প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নিঃস্বাৰ্থ সেৱা আৰু সমৰ্পণৰ মনোভাৱক আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

प्रविष्टि तिथि: 21 AUG 2026 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নদীসমূহৰ নিৰন্তৰ প্ৰবাহে আমাক এই কথা শিকায় যে মানৱতাৰ কল্যাণৰ বাবে কেনেকৈ সামৰ্থ্যসমূহ ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে নিঃস্বাৰ্থ সেৱা, সমৰ্পণ আৰু দয়াৰ মনোভাৱে ৰাষ্ট্ৰখনক এটা নতুন দিশ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-

“जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”

সুভাশিতমত এইবুলি কোৱা হৈছে যে আনৰ সেৱা আৰু কল্যাণৰ বাবে আপোনাৰ জীৱন উচৰ্গা কৰক। যেনেদৰে নদীবোৰ নিৰন্তৰ আৰু নিঃস্বাৰ্থভাৱে বৈ থাকে, অৱশেষত সাগৰৰ সৈতে মিলিত হোৱাৰ পূৰ্বে নিজৰ জলধাৰাৰ সৈতে অগণিত ৰূপ ধাৰণ কৰে, ঠিক তেনেদৰে আমি আমাৰ সময়, সামৰ্থ্য আৰু সম্পদ আনৰ কল্যাণৰ বাবে উচৰ্গা কৰা উচিত। মানৱ জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু পূৰ্ণতা নিঃস্বাৰ্থ সেৱা, সহানুভূতি আৰু সকলোৰে কল্যাণৰ সৈতে নিহিত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘নদীসমূহৰ নিৰন্তৰ প্ৰবাহে আমাক এই কথা শিকায় যে মানৱতাৰ কল্যাণৰ বাবে কেনেকৈ সামৰ্থ্যসমূহ ব্যৱহাৰ কৰিব পৰা যায়। নিঃস্বাৰ্থ সেৱা, সমৰ্পণ আৰু দয়াৰ মনোভাৱে ৰাষ্ট্ৰখনক এটা নতুন দিশ প্ৰদান কৰে।

जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥’

****

MJPS/SS/ST/NB


(रिलीज़ आईडी: 2301844) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Gujarati , Telugu , Kannada