উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
মেঘালয়ৰ লাকাডং হালধিৰ বাবে "মিছন গোল্ডেন স্পাইচ" আৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ উত্তৰ-পূবৰ সপোন "মিছন গোল্ডেন স্পাইচ"ৰ জৰিয়তে প্ৰতিফলিত হৈছে — মেঘালয়ৰ জি আই টেগযুক্ত লাকাডং হালধিক বিশ্বৰ ভিতৰতে এক প্ৰতিযোগিতামূলক বিলাসী মছলাৰ ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ প্ৰয়াস
মেঘালয়ৰ ওচৰত উচ্চ কাৰকুমিনযুক্ত জৈৱিক হালধিৰ বিশ্বৰ মুখ্য উৎস হৈ পৰাৰ সম্ভাৱনা আছে
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জি আই টেগযুক্ত লাকাডং হালধিক বিশ্বজুৰি সমাদৰ পোৱা ফ্ল্যাগশ্বিপ "ব্ৰেণ্ড নৰ্থ ইষ্ট" সামগ্ৰী হিচাপে চিহ্নিত কৰে
प्रविष्टि तिथि:
21 JUL 2026 5:35PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে. চাংমাৰ সৈতে আজি "মিছন গোল্ডেন স্পাইচ – ইণ্ট্ৰিগ্ৰেটেড লাকাডং টাৰমেৰিক ভেলু চেইন এনহান্সমেণ্ট প্ৰজেক্ট"ৰ শুভাৰম্ভ কৰে। মেঘালয় ৰাজ্যত হালধি খেতি আৰু মূল্য শৃংখলাৰ বিকাশৰ বাবে সংহত ধাৰণাৰে প্ৰস্তুত কৰা এইটো ১৭৫.৪৫ কোটি টকাৰ এক পদক্ষেপ। এই মিছনটো মেঘালয়ৰ বিশেষ চিনাক্তকৰণ জি আই টেগযুক্ত লাকাডং হালধিৰ প্ৰচাৰৰ বাবে এটা দুটা পৰ্যায়ৰ পাঁচবছৰীয়া ৰূপৰেখা (২০২৫–২০৩০) হিচাপে প্ৰস্তুত কৰা হৈছে। প্ৰথম পৰ্যায়ত মূল্য শৃংখলা শক্তিশালীকৰণ আৰু তাৰ পিছত দ্বিতীয় পৰ্যায়ত সম্প্ৰসাৰণ আৰু পৰিসৰ বৃদ্ধি কৰা হ’ব।

ডনাৰ মন্ত্ৰালয় আৰু উত্তৰ-পূব পৰিষদৰ দ্বাৰা পৰিচালিত এই মিছনে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, খাদ্য সংসাধন উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উপৰিও এপেডা, স্পাইচেছ ব'ৰ্ড, ৰাষ্ট্ৰীয় হালধি ব'ৰ্ড, আইচিএআৰ, মেইটি, নাবাৰ্ড, এছএফএচি আৰু মেঘালয় চৰকাৰৰ আঁচনি তথা হস্তক্ষেপৰ সৈতে একত্ৰিত হৈ ৰাজ্যখনত এটা সংহত হালধি মূল্য-শৃংখলাৰ ব্যৱস্থা গঢ়ি তুলিব।
ডনাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী নিবেদিতা শুক্লা বাৰ্মাই তেওঁৰ আদৰণি ভাষণত মিছনটোৰ ৰূপায়ণ ব্যৱস্থাৰ বিশদ বিৱৰণ দাঙি ধৰাৰ লগতে মেঘালয়ৰ লাকাডং হালধিৰ সম্পূৰ্ণ অৰ্থনৈতিক সম্ভাৱনাক উন্মুক্ত কৰিবলৈ এটা 'মিছন-ম'ড' দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ইয়াত ব্যতিক্ৰমীভাৱে উচ্চ পৰিমাণৰ কাৰকুমিন (৭–১০%), বিশিষ্ট সুগন্ধি আৰু শক্তিশালী নিউট্ৰাছিউটিকেল সম্ভাৱনা থকা সাহ, অপৰ্যাপ্ত সংসাধন সুবিধা, দুৰ্বল বজাৰ সংযোগ আৰু উচ্চ মূল্য সংযোজনৰ অভাৱৰ বাবে সৰু খেতিয়কসকলৰ উপাৰ্জন সীমিত হৈয়েই আছে। তেওঁ আঙুলিয়াই দিয়ে যে সংসাধিত আৰু ৰপ্তানি উপযোগী সামগ্ৰীয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োখন বজাৰতে বুজন পৰিমাণে বেছি মূল্য লাভ কৰাৰ সম্ভাৱনা আছে।

সচিবগৰাকীয়ে পুনৰ কয় যে এই মিছনে শস্য চপোৱাৰ পিছত হোৱা ক্ষতি, সংহত ক'ল্ড চেইন আন্তঃগাঁথনিৰ অভাৱ, ব্যৱসায়িক পৰ্যায়ৰ সংসাধন সুবিধাৰ অভাৱ, দুৰ্বল ব্ৰেণ্ডিং আৰু সংৰচিত জি আই বিপণন ব্যৱস্থাৰ অভাৱৰ দৰে প্ৰধান গাঁথনিগত অভাৱসমূহ ক্ৰমান্বয়ে সমাধান কৰাৰ প্ৰয়াস কৰিব।
মুকলি কাৰ্যসূচীৰ অংশ হিচাপে গোল্ডেন স্পাইচ মিছনৰ ওপৰত এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়, যাৰ পিছতে মেঘালয়ৰ প্ৰগতিশীল হালধি খেতিয়কসকলৰ সৈতে মত-বিনিময় আৰু বিনিয়োগকাৰী তথা উদ্যোগৰ প্ৰতিনিধিসকলৰ মন্তব্য প্ৰকাশ পায়।
কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই কয় যে এই মুকলি কাৰ্যসূচী আছিল প্ৰধানমন্ত্ৰী মোদীৰ "অষ্টলক্ষ্মী"—ভাৰতৰ আঠখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য সম্পৰ্কীয় দৃষ্টিভংগীৰ এক অংশ, যিসমূহ যোৱা ১২ বছৰত ভাৰতৰ উন্নয়ন মূলসুঁতিলৈ আহি পৰিছে। তেওঁ কয় যে মন্ত্ৰালয়ে ৮ খন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কাম কৰি প্ৰতিখন ৰাজ্যৰ বাবে একোটা ইউনিক চেলিং প্ৰপ’জিচন নিৰ্ধাৰণ কৰিছে আৰু এইসমূহ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ উল্লেখ কৰে যে লাকাডং হালধিৰ কাৰকুমিনৰ পৰিমাণ বিশ্বৰ গড়তকৈ প্ৰায় চাৰি গুণ বেছি, আৰু হালধি উৎপাদন তথা সংসাধনত মহিলাসকলৰ অসাধাৰণ ভূমিকাৰ কথা আঙুলিয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে অলপতে জি-৭ সন্মিলনত মেঘালয়ৰ লাকাডং হালধি প্ৰদৰ্শন কৰাৰ কথা মনত পেলাই শ্ৰী সিন্ধিয়াই কয় যে এই মছলা বিধে বিশ্বৰ নেতাসকলৰ মাজত তীব্ৰ আগ্ৰহৰ সৃষ্টি কৰিছে। তেওঁ মিছনৰ অংশীদাৰসকলক এই শস্যৰ মানদণ্ড, প্ৰামাণিকতা আৰু স্থায়িত্ব নিশ্চিত কৰিবলৈ আহ্বান জনায় যাতে ই বিশ্বৰ মঞ্চত উচ্চ শিখৰত উপনীত হ'ব পাৰে। তেওঁ কয় যে এই মিছনৰ উদ্দেশ্য হৈছে খেতিয়কসকলৰ উপাৰ্জন বৰ্তমানৰ প্ৰতি কেজিত ৩০–৪০ টকাৰ পৰা ২০৩০ চনৰ ভিতৰত প্ৰায় ৮০ টকালৈ বৃদ্ধি কৰাৰ লগতে খেতিৰ কালি প্ৰায় ২,৫০০ হেক্টৰৰ পৰা প্ৰায় ৭,৫০০ হেক্টৰলৈ সম্প্ৰসাৰণ কৰা।
তেওঁ লগতে কয় যে মেঘালয়ৰ ইউএছপি হিচাপে লাকাডং হালধিৰ প্ৰচাৰে ৰাজ্যখনৰ তুলনামূলক আৰু প্ৰতিযোগিতামূলক সুবিধা প্ৰতিফলিত কৰে আৰু ইয়াৰ ঐতিহ্য তথা কৃষি-জলবায়ু অৱস্থাৰ সৈতে জৰিত।
মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে. চাংমাই কয় যে এই মিছনে ৰাজ্য চৰকাৰ, বিষয়া আৰু খেতিয়কসকলে বছৰ বছৰ ধৰি গঢ়ি তোলা প্ৰতিষ্ঠানগত ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই অভিযানে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ পৰা এটা বিশিষ্ট সামগ্ৰী চিনাক্ত কৰি তাৰ চৌপাশে এটা সম্পূৰ্ণ মডেল গঢ়ি তোলাৰ কেন্দ্ৰীয় চৰকাৰৰ "মিছন ম'ড" দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। তেওঁ মনত পেলায় যে মেঘালয়ৰ বাহিৰত লাকাডং হালধিৰ পুলি ৰোপণৰ প্ৰচেষ্টাই ক্ৰমাগতভাৱে কাৰকুমিনৰ পৰিমাণ হ্ৰাস কৰিছিল। ইয়াৰ পৰাই প্ৰমাণ হয় যে "মেঘালয়ৰ মাটিত এনে কিছু আশ্চৰ্যকৰ শক্তি আছে" যিয়ে এই অঞ্চলৰ হালধিক অনন্য কৰি তোলে। তেওঁ উত্তৰ-পূবৰ প্ৰতি নিৰন্তৰ মনোযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় আৰু মেঘালয়ৰ অন্যান্য সামগ্ৰী যেনে আনাৰস, আদা, কঁঠাল, মৌ আৰু কাঠফুলাৰ বাবেও এই আৰ্হিৰ পুনৰাবৃত্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী টিমোথী ডি. শিৰাই কয় যে লাকাডং হালধি "কেৱল এবিধ শস্যতকৈ বহুগুণে বেছি"—ই ৰাজ্যখনৰ থলুৱা জ্ঞান, সংস্কৃতি আৰু কৃষি ঐতিহ্যৰ প্ৰতীক। তেওঁ উল্লেখ কৰে যে বছৰ বছৰ ধৰি খেতিয়কসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বেছিভাগেই কেঁচা আৰু অৰ্ধ-সংসাধিত ৰূপত বিক্ৰী কৰিছিল, যিয়ে গ্ৰামীণ উপাৰ্জন সীমিত কৰি ৰাখিছিল। মিছন গোল্ডেন স্পাইচ খেতিৰ পৰিসৰ সম্প্ৰসাৰিত কৰি, উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ সংহত জৈৱিক হালধি সংসাধন আৰু কাৰকুমিন নিষ্কাশন সুবিধা স্থাপন কৰি আৰু মহিলাসকলক ইয়াৰ কেন্দ্ৰবিন্দুত ৰাখি এই পৰিস্থিতি সলনি কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
উদ্বোধনী কাৰ্যসূচীৰ সময়ত পূব আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ খেতিয়কসকলৰ সৈতে বাৰ্তালাপ কৰা হয়। তেওঁলোকে উল্লেখ কৰে যে লাকাডং হালধি কেৱল আন এবিধ মছলাই নহয়, ই এক অগ্ৰণী জৈৱিক সামগ্ৰী আৰু মিছন গোল্ডেন স্পাইচে কেৱল হালধি খেতি বৃদ্ধিতেই নহয়, খেতিয়কসকলৰ বাবে নতুন সুযোগো সৃষ্টি কৰিব।
এই মুকলি অনুষ্ঠানত উদ্যোগৰ প্ৰতিনিধি তথা প্ৰাকৃতিক সামগ্ৰীৰ বিশেষজ্ঞ ড° ইমানুৱেল কুমাৰ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, উত্তৰ-পূব পৰিষদ, এপেডা আৰু মেঘালয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ লগতে কৃষক প্ৰযোজক সংস্থাৰ নেতা, ঔদ্যোগিক অংশীদাৰ আৰু জয়ন্তীয়া পাহাৰৰ পৰা ভাৰ্চুৱেলী হেজাৰ হেজাৰ হালধি খেতিয়কে যোগদান কৰে।
***
PS/DB
(रिलीज़ आईडी: 2287538)
आगंतुक पटल : 10