স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগে গুৱাহাটীৰ এন আই পি আৰত ঔষধ আৰু ফাইটোফাৰ্মাচিউটিকেলৰ গুণগত মান, সুৰক্ষা আৰু উদ্ভাৱন উন্নীতকৰণ সন্দৰ্ভত বৈজ্ঞানিক সন্মিলন অনুষ্ঠিত কৰে

আই পি চিয়ে সাতটা ভাৰতীয় ফাৰ্মাকোপিয়া ফাইটোকেমিকেল ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড আৰু ৫টা বটানিকেল ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড মুকলি কৰে

উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বৈজ্ঞানিক সন্মিলনে নিয়ন্ত্ৰক, শৈক্ষিক ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তি আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি ফাইটোফাৰ্মাচিউটিকেলৰ মানদণ্ডক আগুৱাই নিছে

এয়া বৈজ্ঞানিক মান, গুণগত নিশ্চয়তা আৰু উদ্ভিদভিত্তিক ঔষধি সামগ্ৰীৰ প্ৰমাণভিত্তিক বিকাশ শক্তিশালী কৰাৰ পদক্ষেপ

পোষ্ট কৰা হৈছে: 28 AUG 2026 4:15PM by PIB Guwahati

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগে (আই পি চি) ৰাষ্ট্ৰীয় ঔষধ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (এন আই পি আৰ)ত ২০২৬ চনৰ ২৭ আগষ্টত “ভাৰতীয় ফাৰ্মাকোপিয়া (আই পি) ২০২৬ : ঔষধ, খাদ্য আৰু ফাইটোফাৰ্মাচিউটিকেলছৰ গুণগত মান, সুৰক্ষা আৰু উদ্ভাৱন উন্নীতকৰণ” বিষয়ক এখন বৈজ্ঞানিক সন্মিলন আৰু মত বিনিময় অধিৱেশনৰ আয়োজন কৰে।

উত্তৰ-পূব অঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই মত-বিনিময় অধিৱেশনত নিয়ন্ত্ৰক, শৈক্ষিক ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তি আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিশেষজ্ঞ তথা অংশীদাৰসকলক একত্ৰিত কৰি দেশত ফাইটোফাৰ্মাচিউটিকেলৰ গুণগত মান আৰু প্ৰামাণিককৰণ শক্তিশালী কৰাৰ বাবে আগবাঢ়ি যোৱাৰ পথ সন্দৰ্ভত আলোচনা কৰা হয়।

এই অনুষ্ঠানৰ এটা ডাঙৰ পদক্ষেপ আছিল আইপিচিৰ দ্বাৰা সাতটা ভাৰতীয় ফাৰ্মাকোপিয়া ফাইটোকেমিকেল ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড (আইপিপিআৰএছ) আৰু পাঁচটা ভাৰতীয় ফাৰ্মাকোপিয়া বোটানিকেল ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড (আইপিবিআৰএছ) মুকলি কৰা, এই অত্যাৱশ্যকীয় ৰেফাৰেন্স মানসমূহ প্ৰথমবাৰৰ বাবে আয়োগে প্ৰৱৰ্তন কৰিছে। মুকলি কৰা মানসমূহ হ’ল এণ্ড্ৰ’গ্ৰাফ’লাইড, কেপচাইচিন, এম্বেলিন, ইউজেনল, মাৰ্মেলোচিন/ইম্পেৰেটৰিন, স্কোপলেটিন, উম্বেলিফেৰন, টাৰ্মিনেলিয়া আৰ্জুনা, বাকোপা মনিয়েৰী, টিনোস্প’ৰা কৰ্ডিফ’লিয়া, চেণ্টেলা এছিয়াটিকা, অচিমাম চেণ্টাম।

ফাইটোফাৰ্মাচিউটিকেলসমূহে পৰম্পৰাগত ঔষধৰ জ্ঞান আৰু আধুনিক বৈজ্ঞানিক পদ্ধতিৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগক প্ৰতিনিধিত্ব কৰে, যি নিৰাপদ, ফলপ্ৰসূ আৰু প্ৰামাণিক উদ্ভিদ ভিত্তিক ঔষধৰ বিকাশত সহায় কৰে। ই ঔষধৰ আৱিষ্কাৰ, সুলভ স্বাস্থ্যসেৱা আৰু বিশ্বৰ ঔষধ খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান অৱদানত অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে।

আই পি পি আৰ এছ আৰু আই পি বি আৰ এছ আৰম্ভ হোৱাৰ লগে লগে উদ্ভিদৰ পৰা আহৰণ কৰা ঔষধজাত সামগ্ৰীৰ বৈজ্ঞানিক প্ৰামাণিককৰণ, গুণগত নিশ্চয়তা আৰু নিয়ন্ত্ৰণমূলক মূল্যায়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি চিহ্নিত হৈছে। এই ৰেফাৰেন্স মানসমূহে ফাইটোফাৰ্মাচিউটিকেলৰ প্ৰমাণভিত্তিক বিকাশ, গুণগত নিয়ন্ত্ৰণ আৰু চিকিৎসামূলক মূল্যায়নত সহায় কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত ইয়াৰ বৈজ্ঞানিক আৰু নিয়ন্ত্ৰণমূলক ভেটি শক্তিশালী হ’ব।

এই মানসমূহ উন্মোচন কৰি এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিকে সভাত ভাষণ দিয়ে। তেওঁ এই পদক্ষেপক বনৌষধি আৰু উদ্ভিদ ভিত্তিক ঔষধজাত সামগ্ৰীৰ গুণগত মান, সুৰক্ষা আৰু বৈজ্ঞানিক বৈধতা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে।

উদ্বোধনী ভাষণত ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগৰ সচিব তথা বৈজ্ঞানিক সঞ্চালক ড০ ভি কলাইচেলভানে ফাইটোফাৰ্মাচিউটিকেলৰ বাবে শক্তিশালী গুণগত মান নিশ্চিত কৰাৰ ক্ষেত্ৰত এন আই পি আৰ গুৱাহাটী পৰীক্ষাগাৰৰ সৈতে সহযোগিতাৰে কাম কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বৈজ্ঞানিক প্ৰামাণিককৰণক আগুৱাই নিয়া আৰু গুণগত মান নিশ্চিত কৰা উদ্ভিদ ভিত্তিক ঔষধজত সামগ্ৰীৰ প্ৰসাৰৰ বাবে এনে সহযোগিতামূলক প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ।

এই অনুষ্ঠানত চিডিএছচিঅ’(ইজেড)ৰ ডিডিচি(আই) ড০ বি কুমাৰ আৰু নাগালেণ্ডৰ এডিচি ড০ এথেংবেমো আজুঙৰ লগতে নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, শৈক্ষিক আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলেও অংশগ্ৰহণ কৰে।

বৈঠকত ঔষধি উদ্ভিদৰ পৰা আহৰণ কৰা প্ৰমাণভিত্তিক ঔষধৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, এন আই পি আৰ গুৱাহাটী আৰু আই পি চিৰ বিশেষজ্ঞসকলৰ মাজত আলোচনাৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰা হয়। এই পদক্ষেপে নিৰাপদ, ফলপ্ৰসূ আৰু সুলভ উদ্ভিদভিত্তিক চিকিৎসা বিকল্পৰ উপলব্ধতা শক্তিশালী কৰাৰ লগতে বনৌষধি আৰু ফাইটোফাৰ্মাচিউটিকেল ঔষধৰ ক্ষেত্ৰত অধিক গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক অগ্ৰগতিৰ প্ৰসাৰ ঘটাব বুলি আশা কৰা হৈছে।

 

 

*****

 

 

SR/KD


(ৰিলিজ আই ডি : 2304370) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी