰ কামসমূহ একত্ৰিত কৰিবলৈ আহ্বান জনাইছে

পোষ্ট কৰা হৈছে: 27 AUG 2026 6:47PM by PIB Guwahati

এক উল্লেখযোগ্য পদক্ষেপত জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহযোগত বিকশিত ভাৰত – ৰোজগৰ আৰু আজীৱিকা মিছনৰ বাবে জালজীৱন মিছন (জে জে এম) ২.০ আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) এছ বি এম-(জি) ২.০ৰ কাম-কাজ (ভিবি-জি ৰাম জি)  (গ্ৰামীন)আইন, ২০২৫ৰ অধীনত  একত্ৰীকৰণৰ আহ্বান জনাইছে । এই অভিসৰণ হৈছে গ্ৰাম্য উন্নয়ন শক্তিশালী কৰাৰ দিশত, গ্ৰাম্য জল সুৰক্ষা আৰু স্থিতিস্থাপকতাৰ বাবে গ্ৰহণ কৰা এক সংহত পৰিকল্পনা।

ভিবি-জি ৰাম জি আইন, ২০২৫-এ জল সুৰক্ষাক ইয়াৰ চাৰিটা বিষয়ভিত্তিক ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে চিনাক্ত কৰিছে, সেয়া হৈছে বহনক্ষম জীৱিকা, কৃষি উৎপাদনশীলতা, জলবায়ুৰ স্থিতিস্থাপকতা আৰু দীৰ্ঘম্যাদী গ্ৰাম্য উন্নয়ন ।

২০২৬ চনৰ ১০ মাৰ্চত অনুমোদিত জল জীৱন মিছন (জেজেএম) ২.০-এ খোৱাপানীৰ উৎসৰ বহনক্ষমতা, ভূগৰ্ভস্থ পানী পুনৰ পূৰ কৰা আৰু  জল ব্যৱস্থাপনাক নিৰ্ভৰযোগ্য তথা  স্থিতিস্থাপক গ্ৰাম্য খোৱাপানী সেৱা নিশ্চিত কৰাৰ বাবে নিজৰ কৌশলৰ মূল বিষয় হিচাবে ৰাখিছে। একেদৰে এছ বি এম(জি) ২.০ য়ে পৰিৱেশৰ সুৰক্ষাৰ বাবে অনাময় আৰু জনস্বাস্থ্য উন্নত কৰাৰ বাবে কঠিন তথা  তৰল আৱৰ্জনাসমূহৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

এই কাৰ্যসূচীসমূহৰ পৰিপূৰক লক্ষ্যসমূহে বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা (ভিজিপিপি)ৰ জৰিয়তে সংহত পৰিকল্পনা তথা ইয়াৰ  ৰূপায়ণৰ পথ প্ৰশস্ত কৰিছে।

অভিসৰণ পৰিকল্পনাৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এনেবোৰ অনুৰোধ জনোৱা হৈছে

• সঠিক সংহত পৰিকল্পনা নিশ্চিত কৰা

• ভিজিপিপিৰ অধীনত পানীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া

• আইনৰ অধীনত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ পৰিচালনা সমিতিত গ্ৰাম্য পানী যোগান/ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ দায়িত্বত থকা বিষয়াক অন্তৰ্ভুক্ত কৰা

• ৰাজ্যিক জল আৰু অনাময় অভিযান আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ পৰা নিষ্ঠাবান ন’ডেল বিষয়াসকলক মনোনীত কৰা, সংশ্লিষ্ট ন’ডেল বিষয়াৰ সৈতে অভিসৰণশীল কাৰ্য্যকলাপৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ সুবিধা প্ৰদান কৰা।

• জেজেএম ২.০ আৰু এছবিএম-জি ২.০ৰ অধীনত ভিজিপিপিসমূহক গাঁও কাৰ্য্য পৰিকল্পনাৰ সৈতে কাৰিকৰীভাৱে সম্পৃক্ত কৰা

• বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনি ষ্টেকত জে জে এম ২.০ আৰু এছ বি এম- জি ২.০ৰ অধীনত সকলো কাম আৰু অন্যান্য অভিসৰণ সম্পত্তি পঞ্জীয়ন আৰু জিঅ’-টেগ কৰা

• ৰাজ্যসমূহে পানীৰ বাজেট আৰু জল ভূতাত্ত্বিক মূল্যায়নৰ লগতে ভূ-স্থানীয় পৰিকল্পনা সঁজুলি ব্যৱহাৰ কৰিব

• ভিবি-জি ৰেম জি, জেজেএম ২.০, এছবিএম-জি ২.০ৰ অধীনত বিনিয়োগে সামূহিকভাৱে খোৱাপানীৰ  বহনক্ষম  সুৰক্ষা আৰু গ্ৰাম্য জীৱিকাৰ উন্নতিত অৰিহণা যোগোৱাটো নিশ্চিত কৰিবলৈ অভিসৰণক প্ৰতিষ্ঠানিকৰণ ৰূপ দিব।

আঁচনিৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য, জিলা আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ খোৱাপানী আৰু অনাময়, গ্ৰাম্য উন্নয়ন, পঞ্চায়তীৰাজ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ মাজত ঘনিষ্ঠ সমন্বয় এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

এনে অভিসৰণে গ্ৰাম্য খোৱাপানী সেৱাৰ বহনক্ষমতাক শক্তিশালী কৰাৰ লগতে গ্ৰাম্য সম্প্ৰদায়ৰ পৰিৱেশগত বহনক্ষমতা, জলবায়ুৰ স্থিতিস্থাপকতা আৰু জীৱনৰ মানক প্ৰসাৰিত কৰিব, যিয়ে বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীত অৰিহণা যোগাব।

 

***

PS/AK/DM


(ৰিলিজ আই ডি : 2304796) অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Telugu