নৌ-পৰিবহন মন্ত্ৰালয়
পশ্চিম এছিয়াত ভাৰতৰ সামুদ্ৰিক সতৰ্কতা তীব্ৰতৰ কৰাৰ মাজতে ‘নাৱিক-প্ৰথম’ সঁহাৰিৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
প্ৰয়াত নাৱিকজনৰ পৰিয়াললৈ গভীৰ সমবেদনা; আহতসকলৰ আশু আৰোগ্য কামনা সৰ্বানন্দ সোণোৱালৰ
প্ৰতিগৰাকী পীড়িত ভাৰতীয় নাৱিকৰ বাবে সমৰ্পিত যোগাযোগ বিষয়া নিয়োগ; উপসাগৰীয় জলভাগত জাহাজ অনুসৰি নিৰীক্ষণ আৰু ২৪x৭ সমন্বয়ৰ নিৰ্দেশ সোণোৱালৰ
জাহাজৰ পতাকা যিয়েই নহওক কিয়, সংঘাতজৰ্জৰ অঞ্চলটোত থকা প্ৰতিগৰাকী ভাৰতীয় নাৱিকৰ পৃথকে হিচাপ ৰখা হ’ব: সৰ্বানন্দ সোণোৱাল
प्रविष्टि तिथि:
14 JUL 2026 10:20PM by PIB Guwahati
হৰমুজ প্ৰণালীত দুখন ব্যৱসায়িক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পোৱা সামুদ্ৰিক সুৰক্ষা সংকটৰ মাজতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ব্যাপক ‘নাৱিক-প্ৰথম’ সঁহাৰি নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ জৰিয়তে তেওঁ সংঘাত জৰ্জৰিত অঞ্চলটোত কৰ্মৰত প্ৰতিজন ভাৰতীয় নাৱিকক সুৰক্ষিত কৰিবলৈ চৰকাৰৰ সকলো বিভাগক একত্ৰিত হৈ অভূতপূৰ্ব ৰূপত কাম কৰাৰ নিৰ্দেশ দিছে।
আজি এখন উচ্চস্তৰীয় আন্তঃমন্ত্ৰালয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি সোণোৱালে সঠিক সময়ৰভিত্তিত জাহাজ অনুসৰি নিৰীক্ষণ কৰা, প্ৰতিজন পীড়িত ভাৰতীয় নাৱিকৰ বাবে সমৰ্পিত যোগাযোগ বিষয়া নিযুক্তি দিয়া আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ৰাসায়নিক পদাৰ্থ আৰু সাৰ মন্ত্ৰালয়, ভাৰতীয় নৌসেনা, জাহাজ পৰিবহন সঞ্চালকালয়, ইৰাণ আৰু ওমানত থকা ভাৰতীয় মিছনসমূহৰ সহযোগত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দ্বাৰা ২৪ ঘণ্টাই সমন্বয় ৰক্ষা কৰাৰ নিৰ্দেশ দিয়ে।
হৰমুজ প্ৰণালীত ‘এমটি আল বাহিয়াহ’ আৰু ‘এমটি মোম্বাচা’ নামৰ জাহাজ দুখনৰ ওপৰত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পৰ্যালোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। দুয়োখন জাহাজতে মুঠ ৪৬ গৰাকী কৰ্মচাপী আছিল, যাৰ ভিতৰত ৩০গৰাকীয়েই ভাৰতীয় নাৱিক। ‘এমটি আল বাহিয়াহ’ জাহাজখনত এজন ভাৰতীয় নাৱিকে প্ৰাণ হেৰুৱাৰ বিপৰীতে আন এজন আঘাতপ্ৰাপ্ত হয়। আনহাতে, ‘এমটি মোম্বাচা’ত ৯গৰাকী ভাৰতীয় নাগৰিক আহত হয়, যাৰ ভিতৰত দুগৰাকীৰ অৱস্থা এতিয়াও সংকটজনক।
সোণোৱালে এই বৈঠকত অধ্যক্ষতা কৰে য’ত জাহাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ লগতে জাহাজ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় নৌসেনা, জাহাজ পৰিবহনৰ সঞ্চালক, ইৰাণ আৰু ওমানৰ ভাৰতীয় দূতাবাস আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামুদ্ৰিক সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলে পাৰস্য উপসাগৰ, হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰৰ পৰিৱৰ্তিত সুৰক্ষা পৰিৱেশ পৰ্যালোচনা কৰে। ইয়াৰ লগতে ভাৰতীয় নাৱিকসকলে সন্মুখীন হোৱা বিপদ আশংকা আৰু ভাৰতৰ জৰুৰীকালীন প্ৰতিক্ৰিয়া ব্যৱস্থাসমূহৰ মূল্যায়ন কৰা হয়।
এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি সৰ্বানন্দ সোণোৱালে কয়, “অসহায় অসামৰিক ব্যৱসায়িক জাহাজসমূহৰ ওপৰত কৰা আক্ৰমণৰ ধৰণক লৈ ভাৰতে তীব্ৰ ক্ষোভ আৰু আপত্তি প্ৰকাশ কৰিছে। বিশ্ব যোগান শৃংখলা সঠিকভাৱে চলাই ৰখাৰ বাবে প্ৰধান কৰ্মী হিচাপে কাম কৰা ভাৰতীয় নাৱিকসকল এই দায়িত্বহীন, অন্যায় আৰু অযুক্তিকৰ আক্ৰমণৰ বাবে মৃত্যু আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আজিৰ এই দুটা আক্ৰমণত আমাৰ আৰু এজন সাহসী তথা নিৰীহ নাৱিকৰ দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক মৃত্যুৰ লগতে আন কেইজনমান আহত হোৱাৰ ঘটনাত মই গভীৰভাৱে মৰ্মাহত আৰু দুঃখিত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু কৰ্তব্যৰ খাতিৰত সৰ্বোচ্চ বলিদান দিয়া ভাৰতীয় নাৱিকজনৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আমি নিশ্চিত কৰিম যাতে আমাৰ নাৱিকসকলৰ পৰিয়ালবৰ্গক সহায় আৰু যত্ন লোৱা হয়। মই প্ৰতিজন ভাৰতীয় নাৱিক আৰু তেওঁলোকৰ পৰিয়ালক আশ্বাস দিব বিচাৰোঁ যে সমগ্ৰ চৰকাৰ আপোনালোকক যিকোনো প্ৰকাৰে আৰু যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
চৰকাৰৰ এই তৎপৰতাৰ অংশ হিচাপে সোণোৱালে জাহাজ পৰিবহন সঞ্চালকালয়ক পাৰস্য উপসাগৰ, হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰত চলাচল কৰা প্ৰতিখন জাহাজত থকা প্ৰতিজন ভাৰতীয়ৰ হিচাপ ৰাখিবলৈ এখন ব্যাপক জাহাজ-ভিত্তিক কাৰ্যক্ষম ডেশ্ববোৰ্ড প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে, লাগিলে জাহাজসমূহৰ পতাকা যিয়েই নহওক কিয়।
এই ডেশ্ববোৰ্ডে জাহাজৰ অৱস্থান, মালিকীস্বত্ব, কাৰ্গ’ (সামগ্ৰী), জাহাজৰ কৰ্মচাৰীৰ সংখ্যা, কৰ্মচাৰীসকলৰ কল্যাণ, ভাবুকিৰ মূল্যায়ন, উদ্দেশ্যপ্ৰণোদিত যাত্ৰা, পৰৱৰ্তী বন্দৰ আৰু উপলব্ধ সুবিধাসমূহৰ বিষয়ে সঠিক সময়ৰ তথ্য প্ৰদান কৰিব।
মন্ত্ৰীগৰাকীয়ে স্পষ্ট নিৰ্দেশ দিছে যে সংঘৰ্ষজৰ্জৰ অঞ্চলত থকা প্ৰতিজন ভাৰতীয় নাৱিকৰ পৃথকে হিচাপ ৰাখিব লাগিব, জাহাজৰ পতাকা যিয়েই নহওক কিয়। নাৱিকসকলৰ কল্যাণেই সৰ্বোপৰি বুলি গুৰুত্ব আৰোপ কৰি সোণোৱালে কয় যে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।
আক্ৰান্ত পৰিয়ালসমূহক নিৰৱচ্ছিন্ন সহায় নিশ্চিত কৰিবলৈ সোণোৱালে এই সংকটৰ দ্বাৰা প্ৰভাৱিত প্ৰতিজন ভাৰতীয় নাৱিকৰ বাবে এজনকৈ সমৰ্পিত যোগাযোগ বিষয়া নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিজন যোগাযোগ বিষয়াই পৰিয়ালসমূহৰ বাবে একক যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব, যিয়ে চিকিৎসাৰ আপডেট, ভ্ৰমণৰ নথি-পত্ৰ, পৰিয়ালক সহায়, স্বগৃহলৈ প্ৰত্যাৱৰ্তন, নাৱিক কল্যাণ পুঁজিৰ সহায়, বাকী থকা দৰমহা, চুক্তিবদ্ধ প্ৰাপ্য আৰু অন্যান্য ক্ষতিপূৰণৰ সমন্বয় সাধন কৰিব।
নৌ পৰিবহন সুৰক্ষা, উপকূলীয় ৰাজ্যৰ পৰামৰ্শ, পথৰ স্থিতি, আশ্ৰয়-বন্দৰৰ ব্যৱস্থা, চিকিৎসালয়, চিকিৎসাজনিত স্থানান্তৰ, প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া, মৃতদেহ ব্যৱস্থাপনা আৰু চলি থকা তদন্তৰ স্থিতি সম্পৰ্কে সত্যাপন কৰা সঠিক সময়ৰ তথ্য লাভ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে ইৰাণ, ওমান আৰু সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ত আৰু অঞ্চলটোৰ অন্যান্য প্ৰভাৱিত দেশসমূহত থকা ভাৰতীয় মিছনসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
“ভাৰত চৰকাৰে আইএমঅৰ সকলো বহুপাক্ষিক মঞ্চৰ লগতে কেইবাটাও ঘটনাত জড়িত থকা সংশ্লিষ্ট পতাকা প্ৰশাসনৰ প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰিছে, যিবোৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু নাৱিকসকলৰ সুৰক্ষা তথা ব্যৱসায়িক জাহাজসমূহৰ নিৰ্দোষ যাত্ৰাৰ অধিকাৰৰ সুৰক্ষাৰ মৌলিক প্ৰয়োজনীয়তাসমূহ উলংঘা কৰিছে। আমি এই সমস্যাসমূহৰ সমাধান নিশ্চিত কৰিবলৈ সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিম আৰু এই কঠিন তথা প্ৰত্যাহ্বানমূলক সময়ত সকলো অংশীদাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম,” সৰ্বানন্দ সোণোৱালে কয়।
মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে প্ৰভাৱিত অঞ্চলৰ মাজেৰে প্ৰতিটো জাহাজৰ চলাচল কেৱল নতুন ভাবুকিৰ মূল্যায়ন, জাহাজৰ মাষ্টাৰৰ পেছাদাৰী সিদ্ধান্ত আৰু সক্ষম সামুদ্ৰিক কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ পিছতহে কৰিব লাগিব।
সোণোৱালে মন্ত্ৰালয়ক লগতে অঞ্চলটোত ভাৰতীয় নাৱিক নিযুক্তি দিয়া জাহাজৰ গৰাকী, জাহাজ পৰিচালক আৰু ৰিক্ৰুটমেট এণ্ড প্লেচমেন্ট ছাৰ্ভিচ লাইচেন্স (RPSL) এজেন্সীসমূহে আইনী প্ৰতিবেদন আৰু পৰ্যাপ্ত তথ্য, সুৰক্ষা আৰু সহায় অবিহনে কোনো ভাৰতীয় নাৱিকক জাহাজ চলাবলৈ বাধ্য কৰা হোৱা নাই বুলি নিশ্চিতভাৱে জনাবলৈ নিৰ্দেশ দিয়ে।
অভিযোগসমূহৰ সমাধানৰ বাবে এটা ২৪x৭ অভিযোগ সাহায্য ব্যৱস্থা সক্ৰিয় কৰা হৈছে। দেশৰ টোল ফ্ৰী নম্বৰ হৈছে ১৮০০-৮৮৯-৭৭৬৮। আনহাতে আন্তঃৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ হৈছে +১-৮৮৮-৯৮৮-০২৫৬। কোনোবাই হোৱাটছএপত +৯১ ৮৬৫৫৮৫৬৮৩০ নম্বৰত বাৰ্তা প্ৰেৰণ কৰিব পাৰে বা enavik.24x7[at]gov[dot]in লৈ ইমেইল কৰিব পাৰে।
বৈঠকৰ সামৰণিত সোণোৱালে পুনৰ উল্লেখ কৰে যে চৰকাৰৰ প্ৰতিক্ৰিয়া দৃঢ়ভাৱে ‘নাৱিক-প্ৰথম’ হৈ থাকিব, য’ত ভাৰতীয় জীৱন সুৰক্ষিত কৰিবলৈ, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন অক্ষুণ্ণ ৰাখিবলৈ আৰু বিশ্বৰ আটাইতকৈ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সাগৰীয় পথসমূহৰ এটাৰ জৰিয়তে গোলকীয় বাণিজ্যৰ নিৰৱচ্ছিন্ন চলাচল নিশ্চিত কৰিবলৈ বিভিন্ন মন্ত্ৰালয় আৰু সামুদ্ৰিক সংস্থাসমূহৰ মাজত সমন্বিত প্ৰয়াস চলাই থকা হ’ব।






***
MI/Indu/DB
(रिलीज़ आईडी: 2284698)
आगंतुक पटल : 5