বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়ানথুঙ্গো পেটনৰ ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ; উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু সংযোগৰ বিষয়ে আলোচনা
প্ৰধানমন্ত্ৰী মোদীৰ অধীনত নিৰন্তৰ মনোযোগৰ জৰিয়তে উত্তৰ-পূব ৰাষ্ট্ৰীয় বিকাশৰ মূলসুঁতিৰ ওচৰ চাপিছেঃ ড০ জিতেন্দ্ৰ সিং
পোষ্ট কৰা হৈছে:
20 AUG 2026 3:15PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূবিজ্ঞানৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ) আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ তথা পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে যোৱা বাৰ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ উন্নয়নমুখী দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ পৰিণতি প্ৰতিফলিত হৈছে।
মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবক ৰাষ্ট্ৰীয় উন্নয়ন কার্যসূচীত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে অঞ্চলটোৱে আজি সংযোগ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক সুযোগৰ এক নতুন পৰ্যায়ৰ সাক্ষী হৈছে। পথ আৰু ৰে’লপথৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ, জলপথ আৰু ডিজিটেল সংযোগলৈকে, অঞ্চলটোত উন্নয়নৰ এক দৃশ্যমান উত্তৰণৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ দেশৰ বাকী অংশৰ ওচৰ চাপিছে আৰু বিকাশৰ বাবে নতুন পথ মুকলি হৈছে।
নাগালেণ্ডৰ গৃহ আৰু সীমান্ত পৰিক্ৰমাৰ ভাৰপ্ৰাপ্ত উপ-মুখ্যমন্ত্ৰী শ্ৰী য়ান্থুংগো পেটনে ৱোখা জিলাৰ জনসাধাৰণৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁক সাক্ষাৎ কৰাৰ সময়ত ড০ জিতেন্দ্ৰ সিঙে এই কথা কয়। প্ৰতিনিধি দলটোৰ ভিতৰত আছিল ৩৯ ছানীছ বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি উপদেষ্টা শ্ৰী মহাথুঙ ইয়ানথান; ৩৮ ৱোখা বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা বিধায়ক শ্ৰী ৱাই মহোনবেমো হুমছ’ই আৰু ৪০ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা বিধায়ক তথা এছ পি ডি বি ভাণ্ডাৰীৰ অধ্যক্ষ শ্ৰী আচুম্বেমো কিক’ন। এই মতবিনিময়কালত যোগাযোগ, আন্তঃগাঁথনি, জীৱিকা আৰু মানুহ-বন্যপ্ৰাণী সংঘাতৰ সৈতে সম্পৰ্কিত বিভিন্ন উন্নয়নমূলক বিষয় সামৰি লোৱাৰ লগতে নাগালেণ্ড আৰু উত্তৰ-পূব অঞ্চলৰ বিস্তৃত উন্নয়নৰ গতিপথৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰা হয়।
ড০ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ-পূবৰ উন্নয়নক এতিয়া দেশৰ সামগ্ৰিক বিকাশৰ যাত্ৰাৰ পৰা পৃথকভাৱে চোৱা নহয়। উন্নত সংযোগ আৰু আন্তঃগাঁথনিৰ ফলত অঞ্চলটো ভাৰতৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে আৰু দেশৰ এক্ট ইষ্ট নীতিৰ এক প্ৰাকৃতিক প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ কয় যে যোৱা বাৰ বছৰত অঞ্চলটোত লাভ কৰা অগ্ৰগতিয়ে ভৌগোলিক প্ৰত্যাহ্বান অতিক্ৰম কৰা নীতিৰ গুৰুত্ব প্ৰতিফলিত কৰাৰ লগতে দূৰত্ব উন্নয়নৰ বাবে বাধা নহয় বুলি নিশ্চিত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংযোগ এই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু হৈ আহিছে। পথ আৰু ঘাইপথসমূহে বজাৰ আৰু অত্যাৱশ্যকীয় সেৱাসমূহলৈ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰিছে, ৰে’লপথৰ সংযোগ ক্ৰমান্বয়ে ৰাজ্যৰ ৰাজধানী আৰু দূৰৱৰ্তী অঞ্চলসমূহলৈ সম্প্ৰসাৰিত কৰিছে, আনহাতে বিমান সংযোগে পৰ্যটন, বাণিজ্য, স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। আভ্যন্তৰীণ জলপথসমূহেও পৰিবহণৰ এক বিকল্প আৰু বহনক্ষম মাধ্যম হিচাপে গুৰুত্ব লাভ কৰাৰ ফলত বাকী ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ সৈতে অঞ্চলটোৰ সংযোগ অধিক শক্তিশালী হৈছে।
উত্তৰ-পূবত বিমান সংযোগৰ সম্প্ৰসাৰণে এই পৰিৱৰ্তনৰ এক বিশেষভাৱে দৃশ্যমান উদাহৰণ দাঙি ধৰে। অঞ্চলটোত কাৰ্য্যকৰী বিমানবন্দৰৰ সংখ্যা ২০১৪ চনত ৯ ৰ পৰা ২০২৬ চনত ১৭ লৈ বৃদ্ধি পাইছে, যি হৈছে ৭৮ তাংশ বৃদ্ধি। নতুন বিমানবন্দৰৰ বিকাশ আৰু পূৰ্বৰ বিমান পৰিবহণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ফলত কঠিন ভূখণ্ড আৰু বিক্ষিপ্ত বসতিৰ দ্বাৰা চিহ্নিত অঞ্চলটোত যাতায়াত আৰু যোগাযোগ যথেষ্ট উন্নত হৈছে।
উড়ান আঞ্চলিক সংযোগ আঁচনিখনে উত্তৰ-পূবত বিমান পৰিবহণৰ সুবিধা আৰু অধিক সম্প্ৰসাৰিত কৰিছে। সৰু চহৰসমূহক আঞ্চলিক কেন্দ্ৰ আৰু মুখ্য চহৰৰ সৈতে সংযোগ কৰি প্ৰায় ৯০টা আঞ্চলিক পথ কাৰ্য্যকৰী কৰা হৈছে। পাকিয়ং আৰু হলোংগীৰ দৰে বিমানবন্দৰ তথা তেজু আৰু ৰূপসীকে ধৰি স্থানসমূহত উন্নত সুবিধা আৰু নতুন তথা শক্তিশালী বিমান পৰিবহন ব্যৱস্থাই এক বিস্তৃত আঞ্চলিক বিমান পৰিবহণ নেটৱৰ্কত অৰিহণা যোগাইছে।
মন্ত্ৰীগৰাকীয়ে কয় যে উন্নত সংযোগৰ প্ৰভাৱ পৰিবহণৰ বাহিৰেও বহু দূৰলৈ সম্প্ৰসাৰিত হৈছে। দ্ৰুত আৰু সূচল চলাচলৰ ফলত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত হয়, পৰ্যটন আৰু স্থানীয় ব্যৱসায় শক্তিশালী হয়, কৃষি আৰু অন্যান্য সামগ্ৰীৰ চলাচল সহজ হয় আৰু নিযুক্তি আৰু বিনিয়োগৰ বাবে নতুন সুযোগ সৃষ্টি হয়। তেওঁ কয় যে উত্তৰ-পূবৰ দৰে কঠিন ভূখণ্ডত সংযোগ পোনপটীয়াকৈ জীৱনৰ মান আৰু সম্প্ৰদায়সমূহৰ অৰ্থনৈতিক সবলীকৰণৰ সৈতে জড়িত।
তেওঁ ঘাইপথ, ৰে’লপথ, জলপথ আৰু ডিজিটেল সংযোগকে ধৰি অঞ্চলটোত আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। উদাহৰণস্বৰূপে, উত্তৰ-পূবত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ২০১৪ চনত এটাৰ পৰা ২০২৪ চনত ২০ লৈ বৃদ্ধি পাইছে, আনহাতে ডিজিটেল আন্তঃগাঁথনি যথেষ্ট সম্প্ৰসাৰিত হৈছে, হাজাৰ গ্ৰাম পঞ্চায়তক উচ্চ গতিৰ ইণ্টাৰনেট সংযোগলৈ অনা হৈছে।
ড০ জিতেন্দ্ৰ সিঙে কয় যে এই উন্নয়নৰ গতিশীলতাই উত্তৰ-পূৰ্বাঞ্চলক ভৌগোলিকভাৱে দূৰত্বত থকাৰ ধাৰণাৰ পৰা কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত গুৰুত্বৰ অঞ্চললৈ উন্নীত হোৱাত সহায় কৰিছে। তেওঁ কয় যে অঞ্চলটোৰ যুৱ জনসংখ্যা, প্ৰাকৃতিক সম্পদ, জৈৱ বৈচিত্ৰ্য আৰু কৌশলগত অৱস্থানে বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰে, যদিহে আন্তঃগাঁথনিৰ বিকাশৰ সৈতে উদ্যোগশীলতা, উদ্ভাৱন, পৰ্যটন, কৃষি আৰু দক্ষতা বিকাশৰ সুযোগ থাকে।
এই বৃহত্তৰ উন্নয়নৰ পটভূমিৰ বিপৰীতে প্ৰতিনিধি দলটোৱে ৱোখা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ সৈতে জড়িত কেইবাটাও নিৰ্দিষ্ট বিষয় উত্থাপন কৰে। ইয়াৰ ভিতৰত গোলাঘাটলৈকে ৱোখা-মেৰাপানী পথটোক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ, ৱোখা-বোকাজন পথৰ উন্নয়ন আৰু ৱোখা জিলা সদৰত জিলা কাৰ্যালয় কমপ্লেক্স, বহুমুখী বজাৰ কমপ্লেক্স, ষ্টেডিয়াম আৰু প্ৰৱেশ পথকে ধৰি আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা উল্লেখযোগ্য। প্ৰতিনিধিসকলে ক্ষয় আৰু ভূমিস্খলনৰ ফলত উদ্ভৱ হোৱা পথৰ দুৰৱস্থা আৰু ইয়াৰ ফলত চলাচল আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত পৰা প্ৰভাৱৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে।
ৱোখা জিলাত মানুহ-হাতীৰ সংঘাতৰ বিষয়টোও আলোচনা কৰা হয়। প্ৰতিনিধিসকলে শস্য ধ্বংস, সম্পত্তিৰ ক্ষতি আৰু স্থানীয় সম্প্ৰদায়ৰ সুৰক্ষা তথা জীৱিকা সম্পৰ্কীয় উদ্বেগৰ বিষয়ে কোৱাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে এক ব্যাপক নীতিগত সঁহাৰি আৰু বিশেষ পেকেজ বিচাৰে। ডাঃ সিঙে কয় যে এনে প্ৰত্যাহ্বানৰ বাবে এনে এক দৃষ্টিভংগীৰ প্ৰয়োজন যি সংশ্লিষ্ট সংস্থাসমূহৰ মাজত উপযুক্ত সমন্বয়ৰ সৈতে স্থানীয় জীৱিকা আৰু অঞ্চলটোৰ চহকী বন্যপ্ৰাণী দুয়োকে সুৰক্ষিত কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত উত্থাপন কৰা উন্নয়নমূলক দিশবোৰ সমগ্ৰ উত্তৰ-পূবত সংযোগ আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বৃহৎ প্ৰচেষ্টা সন্দৰ্ভত বিবেচনা কৰা হ'ব। তেওঁ কয় যে ইয়াৰ উদ্দেশ্য কেৱল ভৌতিক আন্তঃগাঁথনি সৃষ্টি কৰাই নহয়, বৰঞ্চ উন্নত সংযোগক উন্নত সুযোগ, শক্তিশালী জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ বিকাশৰ যাত্ৰাত অঞ্চলটোৰ অধিক অংশগ্ৰহণ সুনিশ্চিত কৰা।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বাৰ বছৰত সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান পৰিৱৰ্তনে উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক শক্তিশালী ভেটিৰ সৃষ্টি কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰৰ দৃষ্টিভংগী হৈছে বিশেষ সাংস্কৃতিক, পৰিৱেশগত আৰু সামাজিক শক্তি সংৰক্ষণ কৰি অঞ্চলটোক ৰাষ্ট্ৰীয় মূলসুঁতিৰ ওচৰলৈ অনা।
ড০ জিতেন্দ্ৰ সিঙে আস্থা প্ৰকাশ কৰে যে কেন্দ্ৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত অব্যাহত থকা অংশীদাৰিত্বই অঞ্চলটোৰ উন্নয়নক আৰু অধিক ত্বৰান্বিত কৰিব। তেওঁ কয় যে উন্নত সংযোগ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বৰ্ধিত অৰ্থনৈতিক সুযোগৰ সৈতে, ভাৰতৰ বিকাশ তথা উন্নয়নত ইয়াৰ সম্পূৰ্ণ সামৰ্থ্য অৰ্পণ কৰি বিকশিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিবলৈ উত্তৰ-পূব সাজু হৈছে।


*****
NKR/AK/DD
(ৰিলিজ আই ডি : 2301563)
অতিথি কক্ষ : 5