প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অসাধাৰণ ৰাজনৈতিক কৌশল আৰু সুশাসনৰ ক্ষেত্ৰত চিৰস্থায়ী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে
प्रविष्टि तिथि:
16 AUG 2026 9:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা উল্লেখযোগ্য দৃষ্টিভংগীৰে পৰিপুষ্ট মহান ৰাষ্ট্ৰনেতাজনক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অটলজীৰ কথা আৰু প্ৰচেষ্টাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ নেতৃত্বই আমাৰ দেশক শক্তিশালী কৰি তুলিছিল। তেওঁ এই কথাতো গুৰুত্ব আৰোপ কৰে যে সুশাসন আৰু জনকল্যাণৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীয়ে সদায় আমাক পথ প্ৰদৰ্শন কৰি থাকিব।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে :
"পুণ্য তিথিত অটলজীক স্মৰণ কৰিছো। উল্লেখযোগ্য দৃষ্টিভংগীৰে ধন্য এজন অসাধাৰণ ৰাষ্ট্ৰনেতা হিচাপে তেওঁ আমাৰ দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ কথা আৰু প্ৰচেষ্টাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ নেতৃত্বই আমাৰ দেশক শক্তিশালী কৰি তুলিছিল। সুশাসন আৰু জনকল্যাণৰ ক্ষেত্ৰত তেওঁৰ মনোনিৱেশে আমাক সদায় পথ প্ৰদৰ্শন কৰি থাকিব।"
************
MJPS/SS/PRK/KD
(रिलीज़ आईडी: 2300113)
आगंतुक पटल : 12