আইন আৰু ন্যায় মন্ত্ৰালয়
দেশৰ শ্ৰম শক্তিৰ বাবে 'সেৱা' আৰু 'সন্মান' আমাৰ শাসন ব্যৱস্থাৰ মূল ভেটি বুলি ক’লে ড০ মনসুখ মাণ্ডৱীয়াই
১৫ কোটি অতিক্ৰমঃ এটা দশকত দুগুণ হ’ল ইএছআইচি হিতাধিকাৰীৰ সংখ্যাঃ ড০ মাণ্ডৱীয়াৰ ভাষ্য
তেলেংগানাত ইএছআইচি হাস্পতাল সনত নগৰৰ নতুন অ'পিডি ব্লক উদ্বোধন ড০ মনসুখ মাণ্ডৱীয়াৰ; উপকৃত হ’ব ৰাজ্যখনৰ ১২ লাখতকৈও অধিক লোক
प्रविष्टि तिथि:
14 JUL 2026 5:42PM by PIB Guwahati
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াই আজি তেলেংগানাৰ ইএছআইচি হাস্পতাল, সনত নগৰৰ নতুন অ’পিডি ব্লক উদ্বোধন কৰে। মুঠ ২১১.১৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই নতুন চিকিৎসা কেন্দ্ৰটোৱে তেলেংগানাৰ ১২.৩ লাখতকৈও অধিক বীমাকৃত ব্যক্তি আৰু হিতাধিকাৰীক সেৱা আগবঢ়াব।


সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াই কয় যে শ্ৰম শক্তি আৰু যুৱ শক্তি হৈছে দেশ গঠনৰ দুটা প্ৰধান স্তম্ভ। তেওঁ কয় যে প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা গুৰুত্বপূৰ্ণ হ’লেও দেশৰ প্ৰগতিত শ্ৰম শক্তিয়েই কেন্দ্ৰবিন্দু হৈয়েই আছে। শ্ৰমিকসকলৰ মৰ্যাদা, সন্মান আৰু সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকে দেশ গঠনৰ লক্ষ্যত কাৰ্যকৰীভাৱে অৱদান অগবঢ়াব পাৰে। তেওঁ দৃঢ়তাৰে কয় যে মোদী চৰকাৰৰ শাসন ব্যৱস্থাত দেশৰ শ্ৰম শক্তিৰ বাবে “সেৱা” আৰু “সন্মান” সদায় মূল কেন্দ্ৰবিন্দু হৈ থাকিব।
সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি ড০ মাণ্ডৱীয়াই কয় যে ইএছআইচি হিতাধিকাৰীৰ সংখ্যা এক দশকৰ পূৰ্বে থকা প্ৰায় ৭.৫ কোটিৰ পৰা বৰ্তমান ১৫ কোটিতকৈও অধিক হৈছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ পৰিসংখ্যাৰ উদ্ধৃতি দি তেওঁ অৱগত কৰে যে ভাৰতত সামাজিক নিৰাপত্তাৰ পৰিসৰ ২০১৪ চনৰ ১৯ শতাংশৰ পৰা আজি ৬৪ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত ৯৪ কোটি লোক ইয়াৰ আওতালৈ আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লোৱা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৮০ কোটিতকৈও অধিক হিতাধিকাৰীৰ বাবে বিনামূলীয়া খাদ্যশস্য আৰু যোগ্য পৰিয়ালসমূহৰ বাবে ৪ কোটিতকৈও অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে, যিবোৰে ভাৰতৰ শ্ৰম শক্তিৰ জীৱন ধাৰণৰ মানদণ্ড সহজ কৰি তুলিছে।

শ্ৰম সংস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চাৰিটা শ্ৰম সংহিতাই বৰ্তমানৰ ২৯খন শ্ৰম আইনৰ স্থান লৈছে, যাৰ ফলত এক সৰলীকৃত আৰু শ্ৰমিককেন্দ্ৰিক শ্ৰম গাঁথনিৰ পথ প্ৰশস্ত হৈছে। তেওঁ ৪০ বছৰৰ ঊৰ্ধ্বৰ শ্ৰমিকৰ বাবে বাৰ্ষিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, পুৰুষ আৰু মহিলাৰ বাবে সমান মজুৰি আৰু এবছৰৰ সেৱাৰ পিছত গ্ৰেচুইটিৰ যোগ্যতা আদি গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ কথা উল্লেখ কৰে। উদ্যোগিক সম্পৰ্ক সুন্দৰ আৰু সুষম কৰি ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ড০ মাণ্ডৱীয়াই নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক এক উন্নত আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ দিশত একেলগে কাম কৰিবলৈ আহ্বান জনায়। হাস্পতালখনৰ উদ্বোধনৰ সন্দৰ্ভত তেওঁ আশা প্ৰকাশ কৰে যে এই চিকিৎসালয়ে শ্ৰমিকসকলৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী কৰিব আৰু তেওঁলোকৰ কল্যাণৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহাৰে।
এই কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেলেংগানাৰ সনত নগৰস্থিত ইএছআইচি হাস্পতালৰ অ’পিডি ব্লক নিৰ্মাণত অৱদান আগবঢ়োৱা নিৰ্মাণ শ্ৰমিকসকলক দেশ গঠনত তেওঁলোকৰ ভূমিকাক স্বীকৃতি দি সন্মানিত কৰে। তেওঁ ইএছআই হিতাধিকাৰীসকলক নগদ সুবিধাও বিতৰণ কৰি শ্ৰমিক কল্যাণৰ প্ৰতি চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।
সনত নগৰৰ ইএছআইচি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন অ’পিডি ব্লকটো এটা ঐতিহাসিক স্বাস্থ্যসেৱা কেন্দ্ৰ, যিয়ে তেলেংগানাৰ হায়দৰাবাদ, মেদচল-মালকাজগিৰি, চাংগাৰেড্ডী, ৰংগা ৰেড্ডী আৰু মহাবুবনগৰ জিলাক সাঙুৰি ১২,৩০,১৮৩ গৰাকী বীমাকৃত ব্যক্তি আৰু হিতাধিকাৰীক আধুনিক আৰু ব্যাপক বহির্বিভাগীয় সেৱা প্ৰদান কৰিব। লগতে, চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয় হোৱাৰ বাবে ই সমগ্ৰ ৰাজ্যখনৰ বীমাকৃত ব্যক্তিসকলকো সেৱা আগবঢ়াব। ৪৩,৬১১.০৪ বৰ্গ মিটাৰৰ এক বিল্ট-আপ এলেকাত বিস্তৃত এই কেন্দ্ৰটোত জেনেৰেল মেডিচিন, ইএনটি, দন্ত চিকিৎসা, স্ত্ৰীৰোগ আৰু প্ৰসূতি চিকিৎসা, চকু চিকিৎসা, অস্থিৰোগ চিকিৎসা, মানসিক ৰোগ চিকিৎসা, চৰ্মৰোগ চিকিৎসা, পালম’নলজী, শিশু চিকিৎসা, জেনেৰেল চাৰ্জাৰী আৰু আয়ুষৰ বাবে অ’পিডি কমপ্লেক্স আছে। তদুপৰি ইয়াত ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটেচন, ৰেডিঅ’লজী, যোগা, ১৮০খন সাধাৰণ বিচনা (তিনিখন ৬০খন বিচনাযুক্ত ৱাৰ্ডত), ২৫টা আইচিইউ (ICU) আৰু ২০খন এনআইচিইউ বিচনা, আইচিইউ/এনআইচিইউ ইউনিট, মেডিকেল ষ্ট’ৰ আৰু ক্লিনিকেল লেকচাৰ থিয়েটাৰ আছে।

এই উদ্বোধনী অনুষ্ঠানসমূহে ভাৰতৰ শ্ৰম শক্তিৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে, যিয়ে শ্ৰম শক্তিৰ মৰ্যাদা, স্বাস্থ্য আৰু কল্যাণক ৰাষ্ট্ৰীয় প্ৰগতিৰ কেন্দ্ৰবিন্দুত ৰাখি চৰকাৰৰ 'শ্ৰমেৱ জয়তে'ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিছে।
* * * * *
Rini Choudhury/Anjelina Alexander/DB
(रिलीज़ आईडी: 2284680)
आगंतुक पटल : 9