ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

শিক্ষাৰ্থীসকল হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ভৱিষ্যতঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ

পোষ্ট কৰা হৈছে: 24 AUG 2026 6:22PM by PIB Guwahati

১. ভাৰতীয় নিৰ্বাচন আয়োগে (ই চি আই) আজি লক্ষ্ণৌত "নিৰ্বাচনী সাক্ষৰতা ক্লাব (ই এল চি ২.০) আৰু ই চি আই এন ই টি" শীৰ্ষক দ্বিতীয়খন আঞ্চলিক সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনত শিক্ষা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে যুৱ নাগৰিকসকলৰ মাজত নিৰ্বাচনী সাক্ষৰতা আৰু গণতান্ত্ৰিক সজাগতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

২. সমগ্ৰ উত্তৰ প্ৰদেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষককে ধৰি অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ভৱিষ্যত আখ্যা দি কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জ্ঞান আৰু বোধগম্যতা আগবঢ়াই নিয়া তথা গণতন্ত্ৰ সমৃদ্ধ কৰাৰ বাবে নিৰ্বাচনী সাক্ষৰতা ক্লাবসমূহ অপৰিহাৰ্য।

৩. মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ভাৰতত নিৰ্বাচন দেশৰ সংবিধান, আইন আৰু নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কঠোৰভাৱে অনুষ্ঠিত কৰা সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰাৰ লগতে সকলো পৰ্যায়ত ৰাজনৈতিক দল, প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিসকলৰ সমান্তৰাল পৰ্যবেক্ষণৰ অধীনত স্বচ্ছভাৱে অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু যুৱ ভোটাৰসকলক ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা, গণতান্ত্ৰিক মূল্যবোধ, নিৰ্বাচনী পঞ্জীয়ন, ভোটদান আৰু গণনা প্ৰক্ৰিয়া, ভাৰতৰ নিৰ্বাচন আয়োগৰ ভূমিকা তথা কাৰ্যকলাপৰ সৈতে পৰিচিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৪. যুৱ নাগৰিকসকলক জড়িত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁলোকৰ বিশ্বাস আৰু জ্ঞাত অংশগ্ৰহণ গণতন্ত্রৰ ভৱিষ্যতৰ বাবে এক বিনিয়োগ।

৫. "গণতন্ত্ৰ শিকা, গণতন্ত্ৰক নেতৃত্ব দিয়া" টেগলাইনৰ সৈতে নিৰ্বাচনী সাক্ষৰতা ক্লাব ২.০ য়ে গণতন্ত্ৰক বুজি পোৱাৰ লগতে অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰা তথা ইয়াৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যক শক্তিশালী কৰে।

৬. ইয়াৰ পূৰ্বে শ্ৰী জ্ঞানেশ কুমাৰে তেওঁ কৰি অহা কলভিন তালুকদাৰ মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক তথা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। কাইলৈ, ভ্ৰমণৰ দ্বিতীয় দিনা, মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে উত্তৰ প্ৰদেশৰ বুথ স্তৰৰ বিষয়াসকলৰ (বিএলঅ’) সৈতে মত বিনিময় কৰিব।

৭. নিৰ্বাচনী সাক্ষৰতা ক্লাব ২.০ কাৰ্যসূচীয়ে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিৰ্বাচনী সাক্ষৰতা ক্লাবসমূহক গঠনমূলক, দৃশ্যমান আৰু ডিজিটেলভাৱে সক্ষম মঞ্চ হিচাপে পুনৰ চিত্ৰায়িত কৰে। এই প্ৰচেষ্টাত যুৱ নাগৰিকসকলৰ মাজত নিৰ্বাচনী সাক্ষৰতা আৰু তেওঁলোকৰ পৰিয়াল, শিক্ষা প্ৰতিষ্ঠান তথা সম্প্ৰদায়ৰ ভিতৰত নিৰ্বাচনী সজাগতা বৃদ্ধিৰ বাবে বছৰজুৰি নিৰন্তৰ কাৰ্যকলাপৰ পৰিকল্পনা কৰা হৈছে।

৮. নিৰ্বাচনী সাক্ষৰতা ক্লাব ২.০ কাৰ্যসূচীয়ে এটা বুটামৰ ক্লিকত নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য তথা সেৱা প্ৰদান কৰা বিস্তৃত ই চি আই এন ই ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিব । ইচিনেটত এটা সমৰ্পিত ইএলচি প’ৰ্টেল ব্যৱহাৰ কৰি সমগ্ৰ ভাৰততে নিৰ্বাচনী সাক্ষৰতা ক্লাবৰ এক সুচল নেটৱৰ্ক গঢ়ি তোলা হ’ব।

৯. প্ৰায় ২৫ কোটি শিক্ষাৰ্থী আৰু এক কোটিৰো অধিক শিক্ষকৰ সৈতে প্ৰায় ১৫ লাখ বিদ্যালয়ৰে গঠিত ভাৰতৰ ব্যাপক শৈক্ষিক পৰিৱেশ তন্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। উচ্চ শিক্ষা খণ্ডত প্ৰায় ১,৫০০ বিশ্ববিদ্যালয় আৰু প্ৰায় ৭০,০০০ শিক্ষা প্ৰতিষ্ঠান আছে, য'ত আনুমানিক ৪.৩৩ কোটি শিক্ষাৰ্থী নামভৰ্তি হৈ আছে।

১০.এই বিস্তৃত প্ৰতিষ্ঠানিক নেটৱৰ্কৰ জৰিয়তে, নিৰ্বাচনী সাক্ষৰতা ক্লাব ২.০ কাৰ্যসূচীয়ে বাস্তৱিক আৰু পৰীক্ষামূলক নিৰ্বাচনী শিক্ষাৰ প্ৰচাৰ, ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা, সংহতি আৰু বিশ্বাসযোগ্যতাৰ বিষয়ে সজাগতা বৃদ্ধি  তথা যুৱ নাগৰিকসকলক তথ্যসহ গণতান্ত্ৰিক অংশগ্ৰহণৰ আদৰ্শ হ'বলৈ উৎসাহিত কৰিব বিচাৰে।

১১.ই চি আই এন ই টি এপ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ অন্যান্য গুৰুত্বপূৰ্ণ পদক্ষেপৰ লগতে নিৰ্বাচনী পঞ্জীয়ন, ভোটদান আৰু গণনাকে ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে তথ্য প্ৰচাৰৰ বাবে নিৰ্বাচনী সাক্ষৰতা ক্লাব সমূহে মঞ্চ হিচাপেও কাম কৰিব।

*****

PK/GDH/RP/DD


(ৰিলিজ আই ডি : 2303376) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Telugu