প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

স্বামী বিবেকানন্দই প্ৰকৃতাৰ্থত ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তুলিছিল: প্ৰধানমন্ত্ৰী

ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বৰ বিকাশৰ সূচনা কৰিছেঃ প্ৰধানমন্ত্ৰী

স্বামী বিবেকানন্দৰ এখন সুন্দৰ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিব লাগিব আজিৰ প্ৰজন্মই: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 01 AUG 2026 8:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত  স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক  সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক  শ্ৰদ্ধা জনায়।

ৰামকৃষ্ণ অভিযানৰ শিক্ষাৰ পৰা নিজৰ গভীৰ আধ্যাত্মিক শিপাৰ অনুসন্ধানেৰে সুন্দৰ আৰম্ভনিৰে বৰ্তমানলৈকে  সংস্থাটোৱে যি দায়ত্ব পালন কৰি আহিছে তাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। “আপোনালোক সকলোৰে উপস্থিতিৰ বাবেই আজি মই এই পবিত্ৰ মহীশূৰৰ  ভূমিত এক অনন্য অনুভৱ কৰিছো,” শ্ৰী মোদীয়ে কয় ।

দেশৰ  সাংস্কৃতিক চেতনাৰ চিৰন্তন কেন্দ্ৰবিন্দু হিচাপে চহৰখনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ  প্ৰাসাদ, সজীৱ উৎসৱ, ঐতিহাসিক পৰম্পৰাক সামৰি লোৱা এক সমৃদ্ধ ঐতিহ্যৰ  সংৰক্ষণৰ  প্ৰচেষ্টাক প্ৰশংসা কৰে। “ভাৰতৰ ঐতিহ্য এই চহৰৰ প্ৰতিটো কণিকাতে গভীৰভাৱে নিহিত হৈ আছে  আৰু ইয়াক কিমান দক্ষতাৰে সংৰক্ষণ তথা সজাই তোলা হৈছে সেয়া দেখি অপৰিসীম সন্তুষ্টি লাভ কৰিছো,” শ্ৰী মোদীয়ে কয় ।

বিবেক স্মাৰক নামেৰেও পৰিচিত নতুনকৈ উদ্বোধন হোৱা এই  স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰৰ উত্তৰাধিকাৰ উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে কিংবদন্তি সন্ন্যাসীগৰাকী,  পণ্ডিতৰ চহৰখনৰ বৌদ্ধিক ইতিহাসৰসৈতে থকা গভীৰ ঐতিহাসিক সংযোগক সন্মান জনায়। “এই ঐতিহাসিক কেন্দ্ৰটো উদ্বোধনৰ জৰিয়তে আমি সক্ৰিয়ভাৱে এই মহান অভিযানটোক এক নতুন গতি  দিছো,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

এজন সাধাৰণ ব্যক্তিক অসাধাৰণ ব্যক্তিত্বলৈ ৰূপান্তৰিক কৰিবলৈ প্ৰয়োজনীয় কঠোৰ আধ্যাত্মিক পৰীক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এজন সাধকৰ গঠনমূলক তপস্যাৰ বছৰবোৰত তেওঁক  সহায় কৰা দূৰদৰ্শী লোকসকলে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও  উল্লেখ  কৰে। “যিজনে তেওঁলোকৰ তপস্যাৰ সময়ত কোনো সাধকক চিনি পাইছিল , তেওঁ শেষত তেওঁলোকৰ  আধ্যাত্মিক লাভৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছিল,” শ্ৰী মোদীয়ে কয় ।

এটা সংজ্ঞায়িত ঐতিহাসিক কাহিনীৰ বিশদ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কেনেকৈ মহীশূৰে  তেতিয়াৰ মহাৰাজাই ১৩০ বছৰতকৈও অধিক  বছৰ পূৰ্বে এজন যুৱ তথা তুলনামূলকভাৱে অচিনাকি  সন্ন্যাসীক অনন্যভাৱে চিনি পাইছিল আৰু সমৰ্থন কৰিছিল সেয়া লক্ষ্যণীয় কথা।যাৰ বাবে পিছলৈ স্বামী বিবেকানন্দই আমেৰিকাৰ পৰা গভীৰ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছিল। “তেওঁৰ খ্যাতি বিয়পি নপৰাৰ সময়ত যিসকল লোকে তেওঁক চিনি পাইছিল, তেওঁলোকৰ ভিতৰত তেতিয়াৰ মহাৰাজৰ নাম  বিশিষ্ট ব্যক্তি   হিচাপে পৰিগণিত হৈছিল,” শ্ৰী মোদীয়ে মন্তব্য কৰে।

ৰামকৃষ্ণ আশ্ৰমৰ মূল দৰ্শনক স্বামী বিবেকানন্দৰ নিঃস্বাৰ্থ সেৱাৰ বিশ্বাসৰ সৈতে সম্পৃক্ত কৰি  প্ৰধানমন্ত্ৰীয়ে শিক্ষা, চিকিৎসা, আৰু দুৰ্যোগ সাহায্য অভিযানৰ প্ৰতি প্ৰতিষ্ঠানটোৰ শতিকাজোৰা অৱদানৰ  প্ৰশংসা কৰে। “সঁচাকৈয়ে তেওঁ অকলেই জীয়াই থাকে,  যিয়ে সম্পূৰ্ণৰূপে আনৰ বাবে জীয়াই থাকে  আৰু এই মন্ত্ৰটোৱেই অনুসৰণ কৰি আশ্ৰমে নিজৰ গৌৰৱময় শতবৰ্ষ সম্পূৰ্ণ কৰিছে,” শ্ৰী মোদীয়ে কয়।

নতুনকৈ উদ্বোধন কৰা স্মৃতিসৌধৰ ভৱিষ্যতৰ প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোক কয় যে তেওঁলোকে নিজৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ ওপৰলৈ গৈ দেশ   আৰু  সমাজৰ প্ৰান্তীয় লোকসকলক অগ্ৰাধিকাৰ দিয়া নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক প্ৰাধান্য দিয়ক। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আমি ইয়াত এনে যুৱক-যুৱতীক গঢ় দিব লাগিব, যাৰ বাবে ভাৰত মাতৃৰ সেৱা কৰা আৰু দুখীয়াৰ দুখ-কষ্ট  প্ৰশমন কৰাটো তেওঁলোকৰ  জীৱনৰ  লক্ষ্য হৈয়েই আছে।”

স্বামী বিবেকানন্দৰ যুগত ভাৰতীয় যুৱক-যুৱতীসকলৰ  অভাৱনীয় অৱস্থা আৰু তেওঁলোকৰ বৰ্তমানৰ বিশ্বজনীন আধিপত্যৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে কয় যে দাৰ্শনিকগৰাকীয়ে যুৱসকলৰ  শিক্ষাক কেনেকৈ দেশ নিৰ্মাণৰ চূড়ান্ত ভেটি হিচাপে গ্ৰহণ কৰিছিল সেয়া লক্ষ্যণীয় । “এসময়ত শিকলিৰে বান্ধ খাই থকা ভাৰতীয় যুৱক-যুৱতীসকলে আজি সমগ্ৰ বিশ্বৰ উন্নয়নক সক্ৰিয়ভাৱে অবিশ্বাস্য গতি প্ৰদান কৰিছে,” শ্ৰী মোদীয়ে কয়।

নৱ প্ৰজন্মই পৰিচালনা কৰা দৰ্শনীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক কৃতিত্বৰ  বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে দেশখনক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি, তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ  আৰু বিশ্বজুৰি দ্বিতীয় বৃহত্তম মোবাইল উৎপাদন ক্ষমতাৰ অধিকাৰী দেশ  হ’বলৈ প্ৰেৰণা যোগোৱাৰ বাবে যুৱক-যুৱতীসকলক কৃতিত্ব দিয়ে। “আজি ভাৰতে  আমাৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰে এআই, ডিপ টেক, স্পেচ টেকন’লজি আৰু ইনোভেচনৰ গৌৰৱময় নতুন অধ্যায় লিখিছে,” শ্ৰী মোদীয়ে  কয়। মহাকাশ খণ্ডৰ শেহতীয়া এক ঐতিহাসিক মাইলৰ খুঁটিৰ  বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে নিৰ্মিত ৰকেটৰ সফল উৎক্ষেপণক দেশৰ ডিজিটেল আৰু উৎপাদন বিপ্লৱক আগুৱাই নিয়াৰ অদম্য গতিৰ এক  উদাহৰণ হিচাপে   উল্লেখ  কৰে। “আত্মনিৰ্ভৰ ভাৰত বা মেক ইন ইণ্ডিয়া অভিযানেই হওক, ইয়াৰ চূড়ান্ত সফলতাৰ চালিকা শক্তি একান্তভাৱে ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি,” শ্ৰী মোদীয়ে কয়। এই জনগাঁথনিগত লভ্যাংশৰ ব্যৱহাৰৰ বাবে চৰকাৰৰ দায়িত্বৰ ৰূপৰেখা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ সামৰ্থ্য যেতিয়া  ৰাষ্ট্ৰীয় ক্ষমতালৈ ৰূপান্তৰিত হয় তেতিয়া সঠিক সুযোগ, স্পষ্ট দিশ  আৰু শক্তিশালী শৈক্ষিক আন্তঃগাঁথনিৰ দ্বাৰা  সেয়া সমৰ্থিত হয়। “যুৱক-যুৱতীসকলৰ সামৰ্থ্য দেশৰ চূড়ান্ত শক্তি হৈ পৰে তেতিয়াহে যেতিয়া তেওঁলোকে নিজৰ মাটিত ডাঙৰ সপোন দেখিূলৈ আত্মবিশ্বাস লাভ কৰে ,” শ্ৰী মোদীয়ে  কয়।

উচ্চ শিক্ষাৰ আন্তঃগাঁথনিৰ বৃহৎ, দশকজোৰা সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৬৫০ খনতকৈও অধিক নতুন বিশ্ববিদ্যালয়, ১৪,০০০ খন  কলেজ, আই আই এম আৰু আই আই টিৰ দৰে অসংখ্য আগশাৰীৰ  প্ৰতিষ্ঠান স্থাপন আৰু চিকিৎসা ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি কৰি ১,৪০,০০০ এম বি বি এছ আসনলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে।  “মই অবিশ্বাস্যভাৱে সুখী যে আজি সমগ্ৰ ভাৰতত মুঠ শিক্ষানুষ্ঠানৰ সংখ্যা নিৰন্তৰ আৰু দ্ৰুতগতিত বৃদ্ধি পাইছে,” শ্ৰী মোদীয়ে কয়। শৈক্ষিক কাঠামোৰ এক ব্যাপক আধুনিকীকৰণৰ বিশদ বিৱৰণ দাঙি ধৰি  প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে শৈক্ষিক কাঠামোক সক্ৰিয়ভাৱে পুনৰ সংযুক্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এফালে আমি আন্তঃগাঁথনিক বহু পৰিমাণে আধুনিকীকৰণ কৰিছো, একে সময়তে আধুনিক প্ৰয়োজন অনুসৰি সমগ্ৰ শিক্ষা ব্যৱস্থাটোক নতুন ৰূপ  দিছো।”

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে ১৪ হাজাৰৰো অধিক পি এম এছ এইচ আৰ আই বিদ্যালয়ৰ উন্নয়ন আৰু প্ৰাৰম্ভিক বৈজ্ঞানিক উদ্ভাৱনক লাভাৱান্বিত কৰাৰ বাবে ডিজাইন কৰা ১০ হাজাৰ অটল টিংকাৰিং লেব স্থাপনৰ বিষয়ত  আলোকপাত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “শিক্ষা কেৱল কিতাপৰ  মাজত আবদ্ধ হৈ থাকিব নালাগে, আমি শিশুৰ ক্ষেত্ৰত উদ্ভাৱন আৰু গভীৰ বৈজ্ঞানিক মানসিকতাক  সক্ৰিয়ভাৱে গঢ়  দিয়াটো নিশ্চিত কৰিব লাগিব।”

স্বামী বিবেকানন্দৰ সমতাৰ দৃষ্টিভংগীক আধুনিক শৈক্ষিক সংস্কাৰৰ সৈতে সংযোগ কৰি প্ৰধানমন্ত্ৰীয়ে বৈষম্যমূলক বাধাসমূহৰ পদ্ধতিগত ভাঙি পেলোৱাৰ কথা উল্লেখ কৰে। স্থানীয় ভাষাত পেছাদাৰী ডিগ্ৰী পাঠ্যক্ৰমৰ বৈপ্লৱিক প্ৰৱৰ্তনৰ সমান্তৰালভাৱে সৈনিক বিদ্যালয় আৰু এন ডি এত কন্যা সন্তানৰ নামভৰ্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গৌৰৱ বোধ কৰে। “শিক্ষা আৰু সুযোগৰ ক্ষেত্ৰত  কোনো বৈষম্য হ’ব নালাগে সেয়া আজি দেশৰ নিৰপেক্ষ তথা  ঐক্যবদ্ধ দৃষ্টিভংগী হৈ পৰিছে,” শ্ৰী মোদীয়ে কয় ।

চৰিত্ৰ গঠনত শাৰীৰিক ফিটনেছ আৰু অনুশাসনৰ গুৰুত্বপূৰ্ণ  ভূমিকাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়া গেমছৰ দৰে  পদক্ষেপৰ জৰিয়তে চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্কৃতিৰ  প্ৰচাৰৰ  বিষয়ত আলোকপাত কৰে। “আজি ক্ৰীড়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে আৰু  ইয়াক আমাৰ দেশ  গঠন প্ৰক্ৰিয়াৰ এক  গুৰুত্বপূৰ্ণ ধাৰা হিচাপে সক্ৰিয়ভাৱে প্ৰচাৰ কৰা হৈছে,” শ্ৰী মোদীয়ে কয়। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণক আন্তঃৰাষ্ট্ৰীয় সফলতাৰ সৈতে সংযুক্ত কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিশ্বজোৰা প্ৰতিযোগিতামূলক প্ৰদৰ্শনৰ উন্নতিৰ কথা উল্লেখ কৰে।  যিটো মূলতঃ সৰু চহৰৰ পৰা উদীয়মান প্ৰতিভাৰ দ্বাৰা পৰিচালিত হৈছে । শ্ৰী মোদীয়ে কয় যে আমাৰ ব্যতিক্ৰমী খেলুৱৈসকলে  নতুন অভিলেখ গঢ়িছে আৰু আমাৰ কন্যাসকলে দেশৰ বাবে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে ।

নতুনকৈ  উদ্বোধন কৰা স্মৃতিসৌধৰ পৰা প্ৰত্যক্ষভাবে  প্ৰেৰণা লাভ কৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় যুৱক-যুৱতীসকলৰ প্ৰতি  বিশেষ আহ্বান জনায়। । শ্ৰী মোদীয়ে মন্তব্য কৰে , “স্বামী বিবেকানন্দ জীৰ দৰে এই বিবেক স্মাৰকে আমাক  বহুত বৃহৎ উদ্দেশ্য সাধনৰ  বাবে অক্লান্তভাৱে কাম কৰাৰ গভীৰ প্ৰেৰণা দিছে।”

দেশৰ আটাইতকৈ পৰিষ্কাৰ নগৰ কেন্দ্ৰসমূহৰ ভিতৰত চহৰখনে ধাৰাবাহিকভাৱে স্থান লাভ কৰাৰ বিষয়টোক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণ তথা জল সংৰক্ষণৰ দিশত বিশেষ পন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “ পানীৰ প্ৰতিটো টোপাল মূল্যৱান। প্ৰতি টোপাল পানী ৰক্ষা কৰিবলৈ আমি  মিছন মোডত কাম কৰিব লাগিব।”

বাল্মীকি ৰামায়ণৰ কানাড়া অনুবাদৰ কথা উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক স্মাৰ্টফোন যুগৰ নেতিবাচক দিশসমূহ প্ৰতিহত কৰি ৰাজ্যখনৰ চহকী সাহিত্যিক ঐতিহ্যৰ সৈতে নিজকে সক্ৰিয়ভাৱে পুনৰ সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়। “আমি নৱ প্ৰজন্মক স্কীণৰ পৰা বিচ্ছিন্ন হৈ আমাৰ গৌৰৱময় কানাড়া সাহিত্যৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰিবলৈ  অনুপ্ৰাণিত কৰিব পাৰোনে?,”শ্ৰী মোদীয়ে প্ৰশ্ন কৰে।

‘ভোকেল ফৰ লোকেল’ৰ ধাৰণাটোক উজ্জীৱিত কৰি  প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক তেওঁলোকৰ উপহাৰৰ  বাবে স্থানীয় হস্তশিল্প, ৰেচম, আৰু চন্দনৰ সামগ্ৰী ক্ৰয় কৰি থলুৱা শিল্পীসকলক সক্ৰিয়ভাৱে সহায় কৰিবলৈ আহ্বান জনায়। “আমাৰ উপহাৰসমূহ এজন ভাৰতীয়ৰ ঘামৰ দ্বাৰা তৈয়াৰ হোৱাটো নিশ্চিত কৰিলে স্থানীয় পৰিয়ালসমূহক অতি প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আমাৰ সংস্কৃতিক সুন্দৰভাৱে প্ৰচাৰ কৰা হ’ব,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

এক শক্তিশালী আহ্বানৰে প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ দেশৰ  প্ৰতি থকা দায়িত্বৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে যুৱ সবলীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।শ্ৰী মোদীয়ে কয়, “মই দৃঢ় বিশ্বাস কৰোঁ যে বিবেক স্মাৰকে বৰ্তমান প্ৰজন্মক দেশৰ বাবে  বৃহৎ দায়িত্ব পালন কৰাত সহায় কৰিবলৈ এক শক্তিশালী শক্তিৰ উৎস হিচাপে অহৰহ কাম কৰিব।”

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2293203) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam