গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত অৰ্থনৈতিক উন্নয়ন
प्रविष्टि तिथि:
04 AUG 2026 3:32PM by PIB Guwahati
বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ, পথ, সামুদ্ৰিক আৰু বিমান যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, ডিজিটেল সংযোগৰ বৃদ্ধি, পৰ্যটনৰ প্ৰসাৰ, শিক্ষা, স্বাস্থ্যসেৱা আৰু ঔদ্যোগিক খণ্ডক শক্তিশালীকৰণ, নগৰীয়া সেৱাৰ উন্নতি, প্ৰশাসনীয় সংস্কাৰ, ব্যৱসায় সুচলতা আৰু জীৱিকা সৃষ্টি আদি কেইবাটাও বিশেষ পদক্ষেপৰ জৰিয়তে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰে ধাৰাবাহিক প্ৰচেষ্টা চলাই আহিছে। ইয়াৰ বিৱৰণ পৰিশিষ্ট-I ত দিয়া হ’ল।
আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, পিএম সূৰ্য ঘৰ: মুক্ত বিজুলী যোজনা, পিএম-কুসুম আদি, বৃহৎ পৰিসৰৰ ছ’লাৰ প্ৰকল্পৰ বিকাশ, ৰুফটপ ছ’লাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ, ঘৰুৱা ব্যৱহাৰত সৌৰশক্তি গ্ৰহণক উৎসাহিত কৰা আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত নবীকৰণযোগ্য আৰু সেউজ শক্তিৰ প্ৰসাৰৰ বাবে চৰকাৰে নানাধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থা আৰু ইয়াৰ পৰা লাভ কৰা সুবিধাসমূহৰ বিৱৰণ পৰিশিষ্ট-II ত প্ৰদান কৰা হ’ল।
পৰিশিষ্ট-I
(i) দিল্লীৰ যশোভূমি কনভেনচন চেণ্টাৰ আৰু ভাৰত মণ্ডপমৰ দৰে উল্লেখযোগ্য MICE (Meetings, Incentives, Conferences and Exhibitions) আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰা হৈছে।
(ii) জম্মু আৰু কাশ্মীৰত চেনানী-নাশ্ৰী সুৰংগ, জেড-মোৰ সুৰংগ আৰু ঐতিহাসিক চেনাব ৰে’ল সেতু অন্তৰ্ভুক্ত থকা উধমপুৰ-শ্ৰীনগৰ-বাৰামুলা ৰে’ল সংযোগৰ দৰে কৌশলগত আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ হৈছে।
(iii) পথ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা হৈছে, যেনে— দিল্লীত আৰবান এক্সটেনশ্বন ৰোড-II (UER-II) আৰু দ্বাৰকা এক্সপ্ৰেছৱে’, দিল্লী-দেৰাডুন আৰু দিল্লী-মীৰাট এক্সপ্ৰেছৱে’; আৰু লাডাখত নতুন চলোৱাৰ উপযোগী সেতুবন্ধন নিৰ্মাণ আদি, যিয়ে আঞ্চলিক যোগাযোগ ব্যবস্থা লক্ষণীয়ভাৱে উন্নত কৰিছে।
(iv) শীতকালতো দুৰ্গম এলেকা আৰু জৰুৰী চিকিৎসা সেৱাৰ যোগাযোগ সুনিশ্চিত কৰিবলৈ লাডাখত হেলিপেড আৰু হেংগাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। দৈনিক সূচীবদ্ধ বিমান সেৱা আৰু জলবিমানৰ সফল পৰীক্ষণৰ জৰিয়তে লাক্ষাদ্বীপৰ বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়া পুৰম আৰু দমনৰ নমো বিমান বন্দৰত নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে।
(v) কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ, বিশেষকৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপৰ দৰে দ্বীপসমূহৰ ডিজিটেল সংযোগ যথেষ্ট সম্প্ৰসাৰিত হৈছে। আন্দামান আৰু নিকোবৰত ‘চেন্নাই আন্দামান নিকোবৰ আইলেণ্ডছ (CANI) অপ্টিকেল ফাইবাৰ কেবুল (OFC)’ প্ৰকল্প আৰু ‘কোচি লাক্ষাদ্বীপ আইলেণ্ড (KLI) চাবমেৰিন OFC’ প্ৰকল্পই দ্বীপসমূহ আৰু মূল ভূখণ্ডৰ মাজত ডিজিটেল সংযোগৰ ক্ষেত্ৰত বিপ্লৱ আনিছে, যিয়ে অনলাইন শিক্ষা, টেলি-মেডিচিন, ই-গভৰ্নেঞ্চ, ডিজিটেল বেংকিং আৰু ই-কমাৰ্চ সম্ভৱ কৰি তুলিছে। এই পদক্ষেপে ডাটাৰ খৰচ হ্ৰাস কৰাৰ লগতে ম’বাইল আৰু ইণ্টাৰনেট/ব্ৰডবেণ্ডৰ ব্যৱহাৰ বৃদ্ধি কৰিছে আৰু কেন্দ্ৰীয়শাসিত দ্বীপসমূহত ইণ্টাৰনেট টেলি-ডেনচিটি আৰু গতি খৰতকীয়া কৰিছে। আন্দামান আৰু নিকোবৰত বেণ্ডৱিথ ৪.১২ জিবিপিএছৰ পৰা ২৪৩ জিবিপিএছলৈ আৰু লাক্ষাদ্বীপত ১.৭ জিবিপিএছৰ পৰা ২০০ জিবিপিএছলৈ বৃদ্ধি কৰা হৈছে।
(vi) অৰ্থনৈতিক বিকাশ আৰু জীৱিকাৰ সুযোগ সৃষ্টিত বহুমুখী প্ৰভাৱ পৰাৰ ফলত জীৱনধাৰণৰ মানদণ্ড উন্নত হোৱালৈ চাই পৰ্যটনক এক মূল খণ্ড হিচাপে চিহ্নিত কৰা হৈছে। কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক বিশ্বজনীন পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে। ‘স্বদেশ দৰ্শন’ আৰু ‘প্ৰাসাদ’ৰ দৰে আঁচনিসমূহ পৰ্যটন আন্তঃগাঁথনি বিকাশৰ বাবে সুন্দৰভাৱে ব্যৱহাৰ কৰা হৈছে। আন্দামান আৰু নিকোবৰত ৪টা ইক’-টুৰিজিম প্ৰকল্পৰ বাবে 'লেটাৰ অৱ এৱাৰ্ড' প্ৰদান কৰা হৈছে। লাক্ষাদ্বীপৰ বাংগাৰামত ৫০ টা আৰু থিন্না কাৰাত ১০০ টা টেণ্ট কাৰ্যক্ষম কৰা হৈছে; আৰু ডিএনএইচ আৰু ডিডিত বিশ্বমানৰ সমুদ্ৰতীৰ, নদীৰ পাৰ আৰু টেণ্ট চিটি গঢ়ি তোলা হৈছে।
(vii) কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে নিজৰ সুকীয়া ভৌগোলিক পৰিৱেশ আৰু সম্ভাৱনীয়তাৰ সৈতে খাপ খোৱাকৈ বিশেষ কাৰ্যসূচী চিনাক্ত কৰিছে আৰু পাৰম্পৰিক তথা পৰীক্ষামূলক পৰ্যটনৰ প্ৰসাৰৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। যেনে— জম্মু-কাশ্মীৰত শীতকালীন পৰ্যটন, লাডাখত অ্যাষ্ট্ৰ’-টুৰিজিম (হানিলেত দেশৰ প্ৰথমটো 'ডাৰ্ক স্কাই ৰিজাৰ্ভ' স্থাপন কৰা হৈছে), লাক্ষাদ্বীপত ক্ৰুজ টুৰিজিম, পুডুচেৰীত আধ্যাত্মিক পৰ্যটন, আন্দামান আৰু নিকোবৰ তথা লাক্ষাদ্বীপত ইক’-টুৰিজিম, চণ্ডীগড়ত পৰ্যটন চাৰ্কিট গঠন আদি। এই সকলোবোৰে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত পৰ্যটকৰ আগমন বৃদ্ধি কৰিছে।
(viii) স্থানীয় পৰ্যায়ত জীৱিকা সংস্থান আৰু সম্প্ৰদায় ভিত্তিক পৰ্যটনৰ প্ৰসাৰৰ বাবে অঞ্চলসমূহে নিজ নিজ 'হোমষ্টে নীতি' অৱলম্বন কৰিছে। লগতে, স্থানীয় শিল্প আৰু পাৰম্পৰিক হস্তশিল্পকো উদগনি দিয়া হৈছে। ভাৰতৰ ১২ খন 'ব্লু ফ্লেগ' প্ৰমাণিত সাগৰীয় সৈকতৰ ৫ খনেই কেন্দ্ৰীয়শাসিত অঞ্চলত অৱস্থিত হোৱাৰ সমান্তৰালকৈ অধিক সৈকতক ব্লু ফ্লেগ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে।
(ix) স্বাস্থ্যসেৱা খণ্ডয়ো প্ৰচুৰ গতি লাভ কৰিছে। এইমছ জম্মুৰ কাৰ্যক্ষম কৰা হৈছে। লাক্ষাদ্বীপৰ জনবসতিপূৰ্ণ প্ৰতিটো দ্বীপতে এতিয়া টেলি-মেডিচিন সেৱা উপলব্ধ। চিলভাছাৰ 'নমো মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট', চিলভাছাৰে ৪৫০খন বিচনাযুক্ত 'নমো হাস্পতাল' আৰু দমনৰ ৩৪৫খন বিচনাযুক্ত 'নমো হাস্পতাল'ৰ স্বাস্থ্য সেৱা লক্ষণীয়ভাৱে বৃদ্ধি কৰা হৈছে।
(x) কম খৰচী আৰু পৰিষ্কাৰ উৎসৰ জৰিয়তে বিদ্যুতৰ ক্ষেত্ৰত স্বাৱলম্বী হ’বলৈ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে সৌৰ আৰু জলবিদ্যুৎ প্ৰকল্প হাতত লৈছে।
(xi) উদ্যোগিক বিকাশৰ বাবেও পদক্ষেপ হাতত লোৱা হৈছে। জম্মু-কাশ্মীৰত উৎপাদন আৰু সেৱা খণ্ডৰ প্ৰসাৰৰ বাবে ২৮,৪০০ কোটি টকাৰ ব্যয়েৰে 'নিউ চেণ্ট্ৰেল চেক্টৰ স্কিম ফৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট' মুকলি কৰা হৈছে। সৰ্বাত্মক বিনিয়োগ উদ্দীপক আৰু একলব্য পৰিৱেশ সৃষ্টি কৰাৰ ফলত বিনিয়োগ প্ৰক্ৰিয়া সহজ হৈ পৰিছে। উদ্যোগ, মাটি আবণ্টন, স্টাৰ্ট-আপ, লজিষ্টিকছ, এমএছএমই প্ৰসাৰ আদিৰ নীতি কাৰ্যকৰী কৰাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাট মুকলি হৈছে।
(xii) ব্যৱসায় সুচলতাৰ বাবে অনুজ্ঞাপ্ৰত্ৰ আৰু অন্যান্য অনুমতি সংক্ৰান্তীয় প্ৰক্ৰিয়াসমূহ সহজ কৰা হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ 'জিৰো টলাৰেন্স' নীতিৰ অধীনত অনলাইন সেৱা, ডিজিটেল প্ৰক্ৰিয়াকৰণক অধিক গুৰুত্ব দিয়া হৈছে। ব্যৱসায়, মীন পালন, পৰ্যটন আদি জীৱিকা নিৰ্বাহৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ব্লু-ইকনমি বিকাশ আৰু আই.টি/চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰাথমিক অৰ্থনৈতিক খণ্ডসমূহ চিনাক্ত কৰা হৈছে।
(xiii) যোৱা পাঁচ বছৰত অৰ্থনৈতিক বিকাশ সহজ কৰাৰ বাবে ১৯টা নিয়ন্ত্ৰণ, বিল বা আইনৰ সম্প্ৰসাৰণ আৰু ২টা আইনী ক্ষমতা হস্তান্তৰসহ ২১টা পৰিৱৰ্তন সাধন কৰা হৈছে। যিয়ে কৰ সংস্কাৰ, শ্ৰম নিয়ন্ত্ৰণ, কৃষি বিপণন, খনিজ সম্পদৰ বিকাশ, মীন পালন আৰু ব্যৱসায় সহজ কৰাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ ৰচনা কৰিছে। সংস্কাৰমূলক নীতিসমূহে অনুপালন খৰচ হ্ৰাস কৰিছে, বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিছে আৰু আইনী জটিলতা নিৰসন কৰিছে।
(xiv) সংসংস্থান সৃষ্টি আৰু দক্ষতা বিকাশ আজিও অগ্ৰাধিকাৰ লাভ কৰা এটা খণ্ড। পিএম-ইজিপি, ষ্টাৰ্ট আপ ইণ্ডিয়া, পিএম কৌশল বিকাশ যোজনা, পিএম বিশ্বকৰ্মা, পিএম স্বনিধি, পিএম মুদ্ৰা যোজনা আদি আঁচনিসমূহ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত যুৱপ্ৰজন্মৰ জীৱিকা নিশ্চিত কৰিবলৈ সফলতাৰে কাৰ্যকৰী কৰা হৈছে।
পৰিশিষ্ট-II
(i) ‘পিএম সূৰ্য ঘৰ: মুফট বিজুলী যোজনা’ ৰ অধীনত চৰকাৰী আৰু আৱাসিক ভৱনসমূহত ৰুফটপ ছ’লাৰ প্ৰকল্প স্থাপন কৰিবলৈ কেন্দ্ৰীয় ৰাজসাহায্যৰ উপৰিও অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱা হৈছে। গ্ৰীড-সংযোজিত ৰুফটপ ছ’লাৰ প্ৰকল্প আৰু পেলনীয়া সামগ্ৰীৰ পৰা শক্তি উৎপাদন কৰা ব্যৱস্থাক উৎসাহিত কৰা হৈছে।
(ii) স্বচ্ছ আৰু বহনক্ষম পৰিবহন সেৱাৰ বাবে ই-মবিলিটি (ইলেকট্ৰিক যান-বাহন) ক প্ৰাধান্য দিয়া হৈছে। উদাহৰণস্বৰূপ, FAME আৰু PM e-Drive আদি উদ্যোগৰ অধীনত বৈদুতিক বাছসমূহৰ মঞ্জুৰী প্ৰদান কৰা হৈছে।
(iii) কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তি সংক্ৰান্তীয় নীতিসমূহ অধিসূচিত কৰিছে, যেনে— দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ‘নবীকৰণযোগ্য শক্তি নীতি ২০২৪’ আৰু দিল্লীৰ ‘দিল্লী সৌৰ শক্তি নীতি, ২০২৩’। এই নীতিসমূহৰ অধীনত সংস্থাপনৰ বাবে ৰাজসাহায্য দিয়া হৈছে।
(iv) চৰকাৰী ভৱনসমূহত ছ’লাৰ স্থাপনৰ ওপৰত বিশেষ গুৰুত্ব দি সংস্থাপিত ক্ষমতা বৃদ্ধি কৰা হৈছে। চণ্ডীগড় আৰু DNH&DD ত আৱাসিক আৰু চৰকাৰী কাৰ্যালয় ভৱনত ১০০% ৰুফটপ ছ’লাৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। তদুপৰি জম্মু-কাশ্মীৰৰ জনজাতীয় লোকসকলৰ মাজত ধোঁৱাহীন বায়’মাছ ৰন্ধন চৌকা বিতৰণ কৰা হৈছে।
(v) উপৰোক্ত শক্তি সংক্ৰান্তীয় প্ৰচেষ্টাসমূহে কেন্দ্ৰীয়শাসিত অঞ্চলৰ জনসাধাৰণক নানা ধৰণে উপকৃত কৰিছে, যিবোৰ হ’ল— পৰিষ্কাৰ আৰু নিৰ্ভৰযোগ্য বিদ্যুতৰ উপলব্ধতা বৃদ্ধি, ঘৰুৱা আৰু ৰাজহুৱা প্ৰতিষ্ঠানত বিদ্যুতৰ খৰচ হ্ৰাস, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু শক্তি নিৰাপত্তা নিশ্চিতকৰণ, আৰু নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপন, পৰিচালনা তথা ৰক্ষণাবেক্ষণত স্থানীয় নিযুক্তিৰ সুযোগ সৃষ্টি আদি। এই সৱাৰে ফলত শিক্ষা প্ৰতিষ্ঠান, স্বাস্থ্য প্ৰতিষ্ঠান আৰু ঘৰুৱা সেৱাত বিদ্যুতৰ সুচলতাই মানুহৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সংস্থান সৃষ্টি কৰিছে।
লোকসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যনন্দ ৰায়ে এই তথ্য সদৰি কৰে।
*****
RK/RR/PS/SC
(रिलीज़ आईडी: 2294997)
आगंतुक पटल : 4