প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম জয়ন্তীত শ্ৰী অৰবিন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 15 AUG 2026 10:09AM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অৰবিন্দৰ জন্ম জয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে এগৰাকী   দাৰ্শনিক, জাতীয়তাবাদী, কবি আৰু চিন্তাবিদ শ্ৰী অৰবিন্দই ভাৰতৰ স্বাধীনতাৰ লগতে মানুহৰ  প্ৰগতিৰ বৃহত্তৰ অভিযানৰ বাবেও নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ বিভিন্ন  কামে সমগ্ৰ বিশ্বতে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। শ্ৰী মোদীয়ে কয় -অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল, আমাৰ দেশৰ  ভাগ্য আৰু মানুহৰ পৰিৱৰ্তনৰ সীমাহীন সম্ভাৱনাৰ প্ৰতিথকা  শ্ৰী অৰবিন্দৰ বিশ্বাস আজিও গভীৰভাৱে প্ৰাসংগিক হৈ আছে।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-

"শ্ৰী অৰবিন্দক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰিছো।"

এজন  দাৰ্শনিক, জাতীয়তাবাদী, কবি আৰু চিন্তাবিদ শ্ৰী অৰবিন্দই  ভাৰতৰ স্বাধীনতাৰ লগতে মানৱ প্ৰগতিৰ বৃহত্তৰ অভিযানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ বিভিন্ন বিষয়ৰ ৰচনাসমূহে সমগ্ৰ বিশ্বতে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাৰ দেশৰ ভাগ্য আৰু মানৱ পৰিৱৰ্তনৰ সীমাহীন সম্ভাৱনাৰ প্ৰতি থকা তেওঁৰ বিশ্বাস গভীৰভাৱে প্ৰাসংগিক হৈয়েই আছে।"

 

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2299784) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam