গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এআই-চালিত চাইবাৰ অপৰাধ প্ৰতিৰোধ আৰু ডিজিটেল পৰিচয় সুৰক্ষা

प्रविष्टि तिथि: 12 AUG 2026 4:50PM by PIB Guwahati

‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। সেই অনুসৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ (UT) চাইবাৰ অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (MHA) জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ ব্যৱস্থাপনা আৰু বলবৎকৰণৰ ক্ষমতা সুদৃঢ় কৰিবলৈ নীতিগত নিৰ্দেশনা, প্ৰযুক্তিগত সমৰ্থন, সামৰ্থ্য-বিকাশৰ সহায় আৰু আৰ্থিক সম্পদ আগবঢ়াই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰচেষ্টাক পৰিপূৰণ কৰে।

 

এআই-আধাৰিত চাইবাৰ অপৰাধকে প্ৰমুখ্য কৰি চাইবাৰ অপৰাধক ব্যাপক আৰু সমন্বিতভাৱে মোকাবিলাকৰণৰ ব্যৱস্থাক সুদৃঢ়কৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি হৈছেঃ

 

  1. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সংলগ্ন কাৰ্য্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।
  2. I4C-ৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্টিং পৰ্টেল’ (NCRP) (https://cybercrime.gov.in)-ৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনা সম্পৰ্কে অৱগত কৰিব পাৰে।
  3. ২০২১-ত বিত্তীয় জালিয়াতি সম্পৰ্কে তাৎক্ষণিকভাৱে অৱগতকৰণৰ বাবে I4C-ৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেম’ (CFCFRMS) আৰম্ভ কৰা হৈছে। I4C-ৰ দ্বাৰা পৰিচালিত চিএফচিএফআৰএমএছ অনুসৰি ৩০-০৬-২০২৬ লৈকে ৩২.৮০ লাখৰো অধিক অভিযোগত ১১,১৫৮ কোটি টকাৰো অধিক ধন সংৰক্ষিত হৈছে। অনলাইন মাধ্যমেৰে চাইবাৰ অভিযোগ দাখিল কৰাত সহায়ৰ অৰ্থে এটা ট’ল-ফ্ৰী হেল্পলাইন নম্বৰ ‘1930’ কাৰ্য্যকৰী কৰা হৈছে।
  4. চাইবাৰ অপৰাধৰ তদন্ত, ফৰেনছিক আৰু বিচাৰৰ ক্ষেত্ৰত আৰক্ষী আৰু ন্যায়িক বিষয়াৰ সামৰ্থ্য গঢ়ি তুলিবলৈ বৃহৎ অ’পেন অনলাইন ক’ৰ্চ (MOOC) প্লেটফৰ্ম অৰ্থাৎ ‘চাইট্ৰেইন’ (CyTrain) প্ৰৱৰ্তন কৰা হৈছে। এই প্লেটফৰ্মে প্ৰমাণপত্ৰৰ সৈতে মানক অনলাইন পাঠ্যক্ৰম প্ৰশস্তৰে সমগ্ৰ সংস্থাসমূহৰ মাজত একেধৰণৰ দক্ষতা বিকাশ নিশ্চিত কৰে। ৩০-০৬-২০২৬ লৈকে পৰ্টেলটোৰ জৰিয়তে ১,৬৩,৩৪৪ জন আৰক্ষী বিষয়া/ন্যায়াধীশ/প্ৰচিকিউটৰ/চিপিঅ’/চিএপিএফে পঞ্জীয়ন কৰিছে আৰু ১,৬১,৯৫৭ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
  5. দেশৰ চাইবাৰ সুৰক্ষাৰ ভাবুকি প্ৰতিহত কৰিবলৈ বিশেষ প্ৰশিক্ষণেৰে সজ্জিত চাইবাৰ কমাণ্ডোৰ এটা বিশেষ শাখা স্থাপনৰ বাবে মাননীয় গৃহমন্ত্ৰীয়ে চাইবাৰ কমাণ্ডো কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্যৰ আন্তঃগাঁথনি সুৰক্ষিত কৰিব পৰা আৰু ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা প্ৰচেষ্টাক সমৰ্থন কৰিব পৰাকৈ এক নিষ্ঠাবান, দক্ষ কৰ্মশক্তিৰ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছিল। এতিয়ালৈকে ২৮১ জন চাইবাৰ কমাণ্ডোৱে আইআইটি, আইআইআইটি, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় (RRU), ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (NFSU) গান্ধীনগৰ আৰু নতুন দিল্লী আদিকে প্ৰমুখ্য কৰি আগশাৰীৰ প্ৰতিষ্ঠানসমূহত সফলতাৰে প্ৰশিক্ষণ গ্ৰহণ কাৰ্য্য সম্পূৰ্ণ কৰিছে।

 

  1. আই৪চি, এমএইচএয়ে নিয়মিতভাৱে ‘ষ্টেট কানেক্ট’, ‘থানা কানেক্ট’ আৰু পীৰ লাৰ্নিং চেচনৰ আয়োজন কৰি উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান, সামৰ্থ্য বিকাশৰ বৰ্ধন আদিৰ ব্যৱস্থা কৰিছে।
  • vii. আই৪চি-ত এটা অত্যাধুনিক চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) স্থাপন কৰা হৈছে। ইয়াত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেলগে কাম কৰি চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে কাম অব্যাহত আছে।
  1. ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)-ৰ অধীনত মেৱাট, জামতাৰা, আহমেদাবাদ, হায়দৰাবাদ, চণ্ডীগড়, বিশাখাপট্টনম আৰু গুৱাহাটীৰ বাবে সাতটা যুটীয়া চাইবাৰ সমন্বয় দল (JCCT) গঠন কৰা হৈছে।
  • ix. সমন্বয় প্লেটফৰ্মক পৰিচালনা তথ্য ব্যৱস্থা (MIS) মঞ্চ, তথ্য ভঁৰাল আৰু চাইবাৰ অপৰাধৰ তথ্য বিনিময় আৰু বিশ্লেষণৰ বাবে আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ বাবে সমন্বয় মঞ্চ হিচাপে কাম কৰিবলৈ কাৰ্য্যকৰী কৰা হৈছে। ই ভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ অভিযোগৰ সৈতে জড়িত অপৰাধ আৰু অপৰাধীৰ বিশ্লেষণ ভিত্তিক আন্তঃৰাজ্যিক সংযোগ প্ৰদান কৰে।
  1. ‘প্ৰতিবিম্ব’ মডিউলে অপৰাধীৰ স্থান আৰু অপৰাধৰ আন্তঃগাঁথনি অংকন কৰি ন্যায়িক বিষয়াসকলক দৃশ্যমানতা প্ৰদান কৰে। এই মডিউলে আই৪চি আৰু আন-আন লঘু আৰু মজলীয়া উদ্যোগৰ (SME) পৰা আইন প্ৰয়োগকাৰী সংস্থাসমূহে টেকন’-লিগেল সহায় বিচৰা আৰু লাভ কৰাত সহায় কৰে। ইয়াৰ ফলশ্ৰুতিত ২৯,৮৩৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২,৩৩,৫৯৩ চাইবাৰ ইনভেষ্টিগেচনৰ সহায়ৰ অনুৰোধ জনোৱা হৈছে।
  2. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) অংশগ্ৰহণকাৰী সংস্থাসমূহ অৰ্থাৎ আইবি, চিআইআৰএ, ডিচিৱাইএ, টেলিকমিউনিকেচন বিভাগ (DoT), চাৰ্ট-ইন (Cert-In), আই৪চি, এনচিআইআইপিচি আৰু এনআইচি-ৰ সৈতে এমএচি (মাল্টি এজেন্সী চেন্টাৰ) প্লেটফৰ্মৰ অধীনত চাইমেক (CyMAC-চাইবাৰ মাল্টি এজেন্সী চেন্টাৰ) স্থাপন কৰিছে।
  • xii. ইয়াৰ লক্ষ্য হৈছে চাইবাৰ অপৰাধ, চাইবাৰ চোৰাংচোৱাগিৰি, চাইবাৰ সন্ত্ৰাসবাদ, চাইবাৰ সুৰক্ষাৰ ভাবুকি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে উদীয়মান প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু অনুৰূপ উদ্বেগক ফলপ্ৰসূভাৱে মোকাবিলা কৰা।
  1. ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (CERT-In)-ক তথ্য প্ৰযুক্তি (IT) আইন, ২০০০-ৰ ধাৰা ৭০বি-ৰ বিধানৰ অধীনত চাইবাৰ সুৰক্ষাৰ ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাষ্ট্ৰীয় সংস্থা হিচাপে নিৰ্ধাৰণ কৰা হৈছে। চিইআৰটি-ইন এ সক্ৰিয় ভাবুকি প্ৰশমনৰ বাবে ভিন্ন খণ্ডত সংস্থাসমূহৰ সৈতে নিৰ্দিষ্ট সতৰ্কবাণীসমূহ আদান-প্ৰদানৰ বাবে এটা স্বয়ংক্ৰিয় চাইবাৰ ভাবুকি চোৰাংচোৱা বিনিময় মঞ্চ পৰিচালনা কৰে।
  2. চিইআৰটি-ইনৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ (NCCC)-এ চাইবাৰ সুৰক্ষাৰ ভাবুকি ধৰা পেলাবলৈ চাইবাৰ স্থান পৰীক্ষা কৰে। ই ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট সংস্থা, ৰাজ্য চৰকাৰ আৰু অংশীদাৰ সংস্থাসমূহৰ সৈতে তথ্যসমূহ আদান-প্ৰদান কৰে। চিইআৰটি-ইন এ সময়ে-সময়ে শেহতীয়া চাইবাৰ ভাবুকি/দুৰ্বলতা সম্পৰ্কে সতৰ্কবাণী আৰু পৰামৰ্শ প্ৰদান কৰে।
  • xv. চিইআৰটি-ইনৰ দ্বাৰা এআই চালিত পৰিস্থিতি সজাগতা ব্যৱস্থাপ্ৰণালীসমূহক মোতায়েন কৰা হয়। ইয়াৰ লক্ষ্য হৈছে প্ৰয়োজনীয় প্ৰশমনৰ বাবে ক্ষতিকাৰক ডমেইনসমূহ আৰু ফিছিং কাৰ্য্যকলাপসমূহ ধৰা পেলোৱা।
  1. ৰাজ্য চৰকাৰ আৰু সংস্থাসমূহৰ সৈতে সক্ৰিয় ভাবুকি প্ৰশমন কাৰ্য্যৰ বাবে ভিন্ন খণ্ডৰ সৈতে নিৰ্দিষ্ট সতৰ্কবাণীসমূহ সক্ৰিয়ভাৱে সংগ্ৰহ, বিশ্লেষণ আৰু আদান-প্ৰদানৰ বাবে চিইআৰটি-ইনে এটা স্বয়ংক্ৰিয় চাইবাৰ ভাবুকি বিনিময় মঞ্চ পৰিচালনা কৰে।
  2. চাইবাৰ স্বচ্ছতা কেন্দ্ৰ (CSK) হৈছে চিইআৰটি-ইন ৰ দ্বাৰা আগবঢ়োৱা এটি সেৱা। এই সেৱাই স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীক চাইবাৰ স্থানলৈ সম্প্ৰসাৰিত কৰে। চাইবাৰ স্বচ্ছতা কেন্দ্ৰই ক্ষতিকাৰক প্ৰগ্ৰেম আৰু দুৰ্বল সেৱাসমূহ ধৰা পেলোৱাত সহায় কৰে তথা ৰাজ্য আৰু খণ্ডসমূহৰ সংস্থাসমূহক প্ৰতিকাৰমূলক ব্যৱস্থা আগবঢ়ায়।
  1. তথ্য সুৰক্ষাৰ উত্তম পদ্ধতিসমূহৰ ৰূপায়ণক সমৰ্থন আৰু অডিট কৰিবলৈ চিইআৰটি-ইনে ২৩৭ টা সুৰক্ষা অডিটিং সংস্থাক মোতায়েন কৰিছে।
  2. চৰকাৰী (কেন্দ্ৰীয় আৰু ৰাজ্য) আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সংস্থাসমূহৰ চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু প্ৰস্তুতিৰ মূল্যায়ন প্ৰশস্ত কৰিবলৈ চাইবাৰ সুৰক্ষা মক ড্ৰিল নিয়মিতভাৱে অনুষ্ঠিত কৰা হয়। চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সমন্বয় আৰু তথ্য বিনিময়ৰ সুবিধাৰ বাবে ৰাজ্যসমূহত এই অনুশীলনৰ লগতে কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।
  • xx. চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ভিতৰত আছেঃ কলাৰ টিউন অভিযান, এছএমএছ-ৰ জৰিয়তে বাৰ্তা প্ৰেৰণ, I4C ছ’চিয়েল মিডিয়া একাউন্ট অৰ্থাৎ এক্স (পূৰ্বৰ টুইটাৰ) (@CyberDost), ফেচবুক (CyberDostI4C), ইনষ্টাগ্ৰাম (CyberDostI4C), টেলিগ্ৰাম (cyberdosti4c), এছএমএছ অভিযান, টিভি অভিযান, ৰেডিঅ’ অভিযান, স্কুল অভিযান, চিনেমা হলত বিজ্ঞাপন, চেলিব্ৰেটিৰ সমৰ্থন, আইপিএল অভিযান, একাধিক মাধ্যমত প্ৰচাৰৰ বাবে মাইগভক নিয়োজিত কৰা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সহযোগিতাৰে চাইবাৰ সুৰক্ষা আৰু সুৰক্ষা সজাগতা সপ্তাহৰ আয়োজন কৰা, সমগ্ৰ মেট্ৰ' ষ্টেচন, ৰেলৱে ষ্টেচন আৰু বিমানবন্দৰত ডিজিটেল প্ৰদৰ্শন আদি।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

*****

RK/RR/PR/PS/SKS/SB
 


(रिलीज़ आईडी: 2299290) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil