গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিম বংগৰ শিলিগুৰিৰ ঝুমাগাছ বিঅ’পিত সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে ডিজাইন কৰা থলুৱা আৰু অত্যাধুনিক প্ৰযুক্তি পৰিদৰ্শন কৰে
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এটা ৰেডিঅ’-আধাৰিত সুৰক্ষা ক্ৰটি চিনাক্তকৰণ প্ৰণালী পৰীক্ষা কৰে, যিয়ে যেতিয়াই সীমান্তৰ বেৰত টেম্পাৰিং কৰা হয় তেতিয়া পূৰ্ব-ৰেকৰ্ড কৰা বাৰ্তা সম্প্ৰচাৰ কৰি সৈনিকসকলক তৎক্ষণাত সতৰ্ক কৰে
কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিৰ জৰিয়তে প্ৰায় ৭৭ কোটি টকাৰ বিএছএফ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
'প্ৰহৰী সন্মিলন’ৰ সময়ত বিএছএফৰ জোৱানসকলৰ সৈতে মত বিনিময় কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ সকলো সীমান্ত অভেদ্য কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ
মোদী চৰকাৰে ‘স্মাৰ্ট ব’ৰ্ডাৰ’ৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি সীমান্তসমূহ শক্তিশালী কৰিবলৈ চতুৰ্ভুজ সুৰক্ষা গ্ৰীড স্থাপন কৰিছে
দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ মোদী চৰকাৰৰ বাবে এক সৰ্বোচ্চ অগ্ৰাধিকাৰ
प्रविष्टि तिथि:
18 JUL 2026 7:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পশ্চিম বংগৰ শিলিগুৰিৰ ঝুমাগাছ সীমান্ত আউটপোষ্টত (বিঅ’পি) সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে ডিজাইন কৰা থলুৱা আৰু অত্যাধুনিক প্ৰযুক্তি পৰিদৰ্শন কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এটা ৰেডিঅ’-আধাৰিত সুৰক্ষা ক্ৰটি চিনাক্তকৰণ প্ৰণালী পৰিদৰ্শন কৰে, যি যেতিয়াই সীমান্তৰ বেৰত টেম্পাৰিং কৰা হয় তেতিয়া পূৰ্ব-ৰেকৰ্ড কৰা বাৰ্তা সম্প্ৰচাৰ কৰি তাৎক্ষণিকভাৱে কৰ্মচাৰীসকলক সতৰ্ক কৰে। তেওঁ ভাৰ্চুৱেলভাৱে ৪৭ কোটি টকাৰ তিনিটা বিএছএফ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ উপৰি, গৃহ মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে পশ্চিম বংগত দুটা সীমান্ত আউটপোষ্টৰ বাবে নতুনকৈ অধিগ্ৰহণ কৰা মাটিত ৩০ কোটি টকা ব্যয়েৰে ৪ কিলোমিটাৰ দীঘল সীমান্ত বেৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। ‘প্ৰহৰী সন্মিলন’ৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে বিএছএফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে নদী আৰু জলধাৰা থকা অঞ্চল বা সীমান্তৰ বেৰৰ ব্যৱধানৰ দৰে কঠিন ভূখণ্ডসমূহ সুৰক্ষিত কৰিবলৈ স্থাপন কৰা ইনফ্ৰা-ৰেড এলাৰ্ম ব্যৱস্থা পৰিদৰ্শন কৰে; যেতিয়াই ইনফ্ৰা ৰেড ৰশ্মিবোৰ ব্যাহত হয় এই ব্যৱস্থাটোৱে সৈনিকসকলক আগতীয়া সতৰ্কবাণী প্ৰদান কৰে। শ্ৰী অমিত শ্বাহে ভাৰত-বাংলাদেশ সীমান্তত সাধাৰণ নাগৰিক আৰু কৃষকসকলৰ নিৰাপদ তথা মসৃণ চলাচলৰ সুবিধাৰ বাবে ডিজাইন কৰা প্ৰৱেশদ্বাৰ ব্যৱস্থাপনাৰো পৰ্যালোচনা কৰে। তেওঁ এটা ৱাটচ টাৱাৰো পৰিদৰ্শন কৰে। কেল্দ্ৰীয় মন্ত্ৰীগৰাকীয় গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰাৰ লগতে 'প্ৰহৰী সন্মিলন’ৰ সময়ত সৈনিকসকলৰ সৈতে মত বিনিময় কৰে।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ সীমান্তসমূহ অভেদ্য কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মোদী চৰকাৰে সীমান্ত সুৰক্ষিত কৰিবলৈ চতুৰ্ভুজ সুৰক্ষা গ্ৰীড স্থাপন কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ সীমান্ত সুৰক্ষা কৰি থকা নিৰাপত্তাৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ হৈছে মোদী চৰকাৰৰ বাবে এক সৰ্বোচ্চ অগ্ৰাধিকাৰ। চৰকাৰে ‘স্মাৰ্ট ব’ৰ্ডাৰ’ ৰ ধাৰণাৰ জৰিয়তে সীমান্তসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাৰ দিশত কাম কৰি আছে।

****
RK/PR/PS/MK
(रिलीज़ आईडी: 2286194)
आगंतुक पटल : 7