গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰহাৰ

प्रविष्टि तिथि: 12 AUG 2026 4:48PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৬ চনৰ ২৩ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথম ব্যাপক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশল হিচাপে 'প্ৰহাৰ' আৰম্ভ কৰিছে। ই সমন্বিত "সমগ্ৰ চৰকাৰ" আৰু "সমগ্ৰ সমাজ" দৃষ্টিভংগীৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু মৌলবাদ প্ৰতিৰোধ আৰু মোকাবিলাৰ বাবে এক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী পৰিকাঠামো প্ৰদান কৰিছে। 'প্ৰহাৰ'ৰ কৌশল আৰু নীতি নিম্নলিখিত স্তম্ভসমূহৰ ওপৰত আধাৰিতঃ

১. ভাৰতীয় নাগৰিক আৰু স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ;

২.  সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি দ্ৰুত আৰু আনুপাতিকভাবে প্ৰত্যুত্তৰ;

৩.  সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰে সমন্বয় সাধনৰ বাবে আভ্যন্তৰীণ ক্ষমতাসমূহ একত্ৰিতকৰণ;

৪.  ভাবুকি মোকাবিলাৰ বাবে মানৱ অধিকাৰ আৰু 'আইনৰ শাসন' আধাৰিত প্ৰক্ৰিয়া;

৫.  মৌলবাদকে ধৰি সন্ত্ৰাসবাদৰ বাবে অনুকূল পৰিস্থিতিৰ বিলোপকৰণ;

৬. সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাক একত্ৰিতকৰণ আৰু ৰূপ দিয়া;

৭. সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে পুনৰুদ্ধাৰ আৰু যুঁজাৰ ক্ষমতা।

'প্ৰহাৰ'-এ সাতটা স্তম্ভৰ কৌশলৰ ওপৰত প্ৰতিষ্ঠিত এক ব্যাপক, চোৰাংচোৱা-নেতৃত্বাধীন সক্ৰিয় পৰিকাঠামোৰ জৰিয়তে সকলো সন্ত্ৰাসবাদ বিৰোধী উদ্দেশ্যক আগবঢ়াই নিয়ে। মাল্টি এজেন্সি চেণ্টাৰ (এম এ চি) ৰ জৰিয়তে বাস্তৱ-সময়ৰ গোপন তথ্যৰ ভাগ বাটোৱাৰা কৰা, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰা আৰু ৰাজ্যিক সংস্থা/আৰক্ষী আৰু নেচনেল ছিকিউৰিটি গাৰ্ড(এন এছ জি)ৰ দৰে বিশেষ কেন্দ্ৰীয় বাহিনীৰ মাজত এক দ্ৰুত, সমন্বিত শৃংখলাবদ্ধ নিয়ন্ত্ৰণ মোতায়েন কৰি ই ভাৰতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নিৰাপত্তা স্থিতিক এক সক্ৰিয় মতবাদলৈ সলনি কৰিছে। একে সময়তে, ই অত্যাধুনিক প্ৰযুক্তিক একত্ৰিত কৰিছে, আইনৰ শাসন আৰু মানৱ অধিকাৰ কঠোৰভাৱে নিশ্চিত কৰে তথা সন্ত্ৰাসৰ পৰিৱেশ তন্ত্ৰ ধ্বংস কৰিবলৈ সম্প্ৰদায়-সহযোগিতামূলক মৌলবাদ বিৰোধী মডিউলসমূহ কাৰ্যকৰী কৰে।

ই ক্ৰিপ্টো ৱালেটৰ সন্ধান কৰি, ডাৰ্ক ৱেব ক্ৰাউডছ'ৰ্চিং বন্ধ কৰি আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ জৰিয়তে সম্পত্তি জব্দ কৰি সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্যৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰে। ই ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চ (এফ এ টি এফ)ৰ মানৰ সৈতে সংগতি ৰখা কৰে আৰু ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ পুঁজি যোগানৰ নেটৱৰ্ক বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় চুক্তি ব্যৱহাৰ কৰে।

ভাৰত চৰকাৰ 'প্ৰহাৰ' কৌশলৰ প্ৰগতিশীল আৰু পৰ্য্যায়ক্ৰমে ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই দৃষ্টিভংগীয়ে বহু স্তৰীয় নিৰীক্ষণ ব্যৱস্থাৰ এক পৰিকাঠামোৰ জৰিয়তে ফলাফলসমূহ ভালদৰে মূল্যায়ন কৰাৰ সময়তে তাৎক্ষণিক প্ৰাতিষ্ঠানিক আৰু প্ৰণালীৰ একত্ৰীকৰণক অগ্ৰাধিকাৰ দিয়ে।

নিয়মীয়া নিৰীক্ষণ আৰু মূল্যায়নৰ উপৰি এনে এক ব্যৱস্থা হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত এন আই এ-ৰ দ্বাৰা বাৰ্ষিক 'সন্ত্ৰাসবাদ বিৰোধী সন্মিলন (এ টি চি)' ৰ আয়োজন। ই আইন বলৱৎকাৰী সংস্থা, চোৰাংচোৱা সংস্থা, নিৰাপত্তা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল, নীতি নিৰ্ধাৰক আৰু আইনী বিশেষজ্ঞসকলক একত্ৰিত কৰি ইয়াৰ সন্ত্ৰাসবাদ বিৰোধী কৌশলৰ পৰ্যালোচনা আৰু শক্তিশালীকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।

ক্ৰমাৎ বৃদ্ধি পোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিৰোধী সন্মিলনখনে অংশীদাৰসকলক ইতিমধ্যে থকা সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰিবলৈ, কাৰ্য্যকৰী/প্ৰশাসনিক ব্যৱধান আৰু প্ৰস্তুতি চিনাক্ত কৰিবলৈ, নীতি, আইনী আৰু প্ৰাতিষ্ঠানিক সংস্কাৰৰ পৰামৰ্শ দিবলৈ আৰু সহযোগিতা উদগণি দিবলৈ, সামৰ্থ্য নিৰ্মাণ আৰু ভাৰতৰ ধাৰাবাহিকভাবে বিকাশ হোৱা সন্ত্ৰাসবাদ বিৰোধী কাৰ্যব্যৱস্থাক শক্তিশালী কৰিবলৈ সুযোগ প্ৰদান কৰে তথা ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী পৰিকাঠামো শক্তিশালী আৰু নিৰন্তৰভাৱে বিকশিত কৰিবলৈ সহযোগিতা, ক্ষমতা নিৰ্মাণ আৰু এক সমন্বিত ৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰসাৰ ঘটাবলৈ সক্ষম কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰিছে।

*****

RK/RR/PR/PS/SKS/HS


(रिलीज़ आईडी: 2298967) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil