সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ সৈতে ভাৰতৰ চহকী শিল্পকৰ্ম ঐতিহ্যক প্ৰতিফলিত কৰা ষষ্ঠ লোক সংবৰ্ধন পৰ্ব উদ্বোধন কৰে
পাঁচদিনীয়া এই উৎসৱত ১৫০খনতকৈও অধিক শিল্পকৰ্ম আৰু খাদ্যৰ বিপনী , হস্ত শিল্প আৰু সাংস্কৃতিক সমল প্ৰদৰ্শনৰ কৰা হৈছে, পিএম বিকাশ আঁচনিৰ অধীনত উত্তৰাখণ্ড চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে প্ৰথমবাৰৰ বাবে উত্তৰাখণ্ডত আয়োজন কৰা হৈছে লোক সংবৰ্ধন পৰ্ব
পোষ্ট কৰা হৈছে:
11 JUL 2026 7:53PM by PIB Guwahati
ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে উত্তৰাখণ্ড চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু ৱাকফ উন্নয়ন নিগমৰ সহযোগত আজি ডেৰাডুনৰ পেৰেড গ্ৰাউণ্ডত ষষ্ঠ লোক সংবৰ্ধন পৰ্বৰ শুভাৰম্ভ কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী শ্ৰী খজন দাস ডাঙৰীয়াৰ উপস্থিতিত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে পাঁচদিনীয়া এই উৎসৱ উদ্বোধন কৰে।

সভাত ভাষণ দি শ্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে "সবকা সাথ, সবকা বিকাশ"ৰ মনোভাৱেৰে কাম কৰি আছে, ধৰ্ম বা সম্প্ৰদায়ৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰতিজন নাগৰিকৰ উন্নয়ন সুনিশ্চিত কৰি আছে। "এই মহোৎসৱে শিপিনী, শিল্পী আৰু উদ্যোগীসকলৰ বাবে নিজৰ প্ৰতিভা, পৰম্পৰাগত কাৰুকাৰ্য্য আৰু সামগ্ৰী প্ৰদৰ্শনৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে।"
এই উৎসৱৰ সংস্কৰণটো দেৱভূমি উত্তৰাখণ্ডৰ মনোমোহা ৰাজধানীলৈ আনিবলৈ পাই আমি আনন্দিত হৈছো, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলে কেৱল নিজৰ সৃষ্টি প্ৰদৰ্শন কৰাই নহয়, ৰাজ্যৰ উষ্ণতা আৰু আতিথ্যও অনুভৱ কৰিব পাৰে।” তেওঁ কয় যে চৰকাৰে মানুহক ধৰ্মৰ দৃষ্টিৰে চোৱা নাই, বৰঞ্চ প্ৰতিজন নাগৰিকক সমান ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে লোক সংবৰ্ধন পৰ্ব কেৱল সংখ্যালঘুৰ বাবে উৎসৱ নহয় বৰঞ্চ দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে উৎসৰ্গিত সকলো ভাৰতীয়ৰ বাবে এক উদযাপন।

প্ৰধানমন্ত্ৰীৰ "ভোকেল ফৰ লোকেল"ৰ দৃষ্টিভংগীক আলোকপাত কৰি শ্ৰী ৰিজিজুৱে নাগৰিকসকলক থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু ক্ৰয়ৰ বাবে আহ্বান জনায়। তেওঁ কয় যে এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মেড ইন ইণ্ডিয়া হস্তশিল্প, হস্ততাঁত সামগ্ৰী, পৰম্পৰাগত শিল্প আৰু আঞ্চলিক খাদ্যৰ বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰা হৈছে আৰু দৰ্শনাৰ্থীসকলক তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি স্থানীয় শিপিনীসকলক সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে এনে পদক্ষেপে ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰাৰ সমান্তৰালভাৱে পৰম্পৰাগত জীৱিকাক শক্তিশালী কৰে। লগতে তেওঁ কয় যে বাৰিষাৰ পিছত মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ সৈতে আলোচনা কৰি উত্তৰাখণ্ডৰ দুৰ্গম অঞ্চলসমূহ ভ্ৰমণ কৰিব।

তেওঁ লগতে কয় যে শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ আৰু বজাৰত প্ৰৱেশৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ আৰ্থ-সামাজিক সবলীকৰণৰ বাবে মন্ত্ৰালয় সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ শিপিনী আৰু থলুৱা সামগ্ৰীৰ প্ৰতি গৌৰৱবোধ জগাই তুলিছে। আমদানিকৃত সামগ্ৰীক প্ৰতিপত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। আজি মানুহে গৌৰৱেৰে ‘মেড ইন ইণ্ডিয়া’ সামগ্ৰী বাছি লয় আৰু ইয়াৰ বিষয়ে প্ৰচাৰ কৰে। লোক সংবৰ্ধন পৰ্ব এই পৰিৱৰ্তিত মানসিকতাৰ প্ৰতিফলন, সমগ্ৰ দেশৰ শিপিনীসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে আমাৰ চহকী ঐতিহ্যক উদযাপন কৰা।”

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে উত্তৰাখণ্ডৰ বাবে প্ৰথমবাৰৰ বাবে লোক সংবৰ্ধন পৰ্বৰ আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়।এই প্ৰধান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সহযোগিতা কৰা উত্তৰাখণ্ডতো দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কিৰেণ ৰিজিজুয়ে সমগ্ৰ দেশত ব্যাপক ভ্ৰমণ কৰিছে বুলি জানি মই আনন্দিত হৈছো । উত্তৰাখণ্ড আৰু আনকি দেৱভূমি উত্তৰাখণ্ডৰ সুদূৰ অঞ্চলৰ সৈতেও ভালদৰে পৰিচিত এই উৎসৱে উত্তৰাখণ্ডৰ নৱপ্ৰজন্মক বিভিন্ন ৰাজ্যৰ চহকী শিল্পকৰ্মৰ ঐতিহ্য আৰু পৰম্পৰাগত কাৰুকাৰ্য্যৰ সৈতে পৰিচয় কৰাই দিব, লগতে আমাৰ নিজৰ শিপিনীসকলে ৰাষ্ট্ৰীয় দৰ্শকৰ আগত নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবেও এক সুন্দৰ মঞ্চ প্ৰদান কৰিব।”
তেওঁ লগতে কয়, “উত্তৰাখণ্ড চৰকাৰ কেইবাটাও কেন্দ্ৰীভূত পদক্ষেপৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণ আৰু সবলীকৰণৰ প্ৰতি দায়বদ্ধ। প্ৰথম শ্ৰেণীৰ পৰা পি এইচ ডি পৰ্যায়লৈকে আৰ্থিকভাৱে দুৰ্বল সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰা হৈছে, আনহাতে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্য্যক্ৰমৰ অধীনত সংখ্যালঘু কেন্দ্ৰীভূত অঞ্চলত উন্নয়নমূলক কাম হাতত লোৱা হৈছে।মুখ্যমন্ত্ৰী হুনাৰ যোজনাৰ অধীনত, যোগ্য হিতাধিকাৰীসকলে উদ্যোগীকৰণ আৰু আত্মনিয়োগক প্ৰসাৰিত কৰিবলৈ ২০ লাখ টকা পৰ্যন্ত ম্যাদী ঋণ ল’ব পাৰে।’
তদুপৰি উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক ড০ শ্ৰীবাৎ কৃষ্ণই ভাষণ প্ৰদান কৰে আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক শ্ৰীযুত এছ পি ৰয়ে আদৰণি ভাষণ দিয়ে। সম্পাদক ,ড. শ্ৰীবৎস কৃষ্ণই কয় যে ২০২৪ চনত আৰম্ভ হোৱাৰ পৰাই লোক সংবৰ্ধন পৰ্বই দুবছৰ নৌহওঁতেই দেশৰ চৌদিশে শিপিনী আৰু উদ্যোগীসকলৰ বাবে এক সজীৱ মঞ্চ প্ৰদান কৰিছে। তেওঁ কয় যে ডেৰাডুন সংস্কৰণত এই মহোৎসৱৰ প্ৰথমটো দেৱভূমি উত্তৰাখণ্ডৰ সংস্কৰণ, য’ত প্ৰায় ৯০ গৰাকী মহিলা শিপিনীকে ধৰি প্ৰায় ১৫০ গৰাকী শিপীনিয়ে নিজৰ কাৰুকাৰ্য্য আৰু নাৰী শক্তিৰ মনোভাৱ প্ৰদৰ্শন কৰিছে।
তেওঁ লগতে কয় যে লোক সংবৰ্ধন পৰ্বই প্ৰধানমন্ত্ৰীৰ "সবকা সাথ, সবকা বিকাশ"ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে, সৰ্বাংগীন উন্নয়নক প্ৰসাৰিত কৰা আৰু সমগ্ৰ দেশৰ শিল্পীসকলক সবলীকৰণ কৰা। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়, তাৰ পিছত উত্তৰাখণ্ড চৰকাৰে লোক সংবৰ্ধন পৰ্বৰ ষষ্ঠ সংস্কৰণ উপলক্ষে এক স্মাৰক ডাক খাম মুকলি কৰে।
ষষ্ঠ লোক সংবৰ্ধন পৰ্বত প্ৰায় ১৫০ টা প্ৰদৰ্শনী ষ্টলত সমগ্ৰ ভাৰতৰ পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত বস্ত্ৰ আৰু ঐতিহ্যমণ্ডিত শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে। প্ৰায় ৪০ শতাংশ ষ্টল উত্তৰাখণ্ডৰ কলা-কৃষ্টিৰ বাবে উৎসৰ্গিত, স্থানীয় শিপিনীসকলক তেওঁলোকৰ কাৰুকাৰ্য্য প্ৰদৰ্শনৰ বাবে এক উল্লেখযোগ্য মঞ্চ প্ৰদান কৰা হৈছে। বাকী থকা ষ্টলবোৰে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৈচিত্ৰ্যময় কলাত্মক পৰম্পৰাক প্ৰতিনিধিত্ব কৰে, য’ত উত্তৰাখণ্ডৰ হস্তশিল্প, আজৰাখ ব্লক প্ৰিন্ট, লেক বেংগল, কাঠৰ সামগ্ৰী, পিতলৰ বস্তু, টেৰাকোটা, বেত আৰু বাঁহৰ সামগ্ৰী, হস্ততাঁত বস্ত্ৰ আৰু আন কেইবাটাও পৰম্পৰাগত শিল্পকে ধৰি বিখ্যাত শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে।
মহোৎসৱৰ আগন্তুক দিনত জ্যোতি নূৰন, কিষাণ মহীপাল, বিবেক নৌতিয়াল, মায়া উপাধ্যায়, পাণ্ডৱাস আৰু পাৰমিশ ভাৰ্মাই অনুষ্ঠান পৰিবেশনেৰে দৰ্শকক সমগ্ৰ ভাৰতৰ জনপ্ৰিয় খাদ্যৰ সমান্তৰালকৈ উত্তৰাখণ্ডৰ পৰম্পৰাগত পাহাদী আৰু কুমাওনী সুস্বাদু খাদ্যৰ ঐতিহ্য আৰু ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যক উদ্ভাসিত কৰি তুলিব। লোক সংবৰ্ধন পৰ্ব ডেৰাডুনৰ পেৰেড গ্ৰাউণ্ডত ১১ ৰ পৰা ১৫ জুলাই ২০২৬ তাৰিখৰ পুৱা ১১:৩০ বজাৰ পৰা নিশা ৯:০০ বজাৰ ভিতৰত জনসাধাৰণৰ বাবে মুকলি থাকিব ।গোটেই উৎসৱটোত দৰ্শকে মাষ্টাৰ শিল্পীসকলৰ লাইভ ক্ৰাফ্ট প্ৰদৰ্শনৰ সাক্ষী হোৱাৰ সুযোগ পাব, ক্ৰেতা-বিক্ৰেতাৰ পাৰস্পৰিক মত-বিনিময়ত অংশগ্ৰহণ কৰিব পাৰিব আৰু বজাৰত প্ৰৱেশ শক্তিশালী কৰিবলৈ ডিজাইন কৰা উদ্যোগীকৰণ আৰু ডিজিটেল বিপণন অধিৱেশনত অংশগ্ৰহণ কৰি শিল্পী আৰু উদ্যোগীসকলৰ বাবে ব্যৱসায়িক সুযোগ বৃদ্ধি কৰিব পাৰিব।
লোক সংবৰ্ধন পৰ্ব, ডেৰাডুন সংস্কৰণে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কাৰণ ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে প্ৰথমবাৰৰ বাবে লোক সংবৰ্ধন পৰ্ব আয়োজন কৰা হৈছে, য’ত উত্তৰাখণ্ড সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সহযোগিতা কৰি পিএম বিকাশ আঁচনিৰ অধীনত এই ফ্লেগশ্বিপ অনুষ্ঠান আয়োজন কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই পদক্ষেপে ভাৰতৰ চহকী পৰম্পৰাগত কলা, শিল্পকলা আৰু ৰন্ধন ঐতিহ্য সংৰক্ষণৰ সমান্তৰালকৈ বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ত মন্ত্ৰালয়ৰ গুৰুত্বৰ কথা প্ৰতিফলিত কৰিছে।

২০২৪ চনত আৰম্ভ হোৱাৰে পৰাই মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ সহযোগত পাঁচটা সংস্কৰণৰ আয়োজন কৰি ৫৫০ জনতকৈ অধিক শিপিনী, শিল্পী আৰু ৰন্ধন বিশেষজ্ঞক বজাৰত প্ৰৱেশ, ব্যৱসায়িক বিকাশ আৰু পৰম্পৰাগত জীৱিকাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি উপকৃত কৰি আহিছে। তেওঁলোকৰ কাৰুকাৰ্য্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ শলাগ লৈ গণ্যমান্য ব্যক্তিসকলে তেওঁলোকক বজাৰ সংযোগ শক্তিশালী, ব্যৱসায়িক সুযোগ সম্প্ৰসাৰণ আৰু বহনক্ষম জীৱিকা গঢ়ি তোলাৰ বাবে লোক সংবৰ্ধন পৰ্বৰ দৰে মঞ্চ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। এই উৎসৱে উদ্যোগীকৰণ, বজাৰ প্ৰৱেশ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ বৰ্ধিত সুযোগৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু শিপিনীসকলক সবলীকৰণৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাকে পুনৰ দৃঢ় কৰিছে।
***********
AK/MR/DM
(ৰিলিজ আই ডি : 2284392)
অতিথি কক্ষ : 32