প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি ই এম-এ ৰাজহুৱা ক্ৰয়ৰ কেনেদৰে ৰূপান্তৰ সাধিছে সেই সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 AUG 2026 1:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এক অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধ শ্বেয়াৰ কৰিছে য'ত চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম)ৰ সাফল্যৰ বিশদ বিৱৰণ দিয়া হৈছে। জিইএম-এ ৰাজহুৱা ক্ৰয়ৰ কেনেদৰে ৰূপান্তৰ ঘটাইছে সেই সম্পৰ্কে উল্লেখ কৰি তেওঁ স্বচ্ছ ক্ৰয় ব্যৱস্থা, ব্যাপক অংশগ্ৰহণ আৰু উন্নত সুযোগৰ ওপৰত আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰযুক্তিক আধাৰ কৰি জিইএম মঞ্চই যোৱা ১০বছৰত অধিক প্ৰতিযোগিতামূলক আৰু সকলোকে সামৰি লোৱা পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰি ব্যৱসায় কৰাৰ সূচলতা শক্তিশালী কৰিছে। তেওঁ মন্তব্য কৰে যে ই বিশেষকৈ এমএছএমই আৰু মহিলা উদ্যমীসকলক সবল কৰিছে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

"স্বচ্ছ ক্ৰয় ব্যৱস্থা, ব্যাপক অংশগ্ৰহণ আৰু উন্নত সুযোগ ... এনেদৰেই @GeM_India ই ৰাজহুৱা ক্ৰয়ৰ ৰূপান্তৰ ঘটাইছে।

প্ৰযুক্তিক আধাৰ কৰি জিইএম মঞ্চই যোৱা ১০বছৰত অধিক প্ৰতিযোগিতামূলক আৰু সকলোকে সামৰি লোৱা পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰি, বিশেষকৈ এমএছএমই আৰু মহিলা উদ্যমীসকলক সবল কৰি ব্যৱসায় কৰাৰ সূচলতা শক্তিশালী কৰিছে।

এতিয়ালৈকে লাভ কৰা সাফল্যসমূহৰ বিষয়ে বিশদভাৱে অৱগত হ’বলৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal ৰ এই অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধটো পঢ়ক।"

***

 

MJPS/SS/PRK/HS


(रिलीज़ आईडी: 2298002) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam