মহাকাশ দপ্তৰ
azadi ka amrit mahotsav

এন ই এছ এ চি-ৰ মহাকাশভিত্তিক এপ্লিকেচনৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূবত সীমান্ত ব্যৱস্থাপনা আৰু উন্নয়নক শক্তিশালী হৈছেঃ ড০ জিতেন্দ্ৰ সিং

ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে উত্তৰ-পূবৰ আন্তঃৰাজ্যিক সীমাৰ ভূ-স্থানিক মানচিত্ৰ প্ৰস্তুতৰ কাম চলি থকা বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ

উত্তৰ-পূব মহাকাশ এপ্লিকেচন চেণ্টাৰে (এনইএছএচি) সমগ্ৰ উত্তৰ-পূবত প্ৰায় ১৩০টা মহাকাশ এপ্লিকেচন প্ৰকল্প ৰূপায়ণ কৰিছেঃ ড০ জিতেন্দ্ৰ সিং

উত্তৰ-পূৰ্বাঞ্চলত কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু সম্পদ পৰিকল্পনাৰ বাবে মহাকাশ ভিত্তিক পদক্ষেপৰ পৰ্যালোচনা ড০ জিতেন্দ্ৰ সিঙৰ

प्रविष्टि तिथि: 14 JUL 2026 5:17PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূবিজ্ঞানৰ ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ তথা পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি কয় যে উত্তৰ-পূব মহাকাশ এপ্লিকেচন চেণ্টাৰ (এনইএছএচি), মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে ৰাষ্ট্ৰীয় কৌশলগত অগ্ৰাধিকাৰৰ লগতে উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰা এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে বিকশিত হৈছে।

ড০ জিতেন্দ্ৰ সিঙে কয় যে কেন্দ্ৰই ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমাত ভূ-স্থানিক মানচিত্ৰ নিৰ্মাণৰ কাম-কাজত অৰিহণা যোগোৱাৰ উপৰি একে সময়তে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, জল সম্পদ তথা প্ৰশাসনৰ ক্ষেত্ৰত এক বিস্তৃত প্ৰযুক্তি-চালিত প্ৰকল্প ৰূপায়ণ কৰাৰ জৰিয়তে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সুবিধাসমূহ জনসাধাৰণৰ ওচৰ চাপিবলৈ সক্ষম হৈছে।

মেঘালয়ৰ উমিয়ামস্থিত নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেচন চেণ্টাৰ (এনইএছএচি) ভ্ৰমণৰ সময়ত ড০ জিতেন্দ্ৰ সিঙে এই মন্তব্য কৰে। এন ই এছ এ চি-ৰ সঞ্চালক ড০ এছ পি আগৰৱালে তেওঁক আদৰণি জনোৱাৰ লগতে কেন্দ্ৰৰ সাফল্য আৰু চলি থকা কাৰ্যসূচীসমূহৰ ওপৰত এক বিস্তৃত উপস্থাপন আগবঢ়ায়। এই উপস্থাপনত কৃষি, বন, জল সম্পদ, ভূবিজ্ঞান, নগৰ আৰু আঞ্চলিক পৰিকল্পনা, ভূ-তথ্য বিজ্ঞান আৰু তথ্য প্ৰযুক্তি, উপগ্ৰহ যোগাযোগ, ইউ এ ভি প্ৰয়োগ, মহাকাশ আৰু বায়ুমণ্ডলীয় বিজ্ঞান, দুৰ্যোগ ব্যৱস্থাপনা সমৰ্থনৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলত প্ৰসাৰ আৰু ক্ষমতা-নিৰ্মাণ কাৰ্যকলাপৰ ক্ষেত্ৰত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা প্ৰায় ৫০টা আৰু চলি থকা ৭৮টা পদক্ষেপকে ধৰি প্ৰায় ১৩০টা প্ৰকল্প সামৰি লোৱা হয়।

উন্নত মহাকাশ প্ৰযুক্তিক ব্যৱহাৰিক উন্নয়নমূলক সমাধানলৈ ৰূপান্তৰিত কৰাত এনইএছএচি-ৰ সম্প্ৰসাৰিত ভূমিকাক প্ৰশংসা কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ অত্যাধুনিক বৈজ্ঞানিক সামৰ্থ্য আৰু উন্নয়নমূলক আকাংক্ষাৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ বৰ্ধিত সম্পৰ্কই মহাকাশ প্ৰযুক্তিক পৰিকল্পনা, প্ৰশাসন, সম্পদ ব্যৱস্থাপনা আৰু ৰাজহুৱা সেৱা প্ৰদানৰ বাবে এক কাৰ্যকৰী আহিলা হিচাপে পৰিগণিত হ'বলৈ সক্ষম কৰিছে।

মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ চলিত বাঁহ মেপিং কাৰ্যসূচীৰ সৰ্বাধিক লাভালাভৰ বাবে এনইএছএচি, উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদ (এনইচিবিডিচি) আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে বাঁহৰ সম্পদৰ বৈজ্ঞানিক মেপিঙে বাঁহৰ মূল্য শৃংখল শক্তিশালী কৰাত সহায় কৰিব, উন্নত সম্পদ পৰিকল্পনাৰ সুবিধা প্ৰদান কৰিব, মূল্য সংযোজনৰ প্ৰচাৰ কৰিব আৰু সমগ্ৰ অঞ্চলটোত বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।

ড০ জিতেন্দ্ৰ সিঙে দুৰ্বল অঞ্চলৰ সম্প্ৰদায়সমূহে অধিক সময়োপযোগী আৰু কাৰ্যকৰী তথ্য লাভ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে এন ই এছ এ চি-ৰ বানপানীৰ আগতীয়া সতৰ্কবাণী প্ৰণালীৰ বিশ্বাসযোগ্যতা আৰু অৱস্থান-নিৰ্দিষ্ট সামৰ্থ্যৰ অধিক উন্নতিৰ বাবেও আহ্বান জনায়। তেওঁ লগতে অঞ্চলটোত দীৰ্ঘম্যাদী পানী সুৰক্ষা বৃদ্ধিৰ বাবে চেৰাপুঞ্জীৰ ৰামকৃষ্ণ মিছনত ৰূপায়ণ কৰা পদক্ষেপকে ধৰি সফল পানী সংৰক্ষণ আৰ্হিসমূহৰ ব্যাপক গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে কাম কৰিবলৈ কেন্দ্ৰক উৎসাহিত কৰে।

ভূ-স্থানিক প্ৰযুক্তিৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে এনইএছএচি-ৰ ক্ষমতাসমূহে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহত ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিব লাগে। তেওঁ কেন্দ্ৰক ব্যক্তিগত পৰ্যটন খণ্ডৰ অধিক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰি, উত্তৰ-পূবৰ সমৃদ্ধ প্ৰাকৃতিক, পৰিৱেশগত আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে প্ৰযুক্তিক সক্ষম কৰি ভূ-পৰ্যটন 'মঞ্জিলএনই' ডেশ্বব'ৰ্ড শক্তিশালী কৰিবলৈ উৎসাহিত কৰে।

মন্ত্ৰীগৰাকীয়ে এনইএছএচিক কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, গৱেষণা প্ৰতিষ্ঠান, শিক্ষা, ষ্টাৰ্ট-আপ, ব্যক্তিগত উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ইয়াৰ অংশীদাৰিত্ব গভীৰ কৰিবলৈ আহ্বান জনায় যাতে বিভিন্ন খণ্ডত মহাকাশ ভিত্তিক এপ্লিকেচনৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব পাৰি। অধিক সহযোগিতাই বৈজ্ঞানিক উদ্ভাৱনসমূহক অঞ্চলটোৰ উন্নয়নমূলক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম পৰিসৰ আৰু প্ৰভাৱশালী সমাধানলৈ ৰূপান্তৰিত কৰাটো সুনিশ্চিত কৰে বুলি তেওঁ উল্লেখ কৰে।

ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূব অঞ্চল ভাৰতৰ বিকাশৰ অন্যতম গতিশীল দিশ পৰিণত হৈছে, য’ত বিজ্ঞান আৰু প্ৰযুক্তি সামগ্ৰিক উন্নয়নৰ গুৰুত্বপূৰ্ণ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে এনইএছএচিয়ে ইয়াৰ এপ্লিকেচন-ভিত্তিক কাৰ্যসূচী আৰু কৌশলগত পদক্ষেপৰ সম্প্ৰসাৰিত পোর্টফোলিঅ’ৰ জৰিয়তে প্ৰশাসন শক্তিশালী কৰা, দুৰ্যোগৰ স্থিতিস্থাপকতা উন্নত কৰা, বহনক্ষম সম্পদ ব্যৱস্থাপনাক সমৰ্থন কৰা আৰু এক সমৃদ্ধিশালী তথা প্ৰযুক্তিগতভাৱে শক্তিশালী উত্তৰ-পূবৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকিব।

 

*****

NKR/AK/DD


(रिलीज़ आईडी: 2284720) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी