খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
ভাৰতৰ বৈচিত্ৰ্যময় ক্ষুদ্ৰ খাদ্য উদ্যোগসমূহক উদ্ভাসিত কৰি তোলা পিএমএফএমই বজাৰ উদ্বোধন কৰিলে চিৰাগ পাছোৱানে
পোষ্ট কৰা হৈছে:
24 AUG 2026 9:08PM by PIB Guwahati
খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে ২০২৬ চনৰ ২৪–২৫ আগষ্টত নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত পিএমএফএমই কনক্লেভ ২০২৬ৰ আয়োজন কৰিছে, য’ত ৫০০ৰো অধিক অংশীদাৰক একত্ৰিত কৰি ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা আৰু বিত্ত, প্ৰযুক্তি তথা বজাৰৰ সুবিধা বৃদ্ধিৰ বিষয়ত ব্যাপক চৰ্চা কৰা হৈছে।

এই কনক্লেভ উদ্বোধন কৰে খাদ্য সংসাধন উদ্যোগৰ মাননীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছোৱান ডাঙৰীয়াই । তেওঁ দুদিনীয়া এই অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ পিএমএফএমই বজাৰখনো উদ্বোধন কৰে। বজাৰখনত ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰদৰ্শকসকলে ভাৰতৰ চহকী ৰন্ধন শৈলী আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰা অনন্য, জাতিগত আৰু পৰম্পৰাগত খাদ্য সামগ্ৰীৰ বিস্তৃত প্ৰদৰ্শন কৰিছে।

বজাৰখন পৰিদৰ্শনৰ সময়ত মাননীয় মন্ত্ৰীগৰাকীয়ে পিএমএফএমইৰ হিতাধিকাৰী আৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে, তেওঁলোকৰ সামগ্ৰীসমূহৰ বিষয়ে বুজ লয় আৰু তেওঁলোকৰ উদ্যোগীকৰণ যাত্ৰাৰ শলাগ লয়। এই প্ৰদৰ্শনীয়ে ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, আত্মসহায়ক গোট (এছ এইচ জি), কৃষক উৎপাদক সংস্থা (এফ পি অ’), সমবায় আৰু ব্যক্তিগত উদ্যোগীসকলৰ বাবে নিজৰ সামগ্ৰী প্ৰদৰ্শন, ক্ৰেতাৰ সৈতে সংযোগ স্থাপন তথা নতুন বজাৰৰ সুযোগ অন্বেষণৰ বাবে এক মঞ্চ প্ৰদান কৰিছে।
.

পিএমএফএমই বজাৰত সংসাধিত খাদ্য, বাজৰা ভিত্তিক সামগ্ৰী, মছলা, আচাৰ, জলপান, পানীয় তথা অন্যান্য মূল্য সংযোজিত সামগ্ৰীকে ধৰি অঞ্চল নিৰ্দিষ্ট আৰু পৰম্পৰাগত খাদ্য সামগ্ৰীৰ এক আকৰ্ষণীয় পৰিসৰত একত্ৰিত কৰা হৈছে। এই প্ৰদৰ্শনীয়ে পিএমএফএমই আঁচনিৰ অধীনত সহায়ৰ জৰিয়তে স্থানীয় কেঁচামাল, পৰম্পৰাগত জ্ঞান আৰু তৃণমূল পৰ্যায়ৰ উদ্যোগীকৰণক বজাৰ উপযোগী খাদ্য সামগ্ৰীলৈ কেনেকৈ ৰূপান্তৰিত কৰিছে সেই দিশটোক উজ্জ্বল কৰি তুলিছে। বজাৰখনৰ জড়িয়তে হিতাধিকাৰীসকলে নিজৰ স্থানীয় বজাৰৰ বাহিৰত নিজৰ উপস্থিতি সাৱস্ত্য কৰাৰ সুবিধা দিয়াৰ লগতে লগতে প্ৰতিষ্ঠানিক ক্ৰয়, আধুনিক খুচুৰা পদ্ধতি , ডিজিটেল বাণিজ্য আৰু ৰপ্তানি বজাৰত সুযোগ বিচাৰি উলিওৱাৰ বাবেও এক মঞ্চ হিচাপে কাম কৰিছে। ই স্থানীয় পৰ্যায়ত উৎপাদনৰ লগতে ক্ষুদ্ৰ উদ্যোগসমূহক শক্তিশালী ব্ৰেণ্ডিং, পেকেজিং, গুণগত মান, বজাৰত প্ৰৱেশ আৰু বাণিজ্যিক বহনক্ষমতাৰ দিশত আগুৱাই নিয়াৰ বিষয়ত মন্ত্ৰালয়ৰ গুৰুত্বৰ কথাই প্ৰতিফলিত কৰিছে।

দুদিনীয়া কনক্লেভে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি, জিলা ন’ডেল বিষয়া, জিলা সমল ব্যক্তি, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, মন্ত্ৰালয় আৰু চৰকাৰী সংস্থা, কাৰিকৰী প্ৰতিষ্ঠান, উদ্যোগ সংস্থা, ইনকিউবেচন কেন্দ্ৰ আৰু পিএমএফএমই হিতাধিকাৰীৰ প্ৰতিনিধিসকলক একত্ৰিত কৰিছে । এই কাৰ্যসূচীয়ে জ্ঞান বিনিময়, অভিসৰণ আৰু সফল অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে এক মঞ্চ প্ৰদান কৰিছে । উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীযুত দেৱেশ দেৱলে, তাৰ পিছতে মন্ত্ৰালয়ৰ সচিব শ্ৰী অবিনাশ যোশীয়ে ভাষণ প্ৰদান কৰে। এই কাৰ্যসূচীত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনাজনোৱাৰ লগতে পিএমএফএমইৰ বিষয়ত নিৰ্মাণ কৰা এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়।
অনুষ্ঠানত আগবঢ়োৱা চমু ভাষণত মাননীয় মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ লগতে উদ্যোগীসকলে কেৱল আৰ্থিক সাহায্যৰ জৰিয়তেই নহয়, প্ৰযুক্তি, সামৰ্থ্য বিকাশ, গুণগত মান, ব্ৰেণ্ডিং আৰু বজাৰত প্ৰৱেশৰ দৰে ক্ষেত্ৰতো সহায় লাভ কৰাটো নিশ্চিত কৰাৰ বিষয়ত আলোকপাত কৰে। তেওঁ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ নিত্য-নতুন প্ৰয়োজনীয়তাসমূহৰ প্ৰতি সঁহাৰি জনাবলৈ অধিক শক্তিশালী আৰু অধিক ব্যাপক পিএমএফএমই ২.০ৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।উদ্বোধনী কাৰ্যসূচীৰ এক মূল আকৰ্ষণ আছিল পিএমএফএমইৰ হিতাধিকাৰীৰ ৩০টা সফলতাৰ কাহিনীৰে উন্মোচন কৰা এখন কফি টেবুল বুক , য’ত দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীকৰণৰ যাত্ৰাক প্ৰতিফলিত কৰা হৈছে । অনুষ্ঠানত খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ উন্নয়ন, উদ্ভাৱন, সফলতাৰ কাহিনী আৰু উদীয়মান ধাৰাসমূহ সন্নিবিষ্ট কৰা মন্ত্ৰালয়ৰ ত্ৰৈমাসিক আলোচনী ‘ফুডনোভা’ও উন্মোচন কৰা হয়। পিএমএফএমই হিতাধিকাৰীসকলৰ বাবে বজাৰ আৰু প্ৰতিষ্ঠানিক সংযোগ শক্তিশালী কৰাৰ বাবে এপেডা, অ’এনডিচি আৰু নেবকিছানৰ সৈতেও তিনিখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে বজাৰত ব্যাপক মাত্ৰাত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা, ডিজিটেল বাণিজ্যক প্ৰসাৰ ঘটোৱা আৰু ঘৰুৱা তথা ৰপ্তানি বজাৰত ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে সুযোগৰ সৃষ্টি কৰা। কনক্লেভৰ প্ৰথম দিনটোত বিত্তীয় আৰু বহনক্ষমতাক সামৰি চাৰিখন বিষয়ভিত্তিক কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়;বিষয়সমূহ হৈছে- ইনকিউবেচন আৰু উদ্যোগীকৰণ; ঘৰুৱা আৰু বিশ্বজুৰি বজাৰৰ সংযোগ; ক্লাষ্টাৰ আৰু প্ৰতিষ্ঠানিক সহায়ৰ জৰিয়তে আত্ম সহায়ক গোটৰ নেতৃত্বত খাদ্য উদ্যোগসমূহক শক্তিশালী কৰা।

পিএমএফএমই বজাৰখন কনক্লেভৰ এক কেন্দ্ৰীয় বৈশিষ্ট্য হৈ পৰে , যিয়ে ভাৰতৰ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ সৃষ্টিশীলতা, বৈচিত্ৰ্য আৰু বাণিজ্যিক সম্ভাৱনাৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ সুবিধা প্ৰদান কৰিছে। ই বজাৰৰ শক্তিশালী সংযোগ সৃষ্টি আৰু তৃণমূল পৰ্যায়ৰ উদ্যোগীসকলক স্থানীয় সামগ্ৰীসমূহক ঘৰুৱা আৰু বিশ্বজোৰা প্ৰসাৰতাৰে প্ৰতিযোগিতামূলক ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰাৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে ।
এইদৰে পিএমএফএমই কনক্লেভ ২০২৬-এ নীতি, বিত্ত, প্ৰযুক্তি, উদ্যোগীকৰণ আৰু বজাৰসমূহক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিছে। একে সময়তে ক্ষুদ্ৰ খাদ্য উদ্যোগীসকলৰ কৃতিত্বক উদযাপন কৰে। লগতে এক শক্তিশালী, বজাৰমুখী আৰু বিশ্বজোৰা প্ৰতিযোগিতামূলক ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ড গঢ়ি তোলাৰ বাবে সহযোগিতাৰে পৰিকল্পনা প্ৰস্তুতৰ বাট মুকলি কৰি দিছে।

****
CMC – Media/DM
(ৰিলিজ আই ডি : 2303476)
অতিথি কক্ষ : 11