PIB Backgrounder
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬
তাঁতীসকলৰ উদযাপন, পৰম্পৰাৰ নৱীকৰণ, বিস্তাৰিত দিগন্ত
प्रविष्टि तिथि:
06 AUG 2026 1:49PM by PIB Guwahati
|
৭ আগষ্টত পালন কৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসে ভাৰতৰ বয়ন ঐতিহ্য উদযাপন কৰে। ই ৩৫.২২ লাখ তাঁতী আৰু সহযোগী শ্ৰমিকক স্বীকৃতি দিয়ে, যাৰ ভিতৰত ৭২ শতাংশতকৈও অধিক মহিলা। ২০২৬ চনত, এই অনুষ্ঠানটোৱে আঞ্চলিক জ্ঞানত দৃঢ়ভাৱে নিহিত এক খণ্ডক প্ৰতিফলিত কৰে। হস্ততাঁতসমূহেও ডিজাইন, ডিজিটেল প্লেটফৰ্ম আৰু বিশ্ব বজাৰৰ জৰিয়তে নতুন অভিব্যক্তি বিচাৰি পাইছে। চৰকাৰী সমৰ্থন, বঁটা, বজাৰ প্ৰৱেশাধিকাৰ আৰু প্ৰমাণীকৰণ সুৰক্ষাসমূহে এই পৰম্পৰাবোৰ গ্ৰাম্য সম্প্ৰদায়ৰ পৰা বিস্তৃত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকলৈ লৈ গৈছে।
|
ভাৰতৰ হস্ততাঁত পৰম্পৰাৰ গভীৰ ঐতিহাসিক শিপা আছে, ইয়াৰ প্ৰাচীনতম চিহ্নসমূহ সিন্ধু উপত্যকা সভ্যতাৰ সময়ৰ। ঋকবেদ, ৰামায়ণ আৰু মহাভাৰতত সূতা কটা আৰু বয়নৰ বিষয়ে উল্লেখ আছে । ভাৰতীয় কপাহ আৰু ৰেচমৰ সূক্ষ্ম গুণাগুণ এই গ্ৰন্থসমূহত আৰু কৌটিল্যৰ ৰচনাসমূহতো অৰ্ন্তভুক্ত কৰা হৈছে।
কেইবা শতিকা ধৰি বয়ন দক্ষতা আৰু কৌশলবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ স্থানান্তৰিত হৈছে। এই পৰম্পৰাবোৰ সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট অনুশীলনৰ জৰিয়তে বিকশিত হৈছে। ২০১৫ চনত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস প্ৰতিষ্ঠাই এই দীৰ্ঘদিনীয়া ঐতিহ্যটোক এখন সমৰ্পিত ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰে।
|
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস প্ৰতি বছৰে ৭ আগষ্টত পালন কৰা হয়। ই ১৯০৫ চনত স্বদেশী আন্দোলনৰ শুভাৰম্ভক স্মৰণ কৰে, যিয়ে থলুৱা সামগ্ৰীৰ প্ৰচাৰ কৰিছিল আৰু আত্মনিৰ্ভৰশীলতাক উৎসাহিত কৰিছিল। এই অনুষ্ঠানত ভাৰতৰ বয়ন পৰম্পৰাক উদযাপন কৰা হয় আৰু হস্ততাঁত শ্ৰমিকসকলৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক অৱদানক স্বীকৃতি দিয়া হয়। ২০২৬ চনত হস্ততাঁত দিবস উদযাপনে এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ বিন্দু হিচাপে চিহ্নিত হৈছে। ই সমসাময়িক গ্ৰাহকসকলৰ মাজত হস্ততাঁতৰ বৰ্ধিত প্ৰাসংগিকতা আৰু বিশ্বৰ বজাৰত ইয়াৰ অধিক দৃশ্যমানতা প্ৰতিফলিত কৰে।
|
হস্ততাঁত বয়ন হস্তচালিত কাৰুশিল্প আৰু ঘৰুৱা উদ্যোগৰ ভিতৰত নিহিত হৈ আছে। ইয়াৰ পৰিচয় তাঁতী, অঞ্চলটো আৰু প্ৰতিটো বস্ত্ৰ সৃষ্টিৰ সৈতে জড়িত জ্ঞানৰ সৈতে নিবিড়ভাৱে জড়িত। একে সময়তে, হস্ততাঁতৰ চাৰিওফালৰ দৃশ্যপটৰ বিকাশ অব্যাহত আছে। সমসাময়িক ডিজাইন, ডিজিটেল মঞ্চ আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীসমূহে ভাৰতীয় তাঁতক নতুন গ্ৰাহকৰ সৈতে সংযোগ কৰিছে আৰু তেওঁলোকৰ দৃশ্যমানতা সম্প্ৰসাৰিত কৰিছে।
চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত লোকপিয়ল ২০১৯-২০, খণ্ডটোৰ ব্যাপক চৰকাৰী লোকপিয়লে প্ৰায় ৩১.৪৫লাখ হস্ততাঁত পৰিয়ালৰ তথ্য লিপিবদ্ধ কৰিছিল। ইয়াৰ উপৰি সমগ্ৰ দেশতে ৩৫.২২লাখ তাঁতী আৰু আনুষংগিক শ্ৰমিকৰ গণনা কৰা হৈছিল। ইয়াৰ ভিতৰত, ৮.৪৮ লাখ সহযোগী শ্ৰমিক আছিল প্ৰি-লুম আৰু পোষ্ট-লুম কাৰ্যকলাপ যেনে ৱাইণ্ডিং, ৱাৰ্পিং, ডাইং আৰু কেলেণ্ডাৰিংৰ সৈতে জড়িত। তদুপৰি, সামাজিক আৰু ভৌগোলিক আৰ্হিয়ে দেখুৱায় যে হস্ততাঁত গ্ৰাম্য জীৱিকাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
|
হস্ততাঁত লোকপিয়ল
- ভাৰতে এতিয়ালৈকে চাৰিটা লোকপিয়ল সম্পন্ন কৰিছেঃ১৯৮৭-৮৮,১৯৯৫-৯৬,২০০৯-২০১০ আৰু ২০১৯-২০ ।
- এইবোৰ গড় ৮-১২ বছৰৰ ব্যৱধানত অনুষ্ঠিত কৰা হয়।
|
|
হস্ততাঁত শ্ৰমিকসকলক স্বীকৃতি আৰু পঞ্জীয়ন
এই পৰিসৰ অধিক সম্প্ৰসাৰণ কৰিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহত ই-পেহছান প'ৰ্টেল মুকলি কৰা হৈছিল। ই নতুন আৰু পূৰ্বতে বাদ পৰা শ্ৰমিকসকলক পঞ্জীয়ন কৰাৰ অনুমতি দিয়ে, আনহাতে বিদ্যমান শ্ৰমিকসকলে সবিশেষ আপডেট কৰিব পাৰে আৰু তেওঁলোকৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। লোকপিয়লৰ জৰিয়তে গণনা কৰা শ্ৰমিকসকলক পেহছান/ই-পেহছান কাৰ্ড প্ৰদান কৰা হৈছে।
২০২৬ চনৰ জুলাই মাহৰ ভিতৰত প্ৰায় ৮৪,০০০ অতিৰিক্ত শ্ৰমিকসকলক ই-পেহছান কাৰ্ডৰ বাবে অনুমোদন জনোৱা হৈছিল।
|
মহিলাৰ দ্বাৰা পৰিচালিত খণ্ড
মহিলাসকলে ভাৰতৰ হস্ততাঁত কৰ্মচাৰীৰ গৰিষ্ঠ সংখ্যক গঠন কৰে। তেওঁলোকৰ সংখ্যা হৈছে ২৫.৪৬ লাখ, বা বয়ন আৰু আনুষংগিক কাৰ্যকলাপত নিয়োজিত মুঠ শ্ৰমিকৰ ৭২ শতাংশতকৈ অধিক।
বিভিন্ন সম্প্ৰদায়ক সমৰ্থন কৰা খণ্ড
হস্ততাঁতৰ কৰ্মচাৰীসকলৰ ভিতৰত আছিল ৪.৮৪ লাখ অনুসূচীত জাতিৰ শ্ৰমিক, ৬.২৮ লাখ অনুসূচীত জনজাতিৰ শ্ৰমিক আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ১২.৬৭ লাখ শ্ৰমিক।
তদুপৰি, লোকপিয়লত সমগ্ৰ দেশতে ২৮.২০ লাখ তাঁত নথিভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত ২৫.৩০ লাখ গ্ৰাম্য অঞ্চলত আৰু ২.৯০ লাখ নগৰ অঞ্চলত অৱস্থিত। এইদৰে, প্ৰতি দহখন হস্ততাঁতৰ ভিতৰত গ্ৰাম্য ভাৰতত প্ৰায় নখন হস্ততাঁত স্থাপন কৰা হয়।
- ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী আৰু কেঁচা সামগ্ৰী যোগান আঁচনিখনে এই খণ্ডটোৰ বাবে মূল কাৰ্য্যকৰী সমৰ্থন ব্যৱস্থা গঠন কৰে National Handloom Development Programme (NHDP)

এন এইচ ডি পি ৰ ৰূপায়ণৰ বাবে ২০২১-২২ৰ পৰা ২০২৫-২৬ লৈ প্ৰস্তুত কৰা হৈছিল। ই হস্ততাঁত তাঁতীসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি হস্ততাঁত খণ্ডৰ সংহত উন্নয়নৰ বাবে এক প্ৰয়োজনীয়তা-আধাৰিত দৃষ্টিভংগী অনুসৰণ কৰে।
এন এইচ ডি পি-ৰ উপাদানসমূহ চৰকাৰী হস্ততাঁত সংগঠনসমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ হস্ততাঁত নিগমসমূহৰ জৰিয়তে ৰূপায়ণ কৰা হয়। কাৰ্য্যকৰীকৰণ সংস্থাসমূহৰ ভিতৰত আছে তাঁতীসকলৰ সমবায় সমিতি, ফেডাৰেচন, হস্ততাঁত উৎপাদক কোম্পানী আৰু অংশগ্ৰহণকাৰী বেংক।
|
হস্ততাঁত উৎপাদক কোম্পানীসমূহে তাঁতীসকলক পেছাদাৰীভাৱে পৰিচালিত, সদস্য-মালিকানাধীন উদ্যোগ হিচাপে সংগঠিত কৰে। এন এইচ ডি.পি-ৰ অধীনত, ২০২০২১ -ৰ পৰা ২০২৬-২৭-ৰ সময়ছোৱাত ২০০ টা এইচ পি চিগঠন কৰা হৈছিল।
|
এই কাৰ্যসূচীয়ে তলত উল্লেখ কৰা মূল উপাদানসমূহৰ জৰিয়তে ইয়াৰ ব্যাপক সমৰ্থন প্ৰদান কৰেঃ
ক. ক্ষুদ্ৰ গোট উন্নয়ন কাৰ্যসূচী (এছ চি ডি পি)
এছ চি ডি পি-য়ে ক্ষুদ্ৰ হস্ততাঁত গোটসমূহক তেওঁলোকৰ নিৰ্দিষ্ট উন্নয়নমূলক প্ৰয়োজনীয়তা পূৰণৰ বাবে ২ কোটি পৰ্যন্ত পুঁজি যোগান ধৰি সহায় কৰে। এই সহায়ত ডিজাইন, সামগ্ৰীৰ বিকাশ আৰু বিপণনৰ লগতে উন্নত তাঁত, পোহৰ আৰু কৰ্মস্থলী অন্তৰ্ভুক্ত কৰা হৈছে।
- ২০২১-২২ ৰ পৰা ২০২৬-২৭ লৈ (জুন মাহলৈকে), এই কাৰ্যসূচীৰ অধীনত ৩৫৭ টা গোটক অনুমোদন জনোৱা হয়।
- ইয়াৰ উপৰি, ২০২৫-২৬ ৰ সময়ত, কৰ্মস্থলী, তাঁত আৰু আনুষঙ্গিক সামগ্ৰী আৰু ইলেক্ট্ৰনিক তাঁতশালৰ দৰে মূল পদক্ষেপৰ বাবে ৯৪ কোটি টকা মুকলি কৰা হয়।
|
এছ চি ডি পিৰ প্ৰভাৱ
|
- কৰ্নস্থলী নিৰ্মাণঃ এই কাৰ্যসূচীৰ অধীনত কৰ্মস্থলী নিৰ্মাণৰ জৰিয়তে হস্ততাঁতৰ হিতাধিকাৰীসকলক উন্নত কৰ্মক্ষেত্ৰৰ আন্তঃগাঁথনি প্ৰদান কৰা হয়। এই কৰ্মস্থলীসমূহ নিৰ্মাণৰ বাবে তাঁতীসকলে ১০০শতাংশ পৰ্যন্ত ৰাজসাহায্য লাভ কৰে। এই পদক্ষেপে নিম্নলিখিত ফলাফলবোৰ লিপিবদ্ধ কৰিছেঃ
- গড় দৈনিক উৎপাদন ৫৩ শতাংশ বৃদ্ধি পাইছে।
- গড় কামৰ সময় ৬০ শতাংশ বৃদ্ধি পাইছে, আনহাতে মাহিলী কামৰ দিন ২৮ শতাংশ বৃদ্ধি পাইছে।
- গড় দৈনিক উপাৰ্জন ৪২শতাংশ বৃদ্ধি পাই ৩২৮ টকাৰ পৰা ৪৬৫ টকালৈ বৃদ্ধি পাইছে।
|
|

ইলেক্ট্ৰনিক তাঁতশালঃ ইলেক্ট্ৰনিক তাঁতশালবোৰে ব্যক্তিগত ৱাৰ্প থ্ৰেডবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ডিজিটেল নিয়ন্ত্ৰণ ব্যৱহাৰ কৰে, যাৰ ফলত দ্ৰুত, অধিক নমনীয় আৰু জটিল বয়ন সক্ষম হয়। ইয়াৰ প্ৰৱৰ্তনে হস্ততাঁত তাঁতীসকলৰ মাজত উৎপাদনশীলতা আৰু উপাৰ্জন উন্নত কৰিছে।
- গড় দৈনিক উৎপাদন ৫৫শতাংশ বৃদ্ধি পাইছে।
- ৯৬ শতাংশ হিতাধিকাৰীয়ে উৎপাদনশীলতা লাভৰ কথা উল্লেখ কৰিছে।
- গড় দৈনিক মজুৰি ৫৬শতাংশ বৃদ্ধি পাইছে, ৩৬০ টকাৰ পৰা ৫৬০ টকালৈ।
- গড় মাহিলী আয় ৯,৬০০ টকাৰ ৰ পৰা ১৫,০০০টকালৈ বৃদ্ধি পাইছে।
|
খ. হস্ততাঁত বিপণন সহায় (এইচ এম এ)
হস্ততাঁত বিপণন সাহায্যই তাঁতী আৰু হস্ততাঁত সংগঠনসমূহক তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ পোনপটীয়া মঞ্চ প্ৰদান কৰে। ই ঘৰুৱা আৰু ৰপ্তানিৰ প্ৰচাৰ, নগৰীয়া হাট স্থাপন আৰু বিপণন প্ৰেৰণক সমৰ্থন কৰে। বিভিন্ন উপাদানৰ অধীনত মুখ্য সাফল্যবোৰৰ ভিতৰত আছেঃ
- ২০২১-২২ ৰ পৰা ২০২৬-২৭ (জুন মাহলৈকে) ৰ মাজত, জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত হস্ততাঁত সামগ্ৰীৰ বিক্ৰী সহজ কৰি তুলিবলৈ ৯৬০+ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ ভিতৰত আছিল ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা হস্ততাঁত প্ৰদৰ্শনী, হস্তশিল্প মেলা আৰু অন্যান্য বিপণন অনুষ্ঠান।
এইচ এম এ-ৰ অধীনত দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা হস্ততাঁত খণ্ডত অসামান্য অৱদানক স্বীকৃতি দিয়ে। শেহতীয়াভাৱে সম্পূৰ্ণ হোৱা বঁটা চক্ৰটোৱে ২০২৫ চনৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত প্ৰদান কৰা ২০২৪ চনৰ বঁটাসমূহক সামৰি লৈছিল। ৫গৰাকী সন্ত কবীৰ আৰু ১৯ গৰাকী ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা বিজয়ীসহ মুঠ ২৪ গৰাকী প্ৰাপকক সন্মানিত কৰা হয়। বঁটা বিজয়ীসকলৰ ভিতৰত আছিল ছযগৰাকী মহিলা আৰু এগৰাকী দিব্যাঙ্গ তাঁতী।
|
সন্ত কবীৰ হস্ততাঁত বঁটাই অসাধাৰণ দক্ষতা আৰু বয়ন পৰম্পৰা, সম্প্ৰদায় কল্যাণ আৰু খণ্ড উন্নয়নত অৱদানৰ বাবে অসামান্য তাঁতীসকলক স্বীকৃতি দিয়ে। এই বঁটাৰ ভিতৰত আছে ৩.৫ লাখ টকা, এটা সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ।
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাই শিল্পকলা, সমৰ্পণ আৰু উদ্ভাৱনক সন্মান জনায় আৰু ইয়াৰ ভিতৰত আছে ২ লাখ টকা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ।
|
গ. ৰেহাই ঋণ/তাঁতী মুদ্রা আঁচনি
এই আঁচনিখনে তিনি বছৰৰ বাবে ৬শতাংশ ৰেহাই সুতৰ হাৰত হস্ততাঁত খণ্ডৰ ঋণ প্ৰদান কৰে। ইয়াক ৭ শতাংশ পৰ্যন্ত চৰকাৰী সুতৰ ৰেহাইৰ দ্বাৰা অধিক সমৰ্থন কৰা হয়। ই মাৰ্জিন মানি সাহায্যও প্ৰদান কৰে আৰু ক্ৰেডিট গেৰাণ্টি মাচুল সামৰি লয়। হস্ততাঁত তাঁতী মুদ্ৰা পৰ্টেলে সময়মতে বিত্তীয় সাহায্য হস্তান্তৰ কৰাত সহায় কৰে।
- ২০২১-২২ ৰ পৰা ২০২৬-২৭(জুন মাহলৈকে) ৰ ভিতৰত মুঠ ~ ৪০,০০০+ ঋণ অনুমোদন কৰা হৈছিল, যাৰ পৰিমাণ আছিল ~ ২৮০ + কোটি টকা।
- ২০২৬-২৭ অনুসৰি মুঠ ৯৬৭ টা ঋণ অনুমোদন কৰা হৈছিল, যাৰ পৰিমাণ আছিল ৭.৪৫ কোটি টকা।
ঘ. হস্ততাঁত তাঁতী কল্যাণ (সামাজিক সুৰক্ষা ব্যৱস্থা)
তাঁতীসকলৰ কল্যাণমূলক ব্যৱস্থাসমূহে তাঁতী আৰু শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সন্তানৰ বাবে বৃত্তি প্ৰদান কৰে। ইয়াৰ ভিতৰত আছেঃ
- প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই): পিএমজেজেবিৱাই-এ ১৮ পৰা ৫০ বছৰ বয়সৰ হস্ততাঁত তাঁতী আৰু শ্ৰমিকসকলক বছৰি নৱীকৰণযোগ্য জীৱন বীমা প্ৰদান কৰে। ই যিকোনো কাৰণত মৃত্যু হ’লে ২ লাখ টকাৰ বীমাৰ ধন প্ৰদান কৰে।
- প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই): পিএমএছ বিৱাই-এ ১৮ পৰা ৭০ বছৰ বয়সৰ হস্ততাঁত তাঁতী আৰু শ্ৰমিকসকলক বছৰি নৱীকৰণযোগ্য দুৰ্ঘটনা বীমা প্ৰদান কৰে। ই দুৰ্ঘটনাজনিত মৃত্যু বা স্থায়ী সম্পূৰ্ণ অক্ষমতাৰ বাবে ২ লাখ টকা আৰু স্থায়ী আংশিক অক্ষমতাৰ বাবে ১ লাখ টকা প্ৰদান কৰে।
|
পিএমজেজেবিৱাই আৰু পিএমএছবিৱাইৰ প্ৰদৰ্শন
- ২০২১-২২ৰ ১,১১,৯৫৭ হস্ততাঁত তাঁতী আৰু শ্ৰমিকৰ নাম (মে’ মাহলৈকে) ২০২৬-২৭ত ২,০২,৩৩ লৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত ৮০.৮ শতাংশ বৃদ্ধি হৈছে।
- এই সময়ছোৱাত মুকলি কৰা পুঁজি ২০৪.৮৩ লাখ টকাৰ পৰা ৩৩৫ লাখ টকালৈ বৃদ্ধি পাইছে, যিটো ৬৩.৬ শতাংশ বৃদ্ধি।
|
- বৃত্তিঃ স্বীকৃত বস্ত্ৰ ডিপ্লোমা, স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম অনুসৰণ কৰা প্ৰতিজন হস্ততাঁত কৰ্মীৰ দুটা শিশুক বছৰি ২লাখ টকা পৰ্যন্ত বৃত্তি প্ৰদান কৰা হয়। আৰম্ভণিৰে পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত ৫৩১ খন আবেদন মঞ্জুৰ কৰা হৈছিল।
ঙ. মেগা ক্লাষ্টাৰ উন্নয়ন কাৰ্যসূচী
মেগা ক্লাষ্টাৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত, প্ৰতিটো মেগা হস্ততাঁত গোটে কমেও ১০,০০০ হস্ততাঁত/গোট সামৰি লয় আৰু পাঁচ বছৰত ৩০ কোটি টকা পৰ্যন্ত কেন্দ্ৰীয় সাহায্য লাভ কৰিব পাৰে।
- আঠটা মেগা ক্লাষ্টাৰ সম্পূৰ্ণ হৈছে তথা কাৰ্য্যকৰী হৈছে আৰু চাৰিটা মেগা ক্লাষ্টাৰ ৰূপায়ণৰ অধীনত আছে।
- এই কাৰ্যসূচীৰ অধীনত ৩৭০.৭২ কোটি টকাৰ বিত্তীয় সাহায্য মুকলি কৰা হয়, যাৰ ফলত মুঠ ১,৬২,৬৮২ হস্ততাঁত তাঁতী উপকৃত হট।
চ. প্ৰয়োজন ভিত্তিক বিশেষ আন্তঃগাঁথনি প্ৰকল্পসমূহ
এই কাৰ্যসূচীৰ অধীনত সামগ্ৰীৰ বিকাশ, উৎপাদনশীলতা, গুণগত মানৰ উন্নতি, মূল্য সংযোজন আৰু বিপণনৰ বাবে ১২ কোটি টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হয়।
- ছযখন হস্ততাঁত গাঁও কাৰ্যক্ষম হৈ আছে আৰু তিনিখন ৰূপায়ণৰ অধীনত আছে।
- Raw Material Supply Scheme (RMSS)
আঁচনিখনে সকলো ধৰণৰ সূতাৰ ওপৰত মালবাহী মাচুল পৰিশোধ কৰি সূতাৰ প্ৰৱেশাধিকাৰক সমৰ্থন কৰে। ই নিৰ্ধাৰিত পৰিমাণৰ সীমা সাপেক্ষে নিৰ্দিষ্ট সূতাৰ ওপৰত ১৫ শতাংশ মূল্যৰ ৰাজসাহায্যও প্ৰদান কৰে।

|
এন এইচ ডি পি আৰু আৰ এম এছ এছ ক্ৰমে ২০৫ কোটি টকা আৰু ২০০ কোটি টকা বাজেট আবণ্টনৰ সৈতে ২০২৬-২৭ ত ৰূপায়ণ অব্যাহত আছে।
|
- GST Relief for Handlooms and Traditional Crafts
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ৫৬ সংখ্যক জিএছটি পৰিষদৰ বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰৰ পৰামৰ্শ দিয়া হৈছিল য’ত হস্ততাঁত খণ্ডক সমৰ্থন কৰা ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত আছিল।
- জি এছ টি যুক্তিসঙ্গতকৰণৰ অধীনত ৩৬ বিধ হস্তশিল্প সামগ্ৰীৰ ওপৰত কৰৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হয়।
- কপাহী হস্ততাঁতৰ ৰাগ আৰু হাতেৰে বোৱা দলিচাকো ৫ শতাংশ জিএছটি হাৰৰ অধীনত অনা হয়।
- ঘৰুৱা আৰু ঔদ্যোগিক চিলাই যন্ত্ৰৰ হাৰ একেধৰণে ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হয়, যাৰ ফলত চিলাই ইউনিটৰ বাবে ব্যয় হ্ৰাস হয় আৰু ঘৰুৱা উৎপাদনত সহায়ক হয়।
IVUnion Budget 2026-27: A New Policy Push for India’s Handlooms
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ ত কেইবাটাও নতুন পদক্ষেপৰ জৰিয়তে বস্ত্ৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছেঃ
- ৰাষ্ট্ৰীয় আঁহ আঁচনিখন বস্ত্ৰৰ কেঁচা-সামগ্ৰীৰ আধাৰ শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ই প্ৰাকৃতিক, মানৱ-নিৰ্মিত আৰু নতুন যুগৰ আঁহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাক উৎসাহিত কৰে।
- টেক্সটাইল সম্প্ৰসাৰণ আৰু নিযুক্তি আঁচনিৰ অধীনত পৰম্পৰাগত গোটসমূহৰ আধুনিকীকৰণ কৰা হ’ব। ই যন্ত্ৰপাতি, প্ৰযুক্তি উন্নয়ন আৰু সাধাৰণ পৰীক্ষা তথা প্ৰমাণপত্ৰ কেন্দ্ৰৰ বাবে মূলধন সমৰ্থন প্ৰদান কৰে।
- ৰাষ্ট্ৰীয় হস্ততাঁত আৰু হস্তশিল্প কাৰ্যসূচীয়ে বৰ্তমানৰ আঁচনিসমূহক একত্ৰিত আৰু শক্তিশালী কৰিব। ই দুয়োটা খণ্ডৰ বাবে লক্ষ্যযুক্ত সমৰ্থন নিশ্চিত কৰিব।.
- মহাত্মা গান্ধী গ্ৰাম স্বৰাজ উদ্যোগে খাদী, হস্ততাঁত আৰু হস্তশিল্পক শক্তিশালী কৰাৰ লগতে তাঁতী, গ্ৰাম্য উদ্যোগ, গ্ৰাম্য যুৱক-যুৱতী আৰু এখন জিলা এটা সামগ্ৰী (অ’ ডি অ’ পি) উদ্যোগক উপকৃত কৰিব। ই বিশ্ব বজাৰৰ সংযোগ, ব্ৰেণ্ডিং, প্ৰশিক্ষণ, দক্ষতা আৰু উৎপাদন প্ৰক্ৰিয়া তথা উন্নত মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
|
অ’ ডি অ’ পি উদ্যোগে অনন্য জিলা সামগ্ৰী, সন্তুলিত আঞ্চলিক উন্নয়ন আৰু স্থানীয় শিল্পী তথা উদ্যোগীসকলৰ বাবে বিস্তৃত বজাৰ প্ৰৱেশাধিকাৰক উৎসাহিত কৰে।
অধিক পঢ়কঃ ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট (অ’ ডি অ’ পি): স্থানীয় পথৰ পৰা গোলকীয় আৱৰণলৈ এক যাত্ৰা
|
ভাৰতৰ হস্ততাঁত পৰম্পৰা আঞ্চলিক আঁহ, কৌশল, বিষয়-বস্তু আৰু বয়ন জ্ঞানৰ প্ৰজন্মৰ ওপৰত আধাৰিত হৈ আছে। একে সময়তে, এই বস্ত্ৰবোৰ উপস্থাপন কৰা মঞ্চবোৰ সম্প্ৰসাৰিত হৈ আছে। চৰকাৰী প্ৰতিষ্ঠান আৰু উদ্যোগৰ দ্বাৰা সমৰ্থিত, আঞ্চলিক বয়ন পৰম্পৰা নতুন মঞ্চত উপনীত হৈছে।
শেহতীয়া কেইবাটাও প্ৰদৰ্শনীয়ে সমসাময়িক ডিজাইন আৰু বিস্তৃত সাংস্কৃতিক মঞ্চৰ জৰিয়তে পৰম্পৰাগত বস্ত্ৰ কেনেদৰে উপস্থাপন কৰা হৈছে সেয়া স্পষ্ট কৰে।
|
ডিচি হেণ্ডলুমছ আৰু এনআইএফটি-য়ে ২০২৬ চনৰ এপ্ৰিলত ৬১ সংখ্যক ফেমিনা মিছ ইণ্ডিয়াত বিশ্ব সূত্ৰ উন্মোচন কৰে। ভুৱনেশ্বৰত উপস্থাপন কৰা এই সংগ্ৰহে সমগ্ৰ ভাৰতত ৩০ খন হস্ততাঁত একত্ৰিত কৰিছিল। প্ৰতিটোৱে ৩০ খন দেশৰ পৰা অনুপ্ৰেৰণাৰ জৰিয়তে পুনৰ ব্যাখ্যা কৰা হৈছিল, বস্ত্ৰক আন্তঃৰাষ্ট্ৰীয় ছায়া-চিত্ৰ আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰা হৈছিল। এই যোৰাবোৰে প্ৰমাণীকৰণ আৰু আঞ্চলিক পৰিচয় বজাই ৰাখি ভাৰতীয় হস্ততাঁতক এক বিশ্বব্যাপী ডিজাইন বৰ্ণনাৰ ভিতৰত ৰাখিছে।

|
|
ব্ৰিডিং থ্ৰেডছে ভাৰত টেক্স ২০২৫ -ত হস্ততাঁত সমসাময়িক ফেশ্বনত কঢ়িয়াই আনে। ই পাঁচকন ৰাজ্যত বোৱা কাপোৰ ব্যৱহাৰ কৰি ৩০ টা ৰূপ প্ৰদৰ্শন কৰিছিল। এই কাপোৰবোৰ পশ্চিম বংগ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু ৰাজস্থানৰ পৰা আহিছিল। চান্দেৰী, মহেশ্বৰী, জামদানী, খুন, বেনাৰসী, কোটা ডোৰিয়া আৰু মুৰ্ছিদাবাদ তাঁতবোৰে গঠন আৰু কাৰ্ডিংৰ জৰিয়তে সমসাময়িক অভিব্যক্তি লাভ কৰিছিল।

|
|
গোৱাত অনুষ্ঠিত আই এফ এফ আই ২০২৫-ত, ডি চি হেণ্ডলুমছে হেণ্ডলুম শাৰী ইন মোশ্যনত কাপোৰ, সংস্কৃতি আৰু চিনেমা একত্ৰিত কৰেঃ ৰানৱেত ৭০ এম এম। এই শ্ব’টোৱে ১৯৪০-ৰ দশকৰ সুন্দৰ আৱৰণৰ পৰা আৰম্ভ কৰি ২০২০-ৰ দশকৰ পৰীক্ষামূলক ছায়াচিত্ৰলৈকে ভাৰতীয় চিনেমাৰ পৰিৱৰ্তিত শৈলীৰ সন্ধান কৰিছিল। তুছাৰ, ইকত পশমিনা, বেনাৰসী, চান্দেৰী, ভেংকটাগিৰি আৰু কুথামপুল্লীকে ধৰি ৪০খনতকৈও অধিক শাৰীয়ে আঞ্চলিক বয়ন পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছিল। পিচৱাই, পট্টাচিত্ৰ, ৱাৰ্লি, কালামকাৰী, মধুবানী, গোণ্ড আৰু ভিল কলা ব্যৱহাৰ কৰি পুৰস্কাৰ বিজয়ী শিল্পীসকলে ইয়াৰে কেইবাটাও হাতেৰে ৰং কৰিছিল।

|
এই প্ৰদৰ্শনীসমূহৰ লগতে, সহযোগিতামূলক মঞ্চসমূহে সমগ্ৰ হস্ততাঁত খণ্ডত পৰীক্ষা-নিৰীক্ষাৰ বাবে নতুন স্থান সৃষ্টি কৰি আছে।
ডিজাইনৰ অৰ্থ সম্প্ৰসাৰণ
- ৱেভ দ্য ফিউচাৰ ৪.০: অনুষ্ঠানটোৰ আপচাইক্লিং সংস্কৰণটো ১২-১৭ জুলাই ২০২৬-ৰ পৰা নতুন দিল্লীৰ দিল্লী হাটত অনুষ্ঠিত হৈছিল। এই প্ৰদৰ্শনীয়ে বৃত্তাকাৰ ডিজাইনত কাম কৰা ১০০ ৰো অধিক ব্ৰেণ্ড, কাৰিকৰী, পুনৰ্ব্যৱহাৰকাৰী আৰু উদ্ভাৱকসকলক একত্ৰিত কৰিছিল। ই অপচাইক্লিং, মেৰামতি, বহনক্ষম উৎপাদন আৰু দায়িত্বশীল ব্যৱহাৰৰ প্ৰচাৰ কৰিছিল।
হস্ততাঁত হেকাথন ২০২৬: বস্ত্ৰ মন্ত্ৰালয়ে ২০২৬ চনৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ বাবে হস্ততাঁত হেকাথন ২০২৬-ৰ শুভাৰম্ভ কৰে। প্ৰত্যাহ্বানটোৱে শিক্ষাৰ্থী, তাঁতী, শিল্পী, গৱেষক, ষ্টাৰ্টআপ আৰু পেছাদাৰীসকলক খণ্ডটোৰ বাবে ব্যৱহাৰিক সমাধান বিকশিত কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ বিষয়বস্তুবোৰ ডিজাইন, বহনক্ষমতা, ডিজিটেল প্ৰযুক্তি, বজাৰ প্ৰৱেশাধিকাৰ, ব্ৰেণ্ডিং, উৎপাদনশীলতা আৰু উদ্যোগশীলতাৰ ভিতৰত বিস্তৃত।
এই দৃশ্যই ভাৰতীয় হস্ততাঁতৰ বিস্তৃত দৃশ্যমানতা প্ৰদৰ্শন কৰে। ফেশ্বন শ্ব’, পেজেণ্ট, চিনেমা, বস্ত্ৰ প্ৰদৰ্শনী আৰু সহযোগিতামূলক ডিজাইন মঞ্চৰ জৰিয়তে আঞ্চলিক তাঁতবোৰে বিস্তৃত সাংস্কৃতিক আৰু সৃষ্টিশীল স্থানত প্ৰৱেশ কৰিছে। এই বৰ্ধিত দৃশ্যমানতাই এক বিস্তৃত কাহিনীৰ অংশ গঠন কৰে যি বজাৰ প্ৰৱেশাধিকাৰ আৰু ভাৰতৰ হস্ততাঁত ৰপ্তানি উপস্থিতিকো সামৰি লয়।
বিশিষ্ট ডিজাইন, সৰু-বেচ উৎপাদন আৰু পৰিৱেশ-অনুকূল প্ৰক্ৰিয়াসমূহে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত হস্ততাঁত সামগ্ৰীৰ শক্তিশালী চাহিদা সৃষ্টি কৰিছে।
২০২৫-২৬ ত ভাৰতৰ হস্ততাঁত ৰপ্তানি আছিল ১,৩৩০.৯৬কোটি টকা। এই সময়ছোৱাত ইউ এ ই, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, যুক্তৰাজ্য আৰু স্পেইন আছিল আগশাৰীৰ ৰপ্তানি গন্তব্যস্থান।
হস্ততাঁত সামগ্ৰীবোৰ বহল আৰু অধিক বৈচিত্ৰ্যময় বজাৰত উপনীত হোৱাৰ লগে লগে, সেইবোৰৰ সত্যতা, মান আৰু উৎপত্তি প্ৰতিষ্ঠা কৰাটো ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰে। চৰকাৰী সমৰ্থিত চিহ্ন, ব্ৰেণ্ডিং প্ৰণালী, জিআই পঞ্জীয়ন আৰু আইনী সুৰক্ষাসমূহে প্ৰকৃত হস্ততাঁত সামগ্ৰীসমূহ পৃথক কৰাত আৰু স্বীকৃত বয়ন পৰম্পৰা সুৰক্ষিত কৰাত সহায় কৰে। ডিজিটেল মঞ্চসমূহেও বজাৰৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ কৰিছে।
- চৰকাৰী ক্ৰেতাসকলক যোগান ধৰিবলৈ প্ৰায় ১.৫০ লাখ তাঁতী আৰু হস্ততাঁত প্ৰতিষ্ঠানে জিইএমত যোগদান কৰিছে।
- ভাৰতৰ হস্তনিৰ্মিত মঞ্চই প্ৰমাণিত তাঁতী আৰু উৎপাদক গোটসমূহক জিআই-টেগ কৰা সামগ্ৰীসহ প্ৰামাণিক সামগ্ৰী পোনপটীয়াকৈ গ্ৰাহকলৈ বিক্ৰী কৰিবলৈ সক্ষম কৰে। মঞ্চবোৰত ৪,১৮৬ তাঁতী আৰু শিল্পীসকলে ২০২৩-২৪ ৰ পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত বহিছিল।

হস্ততাঁত চিহ্নঃ এটা সামগ্ৰী হাতেৰে বোৱা বুলি চিহ্নিত কৰা
২০০৬ চনত আৰম্ভ কৰা হস্ততাঁত চিহ্ন আঁচনিখনে হস্ততাঁত সামগ্ৰীসমূহক এক সামূহিক আৰু স্বতন্ত্র পৰিচয় প্ৰদান কৰে। ই হাতেৰে বোৱা সামগ্ৰীৰ প্ৰচাৰ কৰে আৰু ক্ৰেতাসকলক আশ্বাস দিয়ে যে তেওঁলোকে ক্ৰয় কৰা সামগ্ৰীবিধ প্ৰকৃততে হাতেৰে বোৱা আৰু ই সামগ্ৰী বা ইয়াৰ নিৰ্মাতাক অধিক সহজে চিনাক্ত কৰাত সহায় কৰে।
- ৩০ জুন ২০২৬ লৈকে ২৯,৪০২ হস্ততাঁত চিহ্ন পঞ্জীয়ন জাৰি কৰা হৈছে আৰু;
- মুঠ ৮১৫ টা খুচুৰা বিক্ৰেতাই লেবেল থকা সামগ্ৰী বিক্ৰী কৰে
ভাৰত হস্ততাঁত ব্ৰেণ্ডঃ গুণগত মানৰ নিশ্চয়তা সংযোজন
২০১৫ চনৰ ৭ আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত ভাৰতীয় হস্ততাঁত ব্ৰেণ্ড মুকলি কৰা হৈছিল। ই উচ্চ মানৰ, প্ৰামাণিক পৰম্পৰাগত ডিজাইন, শূন্য ত্ৰুটি আৰু শূন্য পাৰিপাৰ্শ্বিক প্ৰভাৱৰ সৈতে নিখুঁত হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰ কৰে। এই প্ৰমাণপত্ৰত নিশ্চিত দ্ৰুত ৰং, ছাল-অনুকূল ৰং আৰু সামাজিক অনুপালনৰ সৈতে প্ৰাকৃতিক আঁহযুক্ত সামগ্ৰীসমূহ সামৰি লোৱা হৈছে।
- জুন, ২০২৬ৰ ভিতৰত ১৮৪ টা শ্ৰেণীত, ২,৩০৫ পঞ্জীয়ন জাৰি কৰা হৈছিল।
জি আই টেগঃ আঞ্চলিক তাঁতৰ পৰিচয় সুৰক্ষিতকৰণ
জি আই আইন, ১৯৯৯-এ পঞ্জীয়নভুক্ত ভৌগোলিক সংকেতসমূহক অননুমোদিত ব্যৱহাৰৰ পৰা সুৰক্ষিত কৰে। পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীসকলে অবৈধ উৎপাদন বা বিপণনৰ বিৰুদ্ধে আৰক্ষী কৰ্তৃপক্ষৰ ওচৰলৈ যাব পাৰে, আনহাতে ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ বিভাগসমূহক সুৰক্ষা শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- ২০২৬ চনৰ আগষ্ট মাহত প্ৰকাশিত তথ্য অনুসৰি, পঞ্জীয়নত ১০৬ টা হস্ততাঁত সামগ্ৰী, ছটা সামগ্ৰীৰ ল’গ’ আৰু ২২৭ টা হস্তশিল্প সামগ্ৰী সামৰি লোৱা হৈছিল।
|
জি আই টেগ এটা নিৰ্দিষ্ট অঞ্চলত উৎপন্ন হোৱা সামগ্ৰী চিনাক্ত কৰে যাৰ গুণগত মান, সুনাম বা বৈশিষ্ট্য সেই ভৌগোলিক উৎপত্তিৰ সৈতে জড়িত।
|
সংৰক্ষিত হস্ততাঁত সামগ্ৰীৰ বাবে আইনী সুৰক্ষা
হস্ততাঁত আইন ১৯৮৫ এ, তাঁতী আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক পাৱাৰলুম আৰু কলৰ দ্বাৰা হোৱা বেদখলৰ পৰা সুৰক্ষিত কৰে। ই হস্ততাঁত উৎপাদনৰ বাবে ১১ টা নিৰ্দিষ্ট বস্ত্ৰ সামগ্ৰী সংৰক্ষণ কৰে।
চৰকাৰী সংস্থাসমূহে কেৱল হস্ততাঁতৰ বাবে সংৰক্ষিত সামগ্ৰীৰ উৎপাদন প্ৰতিৰোধ কৰিবলৈ পাৱাৰলুম ইউনিটসমূহ পৰীক্ষা কৰে।
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ -এ ভৱিষ্যতৰ সম্ভাৱনাসমূহৰ প্ৰতি পৰম্পৰাৰ সহনশীলতাৰ বাহিৰেও চাবলৈ এক মুহূৰ্ত প্ৰদান কৰে।
ভাৰতীয় হস্ততাঁতসমূহে স্থান, সম্প্ৰদায় আৰু দক্ষতাৰ স্মৃতি বহন কৰে, তথাপিও তেওঁলোকৰ কাহিনীয়ে প্ৰতিটো প্ৰজন্মৰ সৈতে নতুন অভিব্যক্তি বিচাৰি আছে। সমসাময়িক জীৱনত তেওঁলোকৰ বৰ্ধিত উপস্থিতিয়ে দেখুৱায় যে ঐতিহ্য কেনেকৈ ইয়াৰ চৰিত্ৰ নেহেৰুওৱাকৈ প্ৰাসংগিক হৈ থাকিব পাৰে।
যিহেতু বিশ্বই ইয়াৰ বয়নৰ জৰিয়তে ভাৰতক অধিক আৱিষ্কাৰ কৰিছে, হস্ততাঁতে উত্তৰাধিকাৰী জ্ঞানক নতুন আকাংক্ষাৰ সৈতে সংযোগ কৰি আছে। ই তাঁতীৰ হাতৰ পৰা এক বিস্তৃত বিশ্বলৈ আঞ্চলিক পৰিচয় কঢ়িয়াই আনে।
প্ৰসংগঃ
বস্ত্ৰ মন্ত্ৰালয়ঃ
https://handlooms.nic.in/assets/img/Statistics/3736.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2153746®=48&lang=2
https://sansad.in/getFile/annex/265/AS135_suGmAI.pdf?source=pqars
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2148300®=48&lang=2
https://sansad.in/getFile/loksabhaquestions/annex/185/AU4300_zg5b8v.pdf?source=pqals
https://handlooms.nic.in/assets/img/Statistics/Background_note_on_handloom_sector.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2146379&lang=2®=48
https://www.texmin.gov.in/static/uploads/2026/05/5c48e80d2180ca3194b9e9b01340696d.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2290320®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2286966&lang=1®=1
https://sansad.in/getFile/loksabhaquestions/annex/187/AU5220_ml9Xxl.pdf?source=pqals
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2253525®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2103763®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2194154®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2283412®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2152924®=48&lang=2
https://sansad.in/getFile/annex/270/AU2558_zikFcF.pdf?source=pqars
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2152551&lang=2®=48
https://handlooms.nic.in/assets/img/Final%20Revised%20%20Guidelines%20NHDP%2012.04.2023.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2163905®=48&lang=2
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1812498®=48&lang=2
বিত্ত মন্ত্ৰালয়ঃ
https://www.indiabudget.gov.in/doc/eb/sbe98.pdf
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ঃ
https://ipindia.gov.in/gi-introduction
এমএছএমই মন্ত্ৰালয়ঃ
https://www.coek.in/events
ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ঃ
https://www.psa.gov.in/livelihood/10117
হস্ততাঁত ৰপ্তানি প্ৰচাৰ পৰিষদ (এইচইপিচি)
https://www.hepcindia.com/img/HS%20Code%20Wise%20Handloom%20Data%20from%202009-10%20to%202025-26.pdf
https://www.hepcindia.com/top_20_countries
পিআইবি অভিলেখাগাৰঃ
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=154978®=48&lang=2
অন্যান্যঃ
https://www.esquireindia.co.in/style/just-landed/fdci-khadi-samant-chauhan-shows-at-moscow-fashion-week
Click to see pdf
***
PIB Research/MK
(रिलीज़ आईडी: 2295790)
आगंतुक पटल : 9