শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ই পি এফৰ (EPF) পৰিসৰৰ বাহিৰত থকা কৰ্মচাৰীসকলৰ বাবে সামাজিক নিৰাপত্তা নিশ্চিত কৰিবলৈ ই পি এফ অ'য়ে প্ৰতিষ্ঠানসমূহক 'কৰ্মচাৰী পঞ্জীয়ন অভিযান, ২০২৬'ৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে

प्रविष्टि तिथि: 22 AUG 2026 11:08AM by PIB Guwahati

কৰ্মচাৰী ভৱিষ্যনিধি সংঠনে প্ৰতিষ্ঠানসমূহক ২৯ জুন, ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচিত কৰা 'কৰ্মচাৰী পঞ্জীয়ন অভিযান, ২০২৬'ৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এই অভিযানে ২০০৯ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ই পি এফৰ পৰিসৰৰ বাহিৰত থকা যোগ্য কৰ্মচাৰীসকলক পঞ্জীয়ন কৰাৰ বাবে এক বিশেষ এককালীন সুযোগ প্ৰদান কৰে।

এই অভিযান ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে চলিব আৰু ইয়াৰ লক্ষ্য হৈছে নিয়োগকৰ্তাসকলৰ দ্বাৰা নিয়মাৱলীৰ স্বেচ্ছামূলক অনুপালন সহজতৰ কৰা আৰু লগতে যোগ্য শ্ৰমিকসকলক ভৱিষ্যনিধি, পেঞ্চন আৰু বীমাৰ সুবিধাসমূহ প্ৰদান কৰা।

ই ই চি ২০২৬-ৰ অধীনত, যোগ্য নিয়োগকৰ্তাসকলে নিৰ্ধাৰিত সময়ছোৱাত ই পি এফ পৰিসৰৰ পৰা বাদ পৰা আৰু ঘোষণা কৰা তাৰিখত জীৱিত থকা লগতে প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক ঘোষণা আৰু পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ অনুপালন নিয়মীয়া কৰাত সুবিধা হোৱাকৈ এই অভিযানে নিৰ্দিষ্ট ৰেহাই প্ৰদান কৰে, য'ত অভিযানৰ চৰ্ত সাপেক্ষে, আগতে কৰ্তন নকৰা কৰ্মচাৰীৰ অংশৰ ৰেহাই অন্তৰ্ভুক্ত।

নিয়োগকৰ্তাসকলে নিৰ্ধাৰিত অনলাইন ব্যৱস্থাৰ জৰিয়তে পঞ্জীয়ন আৰু ধন জমা দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। প্ৰতিগৰাকী ঘোষিত কৰ্মচাৰীৰ বাবে উমং (UMANG) এপৰ জৰিয়তে এটা ফেচ অথেণ্টিকেচন (Face Authentication) ভিত্তিক ইউ এ এন প্ৰস্তুত কৰিব লাগিব আৰু ইলেক্ট্ৰনিক চালান-কাম-ৰিটাৰ্ণৰ জৰিয়তে বৰঙণিসমূহ জমা কৰিব লাগিব।

যোগ্য কৰ্মচাৰীসকলক বিধিৱদ্ধ সামাজিক নিৰাপত্তাৰ গাঁথনিৰ ভিতৰলৈ আনিবলৈ এক সুগঠিত ব্যৱস্থা প্ৰদান কৰি প্ৰতিষ্ঠান আৰু শ্ৰমিকসকলক লাভান্বিত কৰাই হৈছে এই অভিযানৰ উদ্দেশ্য। নিয়োগকৰ্তাসকলক তেওঁলোকৰ নিয়োগ আৰু মজুৰিৰ নথিপত্ৰ পৰীক্ষা কৰি নিৰ্ধাৰিত সময়ছোৱাত ই পি এফৰ পৰিসৰৰ বাহিৰত থাকি যোৱা যোগ্য কৰ্মচাৰীসকলক চিনাক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে।

নিয়োগকৰ্তা, কৰ্মচাৰী, প্ৰতিষ্ঠান, ঠিকাদাৰ আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ই ই চি ২০২৬-ৰ  মূল বৈশিষ্ট্যসমূহ প্ৰচাৰ কৰাৰ বাবে ই পি এফ অ'য়েও ব্যাপক সজাগতা আৰু প্ৰচাৰ কাৰ্যসূচী হাতত লৈছে। ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্বায়ত্ত্বশাসিত সংস্থা আৰু অন্যান্য সংস্থাসমূহক তেওঁলোকৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা প্ৰতিষ্ঠান আৰু সেৱা প্ৰদানকাৰীসকলৰ মাজত এই অভিযানটোৰ বহুল প্ৰচাৰ চলোৱাত সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে।

২০২৬ চনৰ ৩১ অক্টোবৰত অভিযানৰ সামৰণি পৰাৰ পূৰ্বে নিয়োগকৰ্তাসকলক এই এককালীন সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু যোগ্য কৰ্মচাৰীসকলৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

***

Rini Choudhury/RD


(रिलीज़ आईडी: 2302599) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , Marathi , हिन्दी , Tamil , Malayalam