নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

লজিষ্টিকছ, ডিজিটেল উদ্ভাৱন আৰু গোলকীয় যোগাযোগত গুৰুত্ব আৰোপেৰে নতুন সামুদ্ৰিক অংশীদাৰিত্বৰ সূচনা ভাৰত আৰু পানামাৰ

प्रविष्टि तिथि: 22 JUL 2026 8:38PM by PIB Guwahati
  • ভাৰত আৰু পানামাই সামুদ্ৰিক নিৰাপত্তা, লজিষ্টিকছ, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰক দ্বিপাক্ষিক সহযোগিতাৰ মুখ্য স্তম্ভ হিচাপে চিহ্নিত কৰিছে।
  • লেটিন আমেৰিকাৰ এক কৌশলগত প্ৰৱেশদ্বাৰ হিচাপে পানামাক গণ্য কৰি ভাৰতে জাহাজ চলাচল, বন্দৰ আৰু সামুদ্ৰিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক সহযোগিতা বিচাৰিছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা অধিক গভীৰ কৰাৰ উদ্দেশ্যে পানামাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হাভিয়াৰ মাৰ্টিনেজ-আচা ভাস্কেজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োপক্ষই লজিষ্টিকছ, জাহাজ চলাচল, সামুদ্ৰিক নিৰাপত্তা, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰক এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ মুখ্য স্তম্ভ হিচাপে চিহ্নিত কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰত আৰু পানামা প্ৰাকৃতিকভাৱে ইজনে সিজনৰ সামুদ্ৰিক অংশীদাৰ। পানামাৰ কৌশলগত লজিষ্টিকছৰ শক্তি আৰু ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক ক্ষমতাক একত্ৰিত কৰি আমি শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা, গোলকীয় যোগাযোগ সুদৃঢ় কৰা আৰু বাণিজ্য, বিনিয়োগ, উদ্ভাৱন তথা বহনক্ষম বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব পাৰো। আমাৰ উমৈহতীয়া দৃষ্টিভংগী হৈছে এই অংশীদাৰিত্বক লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অন্যতম মুখ্য স্তম্ভলৈ ৰূপান্তৰিত কৰা,"।

এই আলোচনাই ১৯ শতিকাৰ পৰাই চলি অহা ভাৰত আৰু পানামাৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক সম্পৰ্কক পুনৰ নিশ্চিত কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাত প্ৰবাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ অৱদানক স্বীকাৰ কৰে। ভাৰত বিশ্বৰ বন্দৰ খণ্ডৰ এক অগ্ৰণী নেতা হিচাপে আত্মপ্ৰকাশ কৰা আৰু পানামাই বিশ্বৰ অন্যতম প্ৰধান সামুদ্ৰিক লজিষ্টিকছ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত, দুয়োখন দেশে একমত হয় যে ঘনিষ্ঠ সহযোগিতা আৰু উত্তম কাৰ্যপ্ৰণালীৰ আদান-প্ৰদানে সমগ্ৰ আমেৰিকা মহাদেশত বাণিজ্য, যোগাযোগ আৰু বিনিয়োগৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

বৈঠকৰ সময়ত মন্ত্ৰী হাভিয়াৰ মাৰ্টিনেজ-আচা ভাস্কেজে দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা সম্প্ৰসাৰণৰ বাবে চাৰিটা প্ৰাথমিক খণ্ডৰ ৰূপৰেখা দাঙি ধৰে। সামুদ্ৰিক নিৰাপত্তা, ভাৰতৰ জাহাজ সঞ্চালকালয় আৰু পানামা সামুদ্ৰিক প্ৰাধিকৰণৰ মাজত কাৰিকৰী সহযোগিতা, সামুদ্ৰিক শিক্ষা আৰু দক্ষতা বিকাশ, আৰু কৃত্ৰিম বুদ্ধিমত্তা, স্মাৰ্ট প’ৰ্ট লজিষ্টিকছ তথা মেৰিটাইম ছিংগল-উইণ্ড' চিষ্টেমকে ধৰি ডিজিটেল সামুদ্ৰিক ৰূপান্তৰত ভৱিষ্যতমুখী সহযোগিতা।

মন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বন্দৰ, জাহাজ চলাচল, আভ্যন্তৰীণ জলপথ, লজিষ্টিকছ, জাহাজ নিৰ্মাণ, ক্ৰুজ পৰ্যটন আৰু সেউজ সামুদ্ৰিক পদক্ষেপসমূহত নিৰৱচ্ছিন্ন বিনিয়োগৰ জৰিয়তে ভাৰতৰ সামুদ্ৰিক খণ্ডত অহা দ্ৰুত ৰূপান্তৰৰ কথা অৱগত কৰে। তেওঁ পুনৰ কয় যে মধ্য আমেৰিকা, লেটিন আমেৰিকা আৰু কেৰিৱিয়ান অঞ্চলৰ বাবে পানামা হৈছে ভাৰতৰ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ। দ্বিপাক্ষিক বাণিজ্যৰ অপাৰ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ জাহাজ যোগাযোগ উন্নত কৰা, লজিষ্টিকছ অংশীদাৰিত্ব গভীৰ কৰা আৰু প্ৰাতিষ্ঠানিক সহযোগিতা ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডই বিশ্বমানৰ আন্তঃগাঁথনি, আধুনিক লজিষ্টিকছ, সেউজ জাহাজ চলাচল আৰু ডিজিটেল উদ্ভাৱনৰ দ্বাৰা চালিত এক পৰিৱৰ্তনশীল যাত্ৰাৰ মাজেৰে গতি কৰিছে। আমাৰ দৃষ্টিভংগী কেৱল বন্দৰ নিৰ্মাণ কৰাই নহয়, বৰঞ্চ এনে অংশীদাৰিত্ব গঢ়ি তোলা যিয়ে অৰ্থনীতিসমূহক সংযোগ কৰে আৰু উমৈহতীয়া সমৃদ্ধিৰ সৃষ্টি কৰে। কৌশলগত সামুদ্ৰিক শক্তিৰে পৰিপূৰ্ণ পানামা এই যাত্ৰাত এক প্ৰাকৃতিক অংশীদাৰ আৰু একেলগে আমি এক অধিক শক্তিশালী, দক্ষ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত গোলকীয় সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব পাৰো," — সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে সামুদ্ৰিক পৰিবহণ আৰু বন্দৰ উন্নয়ন সম্পৰ্কীয় দ্বিপাক্ষিক চুক্তিসমূহৰ আলোচনাক গতি প্ৰদান কৰা, সেউজ জাহাজ পুনৰাবৰ্তন খণ্ডত সহযোগিতা সম্প্ৰসাৰণ কৰা, নাবিকসকলৰ কল্যাণ আৰু দক্ষতা বিকাশ সুদৃঢ় কৰা আৰু বন্দৰ আধুনিকীকৰণ, ৱেৰহাউছিং, ডিজিটেল উদ্ভাৱন তথা সামুদ্ৰিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতাক উদগনি দিয়াত পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰী সোণোৱালে পানামাৰ সামুদ্ৰিক পৰিক্ৰমা মন্ত্ৰীক নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 'ইণ্ডিয়া মেৰিটাইম উইক ২০২৬' ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু দুয়োপক্ষই শক্তিশালী প্ৰাতিষ্ঠানিক অংশীদাৰিত্বৰ জৰিয়তে এই আলোচনাক আগুৱাই লৈ যাবলৈ সন্মতি প্ৰকাশ কৰে।

***

MI/Indu/DB


(रिलीज़ आईडी: 2288163) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी