প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৫০সংখ্যক জয়ন্তী উপলক্ষে স্বাধীনতা সংগ্ৰামী শ্ৰী পিংগলি ভেংকায়ালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 AUG 2026 8:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী শ্ৰী পিংগলি ভেংকায়াক তেওঁৰ ১৫০সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
প্ৰধানমন্ত্ৰীয়ে দেশক ত্ৰিৰংগা উপহাৰ দিয়াত পিংগলি ভেংকায়াৰ অমূল্য ভূমিকাৰ কথা স্মৰণ কৰে লগতে কয় যে তেওঁৰ প্ৰচেষ্টাই সমৰ্পিতভাৱে আৰু দেশপ্ৰেমৰ অনুভূতিৰে দেশৰ সেৱা কৰিবলৈ মানুহক প্ৰেৰণা যোগাই যাব।
শ্ৰী মোদীয়ে কয় যে ত্ৰিৰংগাই প্ৰতিজন ভাৰতীয়ৰ হৃদয় অপাৰ গৌৰৱেৰে ভৰাই তোলে আৰু দেশখনক দেশ গঢ়াৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীয়ে X-ত লিখিছে;
“পিংগলি ভেংকায়া জীৰ ১৫০সংখ্যক জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমাৰ দেশক ত্ৰিৰংগা উপহাৰ দিয়াত তেওঁৰ অমূল্য ভূমিকাৰ বাবে তেওঁক স্মৰণ কৰা হয়। তেওঁৰ প্ৰচেষ্টাই যাতে সকলোকে সদায় নিষ্ঠা আৰু দেশপ্ৰেমৰ অনুভূতিৰে আমাৰ দেশৰ সেৱা কৰিবলৈ প্ৰেৰণা যোগায়।
ত্ৰিৰংগাই প্ৰতিজন ভাৰতীয়ৰ হৃদয় অপাৰ গৌৰৱেৰে ভৰাই তোলে আৰু আমাক দেশ গঢ়াৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।”
***
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2293600)
অতিথি কক্ষ : 50
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam