ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
গ্ৰাহকৰ সুৰক্ষাৰ বাবে এপ ষ্ট’ৰসমূহৰ পৰা অনুমোদনবিহীন ই-ৰিক্সা বেটাৰী ব্যৱস্থাপনা এপ আঁতৰাবলৈ চৰকাৰৰ নিৰ্দেশ
সংহত ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা ফ্ৰেমৱৰ্কে সমন্বিত চাইবাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ ভাৰতত নাগৰিকৰ সুৰক্ষা শক্তিশালী কৰিছে
प्रविष्टि तिथि:
22 JUL 2026 3:34PM by PIB Guwahati
চৰকাৰে বেটাৰী মেনেজমেণ্ট চিষ্টেম (বি এম এছ) মোবাইল এপ্লিকেচন কিছুমানৰ অপব্যৱহাৰ সম্পৰ্কীয় প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখিছে যিবোৰে কৰ্তৃত্ববিহীনভাবে ই-ৰিক্সাৰ বেটাৰী ৰিম’টযোগে নিয়ন্ত্ৰণ কৰিব পাৰে। ২০২৬ চনৰ ৩ জুলাইত চৰকাৰে এপ ষ্ট’ৰসমূহৰ পৰা এনে এপ্লিকেচনসমূহ আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছিল।
ইয়াৰ উপৰি চৰকাৰে ডিজিটেল পৰিস্থিতিতন্ত্ৰত চাইবাৰ সুৰক্ষা আৰু ডিজিটেল সহনশীলতা শক্তিশালী কৰাৰ বাবে দেশজোৰা সংহত আৰু সমন্বিত পৰিকাঠামো প্ৰাতিষ্ঠানিক কৰিছে, য'ত অন্যান্য বিষয়ৰ লগতে অন্তৰ্ভুক্ত আছেঃ
ক। বিভিন্ন সংস্থাৰ মাজত চাইবাৰ সুৰক্ষা সম্পৰ্কীয় সমন্বয় নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়(এনএছচিএছ)ৰ অধীনত ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সমন্বয়ক(এনচিএছচি)।
খ। ইণ্ডিয়ান কম্পিউটাৰ ইমাৰজেঞ্চি ৰেচপন্স টীমক (চিইআৰটি-ইন) তথ্য প্ৰযুক্তি (আইটি) আইন, ২০০০ ৰ ধাৰা ৭০ বিৰ ব্যৱস্থাৰ অধীনত চাইবাৰ সুৰক্ষাৰ ঘটনাৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে ৰাষ্ট্ৰীয় সংস্থা হিচাপে মনোনীত কৰা হৈছে।
গ। চিইআৰটি-ইনৰ দ্বাৰা ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰই (এন চি চি চি) চাইবাৰ সুৰক্ষাৰ ভাবুকি চিনাক্ত কৰিবলৈ চাইবাৰ স্পেচ পৰীক্ষা কৰে। ই পদক্ষেপ লোৱাৰ বাবে সংশ্লিষ্ট সংস্থা, ৰাজ্য চৰকাৰ আৰু অংশীদাৰ সংস্থাসমূহৰ সৈতে তথ্য শ্বেয়াৰ কৰে।
ঘ। চৰকাৰে তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭০এ-ৰ ব্যৱস্থাৰ অধীনত দেশত গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে নেচনেল ক্ৰিটিকেল ইনফৰমেচন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰটেকচন চেণ্টাৰ (এন চি আই আই পি চি) স্থাপন কৰিছে।
ঙ। গোলকীকৰণ, প্ৰযুক্তি, ই-কমাৰ্চৰ যুগত গ্ৰাহকৰ সুৰক্ষাৰ পৰিকাঠামো আধুনিকীকৰণৰ বাবে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰণয়ন কৰা হৈছিল।
চ। তথ্য সুৰক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ শক্তিশালী কৰা আৰু সাধাৰণ সজাগতা সৃষ্টিৰ বাবে এম ই আই টি ৱাই-ৰ দ্বাৰা 'তথ্য সুৰক্ষা শিক্ষা আৰু সজাগতা (আই এছ ই এ)' প্ৰকল্প ৰূপায়ণ কৰা হয়। চাইবাৰ হাইজিন আৰু চাইবাৰ সুৰক্ষাৰ বিভিন্ন দিশৰ ওপৰত সজাগতা সামগ্ৰী www.staysafeonline.in, www.infosecawareness.in আৰু www.csk.gov.in ৰ দৰে পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰা হয়।
এই তথ্য কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদে লোকসভাত ২২.০৭.২০২৬ ত দাখিল কৰিছে।
****
Dharmendra Tewari / Dr. Nayan Solanki / Kanishk Sharma / Vanshita Jaiswal/HS
(रिलीज़ आईडी: 2287759)
आगंतुक पटल : 10