গৃহ মন্ত্ৰালয়
নিৰাপত্তা আন্তঃগাঁথনি , বাওঁপন্থী উগ্ৰবাদৰ মোকাবিলা তথা উন্নয়নৰ প্ৰসংগত গ্ৰহণ কৰা পদক্ষেপ
পোষ্ট কৰা হৈছে:
05 AUG 2026 3:08PM by PIB Guwahati
ভাৰতীয় সংবিধানৰ সপ্তম অনুচ্ছেদ অনুসৰি আৰক্ষী আৰু জন-শৃংখলাৰ বিষয়ত ৰাজ্য চৰকাৰসমূহ দায়বদ্ধ। কিন্তু বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই)ৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা ৰাজ্যসমূহৰ প্ৰচেষ্টাক ভাৰত চৰকাৰে পৰিপূৰক হিচাপে সহায় কৰি আহিছে। এল ডব্লিউ ইৰ বিপদক সামগ্ৰিকভাৱে মোকাবিলা কৰিবলৈ ২০১৫ চনত “এল ডব্লিউ ইক মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা” (National Policy and Action Plan to address LWE)ত অনুমোদন জনোৱা হৈছিল, যিয়ে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অধীনত নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়ন সম্পৰ্কীয় হস্তক্ষেপ,স্থানীয় জনগোষ্ঠীৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিত কৰা আদি নীতিৰ দৃঢ় ৰূপায়ণৰ জড়িয়তে দেশৰ পৰা বাওঁপন্থী উগ্ৰবাদ নিৰ্মূল কৰা হৈছে।
প্ৰায় ছয় দশকৰ হিংসাৰ অন্তত দেশখন বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত হৈছে, যি সমস্যাক এসময়ত এই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অন্যতম বৃহৎ ভাবুকি হিচাপে গণ্য কৰা হৈছিল। “বাওঁপন্থী উগ্ৰবাদক মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা” ২০১৫ আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ দ্বাৰা এই কাম সম্ভৱ হৈ উঠিছে। বৰ্তমান ছত্তীশগড় বা আন কোনো ৰাজ্যৰ কোনো জিলাই এল ডব্লিউ ই প্ৰভাৱান্বিত হৈ থকা নাই। বৰ্তমান দেশৰ ৩৮খন জিলাক (ছত্তীশগড়ত ১৩খন) ‘লেগেচি এণ্ড থ্ৰাষ্ট’ জিলা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, যিবোৰ এল ডব্লিউ ই প্ৰভাৱান্বিত হৈ থকা নাই । কিন্তু স্থিতি সুদৃঢ় কৰিবলৈ আৰু ইয়াৰ পুনৰ উত্থান হোৱাৰ আশংকা ৰোধ কৰিবলৈ কিছু সময়ৰ বাবে নিৰাপত্তা তথা উন্নয়নৰ ব্যৱস্থাৰ ক্ষেত্ৰত অবিৰত সহায়ৰ প্ৰয়োজন আছে।
জনজাতীয় আৰু দুৰ্গম অঞ্চলৰ উন্নয়নৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াৰ ফলত নক্সালবাদৰ মূল কাৰণটোক মোকাবিলা কৰিব পৰা গৈছে । আন্তঃগাঁথনিত বিনিয়োগৰ লগতে উন্নত আইন-শৃংখলা পৰিস্থিতিয়ে ৰাজহুৱা/ব্যক্তিগত বিনিয়োগ বৃদ্ধিকে ধৰি বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ বাবে এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰিছে।
উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ বাহিৰেও ছত্তীশগড়ৰ পূৰ্বৰ এল ডব্লিউ ই প্ৰভাৱান্বিত অঞ্চলসমূহত পথ নেটৱৰ্ক সম্প্ৰসাৰণ, দূৰসংযোগ সংযোগ, শিক্ষা, দক্ষতা বিকাশ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ জোৰ দি বহু কেইটা বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছত্তীশগড়ত গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ কেইটামান তলত উল্লেখ ধৰণৰ -
• পথ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ২ টা এল ডব্লিউ ই নিৰ্দিষ্ট আঁচনিৰ অধীনত ৪,৩১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে, সেয়া ৰোড ৰিকুৱাৰমেণ্ট প্লেন(আৰ আৰ পি) আৰু এল ডব্লিউ ই প্ৰভাৱান্বিত এলেকাৰ বাবে পথ সংযোগ প্ৰকল্প (আৰ চি পি এল ডব্লিউ ই এ)ৰ অধীনত কৰা হৈছে। ইয়াৰ উপৰি ছত্তীশগড়ৰ পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সীমান্ত পথ সংস্থাই (বি আৰ অ’) নিৰ্মাণ কৰিবলগীয়া ১২৭.০৮ কিলোমিটাৰ পথ আৰু ৬খন দলং নিৰ্মাণত অনুমোদন জনোৱা হৈছে।
• টেলিকম সংযোগ উন্নত কৰাৰ বাবে ১৫১১ টা টাৱাৰ স্থাপন কৰা হৈছে।
• দক্ষতা বিকাশৰ বাবে ৯খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই) আৰু ১৪টা দক্ষতা বিকাশ কেন্দ্ৰ (এছ ডি চি) মুকলি কৰা হৈছে।
• জনজাতীয় অঞ্চলত গুণগত শিক্ষাৰ বাবে ৪৫ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ই এম আৰ এছ) কাৰ্যক্ষম কৰি তোলা হৈছে।
• বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ডাক বিভাগে বেংকিং সেৱাৰ সৈতে ১৫০৮টা ডাকঘৰ মুকলি কৰিছে। লগতে বেংকৰ ৪১৩টা শাখা আৰু ২৬৯টা এটিএম মুকলি কৰা হৈছে।
• ছত্তীশগড়ৰ বাস্তাৰ অঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত স্থাপন কৰা জগদলপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ২৪০ বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল কাৰ্যক্ষম কৰা হৈছে। এই সুবিধাৰ জৰিয়তে এতিয়া স্বাস্থ্যসেৱা সেৱা বাস্তাৰৰ জনসাধাৰণৰ ওচৰ পাইছে, যাৰ ফলত ৰোগীয়ে চিকিৎসাৰ বাবে দূৰৈৰ চহৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে।
• স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিত কৰাৰ বাবে হিতাধিকাৰীসকলক ৫,৩৪,০৬৮ টা টাইটেল ডীড বিতৰণ কৰা হৈছে (৪,৮১,৪৩২ টা ব্যক্তিগত টাইটেল আৰু ৫২,৬৩৬ টা সামূহিক টাইটেল)। ছত্তীশগড়কে ধৰি পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্থানীয় আত্মশাসনক অধিক শক্তিশালী কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ সৈতে যৌথ পৰিকল্পনা যুগুত কৰিছে।
এই ব্যৱস্থাসমূহে এল ডব্লিউ ইৰ পৰা মুক্ত অঞ্চলসমূহত সম্প্ৰদায়ৰ অধিকাৰ শক্তিশালী কৰা আৰু অংশগ্ৰহণমূলক শাসন বৃদ্ধিৰ দিশত চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়েও ছত্তীশগড়ৰ পূৰ্বতে এল ডব্লিউ ই প্ৰভাৱান্বিত সাতখন জিলাত এক সমীক্ষা চলাই বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি, উন্নয়নমূলক পদক্ষেপ আৰু এটা স্বতন্ত্ৰ সংস্থাৰ জৰিয়তে জীৱিকা লাভৰ সম্ভাৱনাৰ পৰিসৰৰ মূল্যায়ন কৰিছে।
এই সমীক্ষাত শিক্ষাৰ স্তৰ, স্বাস্থ্য সূচক, আৰু প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ আৰু স্বাস্থ্য সুবিধা আদিৰ দৰে মৌলিক সেৱাৰ উপলব্ধতাৰ সবিশেষ সন্নিবিষ্ট কৰা হৈছে। সমীক্ষাৰ পৰা পোৱা তথ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰক উন্নয়নমূলক ব্যৱধান দূৰ কৰাৰ লগতে জীৱিকা নিশ্চিত কৰাত সহায় কৰিছে।
•যুৱক-যুৱতী আৰু স্থানীয় সম্প্ৰদায়ক গঠনমূলক কামত জড়িত কৰিবলৈ চৰকাৰে জনজাতীয় যুৱ বিনিময় কাৰ্যসূচী (TYEP) ৰূপায়ণ কৰিছে, যাৰ অধীনত ছত্তীশগড়কে ধৰি পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলৰ জনজাতীয় যুৱক-যুৱতীসকলক দেশৰ বিভিন্ন প্ৰান্তলৈ সপ্তাহজোৰা ভ্ৰমণলৈ লৈ যোৱা হয়। এই কাৰ্যসূচীয়ে তেওঁলোকক বিভিন্ন অঞ্চল আৰু পটভূমিৰ লোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত ৰাষ্ট্ৰীয় সংহতিৰ প্ৰসাৰ ঘটিছে, ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে আৰু দেশৰ ঔদ্যোগিক তথা উন্নয়নমূলক অগ্ৰগতিৰ সৈতে পৰিচিত হৈছে।
•২০১৪ চনৰ পৰা ছত্তীশগড়কে ধৰি পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ পৰা মুঠ ৩৭,৬৫৫ জন জনজাতীয় যুৱকে টি আই ই পিত অংশগ্ৰহণ কৰিছে।
•ইয়াৰ উপৰি নাগৰিক কাৰ্য্যসূচীৰ অধীনত ছত্তীশগড়কে ধৰি পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিয়োজিত চি এ পি এফসমূহক চিকিৎসা শিবিৰ, ক্ৰীড়া প্ৰতিযোগিতা আৰু স্থানীয় জনগোষ্ঠীসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণকে ধৰি তেওঁলোকৰ কাৰ্য্যকৰী এলেকাত বিভিন্ন কল্যাণমুখী কাৰ্য্যকলাপ গ্ৰহণৰ বাবে চৰকাৰে ধন প্ৰদান কৰি আহিছে। ইয়াৰ ফলত নিৰাপত্তা বাহিনী আৰু স্থানীয় জনসাধাৰণৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় হৈছে। ২০১৪ চনৰ পৰা এই আঁচনিৰ অধীনত ছত্তীশগড়কে ধৰি পূৰ্বৰ এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিয়োজিত চি এ পি এফসমূহলৈ ২২১.৮৮ কোটি টকা মুকলি কৰি দিয়া হৈছে।
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ভাৰত সংৰক্ষিত বেটেলিয়ন গঠন, হেলিকপ্টাৰেৰে সহায়, নিৰাপত্তা শিবিৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা, প্ৰশিক্ষণ, ৰাজ্যিক আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে ধন, সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱা তথ্যৰ ভাগ-বাটোৱাৰা কৰা, দুৰ্গম আৰক্ষী থানা আদি নিৰ্মাণৰ জৰিয়তে চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত সহায় কৰি আহিছে।
• ২০১৪-১৫ চনৰ পৰা ৰাজ্যসমূহৰ সামৰ্থ্য বিকাশৰ বাবে নিৰাপত্তা সম্পৰ্কীয় ব্যয় (SRE) আঁচনিৰ অধীনত নিৰাপত্তা বাহিনীৰ কাৰ্যকৰী ব্যয় তথা প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, আত্মসমৰ্পণ কৰা এল ডব্লিউ ই কেডাৰৰ পুনৰ সংস্থাপন, এল ডব্লিউ ই হিংসাত নিহত শ্বহীদ নিৰাপত্তা বাহিনীৰ জোৱান/অসামৰিক লোকৰ পৰিয়ালক অনুদান প্ৰদানৰ বাবে ৩৮০৫.০৪ কোটি টকা পূৰ্বতে এল ডব্লিউ ই ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক মুকলি কৰি দিয়া হৈছে। এছ আৰ ই আঁচনিৰ অধীনত ছত্তীশগড় ৰাজ্যলৈ ১৪৫৩.৯৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।
• ৰাজ্যসমূহে নিজৰ আৰক্ষী বাহিনীক সুসজ্জিত আৰু আধুনিকীকৰণৰ প্ৰচেষ্টাক “আৰক্ষী বাহিনীৰ আধুনিকীকৰণ” আঁচনিৰ অধীনত পৰিপূৰক হিচাপে গ্ৰহণ কৰা হৈছে। আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰসমূহক অস্ত্ৰ-শস্ত্ৰ, তথ্য প্ৰযুক্তি, যোগাযোগ, প্ৰশিক্ষণ, আৰক্ষী থানা নিৰ্মাণ, গতিশীলতা আৰু আৰক্ষী আবাস আৰু অন্যান্য আৰক্ষী আন্তঃগাঁথনি নিৰ্মাণ আদিৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়।ইয়াৰ উপ আঁচনি অৰ্থাৎ বিশেষ আন্তঃগাঁথনি আঁচনি (SIS)ৰ অধীনত কামৰ বাবে ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়। ৰাজ্যৰ বিশেষ বাহিনী, বিশেষ চোৰাংচোৱা শাখা (এছ আই বি), জিলা আৰক্ষী আৰু দুৰ্গম আৰক্ষী থানা (এফ পি এছ) নিৰ্মাণৰ বাবে এল ডব্লিউ ই ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক ১৭৬১ কোটি টকা অনুমোদন জনোৱা হৈছে, ইয়াৰে ৪৫১.২ কোটি টকা ছত্তীশগড়ক অনুমোদন জনোৱা হৈছে।
নিৰাপত্তা আন্তঃগাঁথনিৰ বিষয় চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ হৈ আহিছে। এই পৰ্যন্ত ৬৬৩খন দুৰ্গম থানা নিৰ্মাণ কৰা হৈছে, ইয়াৰে ১৩৫টা ছত্তীশগড়ত নিৰ্মাণ কৰা হৈছে।এছ আই এছ-২০১৭-২১ আৰু এছ আই এছ ২০২২-২৬ৰ অধীনত ছত্তীশগড়লৈ ১১০.৩৪ কোটি (কেন্দ্ৰীয় শ্বেয়াৰৰ ৬০%) টকা মুকলি কৰি দিয়া হৈছে।
• এল ডব্লিউ ই ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায় (এ চি এল ডব্লিউ ই এম এছ) আঁচনিৰ অধীনত শিবিৰৰ মৌলিক গঠন আৰু এল ডব্লিউ ই প্ৰতিৰোধ কাৰ্য্যকলাপৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থাৰ বাবে সাহায্য প্ৰদান কৰা হয়। ২০১৪-১৫ চনৰ পৰা এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় সংস্থাসমূহক ১৩০৩.৬৮ কোটি টকা প্ৰদান কৰা হৈছে।
• পূৰ্বৰ অধিকাংশ এল ডব্লিউ ই প্ৰভাৱান্বিত জিলাসমূহৰ উন্নয়নক প্ৰেৰণা দিবলৈ ‘বিশেষ কেন্দ্ৰীয় সাহায্য (এছ চি এ) আঁচনি’ৰ অধীনত ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যৱধান দূৰ কৰাৰ বাবে ধন প্ৰদান কৰা হয়। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈকে ছত্তীশগড় ৰাজ্যলৈ প্ৰায় ১৭১৫.৮৩ কোটি টকা মুকলি কৰি দিয়া হৈছে।
• এল ডব্লিউ ইৰ বাবে হোৱা আৰ্থিক শোষণ আৰু চি পি আই (মাওবাদী) তথা ইয়াৰ আৰ্থিক সমৰ্থকৰ মাজৰ সম্পৰ্ক উন্মোচন কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত বিভিন্ন উপায়েৰে সমন্বিত কাৰ্য্যৰে বিগত সময়ত বাওঁপন্থী উগ্ৰপন্থীসকলক যোগান ধৰা ধন আৰু সম্পদৰ প্ৰবাহ বন্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰিছে।
এল ডব্লিউ ইসমূহক মূলসুঁতিত যোগদান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে ব্যাপক আত্মসমৰ্পণ-তথা-পুনৰ্বাসন নীতি প্ৰণয়ন কৰিছে। নিৰাপত্তা সম্পৰ্কীয় ব্যয় (এছ আৰ ই) আঁচনিৰ অংশ হিচাপে ‘আত্মসমৰ্পন-তথা-পুনৰ্বাসন’ নীতিৰ জৰিয়তেও ৰাজ্যসমূহক এই প্ৰচেষ্টাত সহায় কৰিছে।
এছ আৰ ই আঁচনিৰ অধীনত আত্মসমৰ্পণ কৰাসকলৰ পুনৰ সংস্থাপনৰ বাবে এল ডব্লিউ ই প্ৰভাৱান্বিত ৰাজ্যসমূহে কৰা ব্যয় চৰকাৰীভাৱে পৰিশোধ কৰা হয়। পুনৰ সংস্থাপন পেকেজত অন্যান্য বিষয়ৰ লগতে অনুদান অন্তৰ্ভুক্ত কৰা হৈছে। উচ্চ পদবীৰ এল ডব্লিউ ই কেডাৰৰ বাবে ৫ লাখ টকা আৰু তলৰ শ্ৰেণীৰ এল ডব্লিউ ই কেডাৰৰ বাবে ২.৫ লাখ টকা। ইয়াৰ উপৰি আঁচনিৰ অধীনত অস্ত্ৰ-শস্ত্ৰ/গোলা-বাৰুদ আত্মসমৰ্পণৰ বাবেও উদগনি প্ৰদান কৰা হৈছে। ষ্টাইপেণ্ডৰ সৈতে তেওঁলোকৰ পছন্দৰ বাণিজ্য/বৃত্তিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও আছে। তিনি বছৰৰ বাবে মাহে ১০,০০০/- টকাকৈ আগবঢ়োৱা হৈছে। ৰাজ্যসমূহক আকৰ্ষণীয় আত্মসমৰ্পন তথা পুনৰ সংস্থাপন নীতি গ্ৰহণ কৰিবলৈও উৎসাহিত কৰা হৈছে।
এল ডব্লিউ ইক মোকাবিলা কৰা পিছৰ পৰিস্থিতিত আত্মসমৰ্পণ কৰা কেডাৰসকলৰ পুনৰ সংস্থাপনৰ সুবিধা প্ৰদান, চৰকাৰী কল্যাণমূলক কাৰ্যসূচীৰ পৰিপূৰকতা, স্থানীয় আত্মশাসন শক্তিশালী কৰা, জনজাতীয় পৰিচয় আৰু সংস্কৃতি সংৰক্ষণ আৰু দুৰ্গম অঞ্চলত শাসন তথা ৰাজহুৱা সেৱাৰ প্ৰসাৰতা বৃদ্ধিৰ বিষয়ত চৰকাৰে গুৰুত্ব আৰোপ কৰা হৈছে।
তদুপৰি এল ডব্লিউ ই নিৰ্মূলৰ পিছত এল ডব্লিউ ই মুক্ত অঞ্চলৰ এক তৃতীয়াংশ নিৰাপত্তা শিবিৰক জন সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। এই কেন্দ্ৰসমূহে স্থানীয় জনগোষ্ঠীসমূহক জীৱিকাৰ প্ৰসাৰ, দক্ষতা বিকাশ, চৰকাৰী আঁচনি, ডিজিটেল সেৱা, স্বাস্থ্যসেৱা আৰু সাংস্কৃতিক তথা ক্ৰীড়াৰ সুবিধাসমূহৰ সুবিধাকে ধৰি একাধিক সেৱা আগবঢ়াব। ছত্তীশগড়ৰ বাস্তাৰৰ জগদলপুৰৰ নেতানাৰত শ্বহীদ বীৰ গুণ্ডাধুৰ সেৱা ডেৰা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে, এয়া হৈছে প্ৰথম জন সুবিদ্যা কেন্দ্ৰ।
সামগ্ৰিকভাৱে দেশৰ পূৰ্বৰ এল ডব্লিউ ই প্ৰভাৱান্বিত জিলাসমূহৰ নিৰাপত্তা তথা উন্নয়ন নিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।
*****
RK/RR/PR/PS/SC/DM
(ৰিলিজ আই ডি : 2295415)
অতিথি কক্ষ : 39