বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
ত্ৰিপুৰাৰ পৰা ডুবাইলৈ ডেৰগাং এফ পি অ’ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মৌ ৰপ্তানিৰ সুবিধা প্ৰদান কৰিছে এপেডাই
১ মেট্ৰিক টন মৌ ৰপ্তানিয়ে ডেৰগাং এফপিঅ’ আৰু স্থানীয় মৌপালকৰ বাবে নতুন আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুযোগ মুকলি কৰিব
प्रविष्टि तिथि:
10 AUG 2026 6:02PM by PIB Guwahati
ত্ৰিপুৰাৰ পৰা ডুবাইলৈ ডেৰগাং কৃষক উৎপাদক সংস্থা (এফ পি অ’)ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ১ মেট্ৰিক টন সৰিয়হৰ পৰা সংগৃহীত মৌ ৰপ্তানিৰ সুবিধা প্ৰদান কৰিছে এপেডা (APEDA)ই। এই ৰপ্তানি স্থানীয় মৌপালক আৰু কৃষকসকলৰ বাবে সংগঠিত ৰপ্তানিমুখী উৎপাদনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুযোগ সৃষ্টি কৰিব আৰু এফ পি অ’ তথা অঞ্চলটোৰ বাবে এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এয়াই হৈছে অঞ্চলটোৰ পৰা প্ৰথমবাৰৰ বাবে সৰিয়হৰ পৰা সংগৃহীত মৌ ৰপ্তানি। ই ত্ৰিপুৰাৰ মৌৰ মূল্য শৃংখলৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত নতুন পথ মুকলি কৰিছে। এই পদক্ষেপে স্থানীয় কৃষক আৰু এফ পি অ’সকলক ৰপ্তানিৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় কৃষি বজাৰত তেওঁলোকৰ অংশগ্ৰহণ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
এই ৰপ্তানিৰ ফলত ডেৰগাং এফ পি অ’ৰ সৈতে জড়িত কৃষকসকলে প্ৰচলিত স্থানীয় বজাৰৰ সুযোগৰ তুলনাত উন্নত মূল্য লাভ কৰিব বুলি আশা কৰা হৈছে। ৰপ্তানিৰ জৰিয়তে বজাৰৰ উন্নত প্ৰৱেশে মৌপালকসকলৰ বাবে অতিৰিক্ত আয়ৰ পথ প্ৰশস্ত কৰাৰ লগতে গুণগত মানৰ বিষয়ত আধাৰিত ৰপ্তানিমুখী মৌ উৎপাদন পদ্ধতি গ্ৰহণ কৰিবলৈ বহুতকে উৎসাহিত কৰিব।
এই পদক্ষেপক বিশেষভাবে সমৰ্থন কৰিছে মেছাৰ্ছ ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডে। মেছাৰ্ছ ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডে ডেৰগাং এফ পি অ’ৰ সৈতে মৌ উৎপাদন শক্তিশালী কৰাৰ লগতে ৰপ্তানিমুখী মৌ যোগানৰ বিকাশত সহায় কৰি আহিছে। এই সহযোগিতাই কৃষকসকলৰ বাবে ৰপ্তানি মূল্য শৃংখলত অংশগ্ৰহণৰ এক গাঁথনিগত সুযোগ সৃষ্টি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ দিশত প্ৰথম পদক্ষেপ হিচাবে পৰিগণিত হৈছে।
ত্ৰিপুৰাৰ উদীয়মান কৃষি ৰপ্তানি পৰিৱেশতন্ত্ৰৰ বাবে বিশেষকৈ ইয়াৰ মৌ আৰু মৌপালন খণ্ডৰ উন্নয়নৰ বাবে এই ৰপ্তানি মাইলৰ খুঁটি হিচাবে বিবেচিত হৈছে। ৰাজ্যখনৰ বৈচিত্ৰ্যময় কৃষি পৰিৱেশ আৰু সংগঠিত কৃষক গোটৰ ওপৰত ক্ৰমবৰ্ধমান মনোনিৱেশে গুণগত মৌ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ উৎপাদন তথা ৰপ্তানি সম্প্ৰসাৰণৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। সৰিয়হৰ পৰা সংগৃহীত মৌৰ ৰপ্তানিয়ে কৃষকসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত এফ পি অ’ৰ নেতৃত্বত সংগ্ৰহ তথা উদ্যোগৰ সহযোগিতাৰ সম্ভাৱনাৰ দিশটোও প্ৰতিফলিত কৰিছে। ইয়াৰ দ্বাৰা ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অধিক এফ পি অ’ আৰু কৃষকক মূল্য সংযোজন, গুণগত উন্নতি আৰু ৰপ্তানিৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিতকৰিব পৰা যাব বুলি আশা কৰা হৈছে।
এই পদক্ষেপক উৎসাহিত কৰি কৃষি মন্ত্ৰী শ্ৰীযুত ৰতন লাল নাথে কয়, “ডেৰগাং এফ পি অ’ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে সৰিয়হৰ পৰা সংগৃীত মৌ ৰপ্তানি ত্ৰিপুৰাৰ মৌপালক আৰু কৃষকৰ বাবে এক উল্লেখযোগ্য সফলতা।ই আমাৰ স্থানীয় কৃষিজাত সামগ্ৰীসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা তথা কৃষক সম্প্ৰদায়ৰ বাবে উন্নত আয়ৰ সুযোগ মুকলি কৰিব। ত্ৰিপুৰা চৰকাৰে মৌ পালন আৰু জৈৱিক কৃষি শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ ৱগতে এইক্ষেত্ৰত কৃষক- উৎপাদক সংস্থাসমূহক বহল বজাৰত প্ৰৱেশ কৰাত সহায় কৰিছে। লগতে কৃষক, এফপিঅ’, ৰপ্তানিকাৰক আৰু এপেডাৰ দৰে প্ৰতিষ্ঠানৰ সমন্বিত প্ৰচেষ্টাৰে ত্ৰিপুৰাই গুণগত কৃষি তথা জৈৱিক সামগ্ৰীৰ বাবে বিশ্বৰ বজাৰত নিজৰ উপস্থিতি আৰু অধিক সম্প্ৰসাৰিত কৰিব পাৰিব।”
ৰপ্তানি কাৰ্যসূচী শুভাৰম্ভ কৰে ত্ৰিপুৰা চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰীযুত ৰতন লাল নাথে। অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ কৃষি আৰু উদ্যান শস্যৰ সচিব শ্ৰীযুত অপূৰ্ব ৰয়, আই এ এছ, আই এ এছ, আই এফ অ’ এ এম অৰ্গেনিকছ এছিয়াৰ কাৰ্যবাহী সঞ্চালক শ্ৰীমতী জেনিফাৰ চাং, এপেডাৰ জ্যেষ্ঠ বিষয়া, ৰপ্তানিকাৰকৰ প্ৰতিনিধি, লজিষ্টিক অংশীদাৰ আৰু অঞ্চলটোৰ প্ৰগতিশীল মৌপালকসকলে অংশগ্ৰহণ কৰে।
বজাৰ সংযোগ, সামৰ্থ্য বিকাশ, গুণগত মান নিশ্চিতকৰণ আৰু ৰপ্তানি সুবিধাৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ পৰা কৃষি ৰপ্তানিৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰ, এফ পি অ’, ৰপ্তানিকাৰক, প্ৰচেছৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে এপেডাই কাম অব্যাহত ৰাখিছে। এনে পদক্ষেপে কৃষকসকলৰ বাবে বহনক্ষম বজাৰৰ সুযোগ সৃষ্টি কৰাত অৰিহণা যোগাইছে আৰু ভাৰতৰ বিভিন্ন কৃষিজাত সামগ্ৰীৰ বিশ্বজোৰা সম্প্ৰসাৰণ সম্ভৱ কৰি তুলিছে।
***
Abhishek Dayal/Abhijith Narayanan/Anushka Pandey/DM
(रिलीज़ आईडी: 2298164)
आगंतुक पटल : 6