প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ৭০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে অৰুন্ধতী চৌধুৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 AUG 2026 12:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৭০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অৰুন্ধতী চৌধুৰীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰুন্ধতী চৌধুৰীয়ে এই সুন্দৰ বিজয়েৰে ইতিহাস সৃষ্টি কৰিলে। তেওঁ লগতে অৰুন্ধতীৰ উৎকৃষ্ট কাৰিকৰী দক্ষতা তথা দৃঢ় আত্মবিশ্বাসৰ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে আগন্তুক দিনবোৰত তেওঁৰ অধিক সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখেঃ

“গ্লাছগো গেমছৰ মহিলাৰ ৭০ কেজি বক্সিং প্ৰতিযোগিতাত এক সুন্দৰ স্বৰ্ণ পদকেৰে ইতিহাস ৰচনা কৰিলে অৰুন্ধতী চৌধুৰীয়ে! তেওঁ উৎকৃষ্ট কাৰিকৰী দক্ষতা আৰু দৃঢ় আত্মবিশ্বাস প্ৰদৰ্শন কৰিলে। তেওঁলৈ অভিনন্দন। আগন্তুক বছৰবোৰত তেওঁৰ অধিক সফলতা কামনা কৰিলোঁ।”


#CWG2026”


************


MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293396) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam