প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ এছিয়াটিক সিংহৰ উল্লেখযোগ্য প্ৰত্যাৱৰ্তন সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 10 AUG 2026 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে ভাৰতৰ এছিয়াটিক সিংহৰ উল্লেখযোগ্য প্ৰত্যাৱৰ্তন সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। উল্লেখযোগ্য যে, এই সিংহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে বাসস্থান আৰু পৰিসৰ সম্প্ৰসাৰিত হৈছে। "শক্তিশালী সামূহিক অংশগ্ৰহণৰ সহায়ত সংৰক্ষণৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতি হৈছে আমাৰ বন্যপ্ৰাণী সুৰক্ষিত কৰা আৰু আগন্তুক প্ৰজন্মৰ বাবে প্ৰজাতিসমূহ সংৰক্ষণ কৰাৰ এক অনুপ্ৰেৰণামূলক উদাহৰণ", শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন! ভাৰতৰ এছিয়াটিক সিংহৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাসস্থান আৰু পৰিসৰ সম্প্ৰসাৰিত হৈছে।

শক্তিশালী সামূহিক অংশগ্ৰহণৰ সহায়ত সংৰক্ষণৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতি হৈছে আমাৰ বন্যপ্ৰাণী সুৰক্ষিত কৰা আৰু আগন্তুক প্ৰজন্মৰ বাবে প্ৰজাতিসমূহ সংৰক্ষণ কৰাৰ এক অনুপ্ৰেৰণামূলক উদাহৰণ।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @byadavbjp ৰ এই তথ্যমূলক লেখাটো পঢ়ক।

***

MJPS/SS/VJ/DD


(ৰিলিজ আই ডি : 2297194) অতিথি কক্ষ : 52