গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰাৰ লগতে 'গণ গছপুলি ৰোপণ অভিযান’ মুকলি
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'এক পেড় মা কে নাম’ৰ আহ্বান দ্ৰুতগতিত জন আন্দোলনত পৰিণত হোৱাৰ লগতে সমগ্ৰ ৰাষ্ট্ৰই তেওঁৰ মন্ত্ৰ ‘প্ৰগতিৰ সৈতে পৃথিৱী আৰু জনসাধাৰণ’ গ্ৰহণ কৰিছে
আজি কেৱল গান্ধীনগৰ লোকসভা সমষ্টিতে ৰোপণ কৰা হৈছে
এক কোটিৰো অধিক গছপুলি
সানন্দ, গান্ধীনগৰ, কালোল আৰু আহমেদাবাদে একেলগে সেউজ আৱৰণ ১১.২৩ % বৃদ্ধি কৰাৰ লগতে ২০২৯ চনৰ ভিতৰত ২০% ত উপনীত কৰাৰ লক্ষ্য লৈছে
আহমেদাবাদ পৌৰ নিগমে এদিনতে উদ্বোধন কৰে ১০১ খন অক্সিজেন পাৰ্ক
জনসাধাৰণৰ নেতৃত্বত চলা এই গছ পুলি ৰোপণ অভিযানে আন চহৰৰ তুলনাত আহমেদাবাদৰ উষ্ণতা কমেও ৫ শতাংশ হ্ৰাস কৰিব
এক সেউজীয়া পৰিৱেশ, পৰিষ্কাৰ বায়ু, বিশুদ্ধ পানী আৰু বাসযোগ্য গ্ৰহ সৃষ্টি কৰাটো এই বৃহৎ অভিযানৰ উদ্দেশ্য
প্ৰতগৰাকী নাগৰিকে এটাকৈ গছপুলি ৰোপণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে অ’জন স্তৰ সংৰক্ষণ কৰাত সহায় কৰিব লাগে
চি এ পি এফৰ জোৱানসকলে যোৱা সাত বছৰত সমগ্ৰ দেশতে সাত কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে
प्रविष्टि तिथि:
12 JUL 2026 3:01PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰাৰ লগতে এক গণ বৃক্ষ ৰোপণ অভিযানো মুকলি কৰে।

সমাৱেশত সম্বোধন কৰি শ্ৰী অমিত শ্বাহে কয় যে আজি কেৱল গান্ধীনগৰ লোকসভা সমষ্টিতে নাগৰিকসকলে এক কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। ইয়াৰ উপৰি সমগ্ৰ আহমেদাবাদ চহৰত ৫০ লাখ গছপুলি ৰোপণ কৰা হৈছে। তেওঁ কয় যে এই অভিযানৰ লক্ষ্য হৈছে এক সেউজীয়া পৰিৱেশ সৃষ্টি কৰা, পৰিষ্কাৰ বায়ু আৰু বিশুদ্ধ পানী নিশ্চিত কৰা আৰু এক উচ্চ মানৰ, বসবাসযোগ্য পৃথিৱী সংৰক্ষণ কৰা। শ্ৰী শ্বাহে কয় যে এক কোটি গছপুলি ৰোপণৰ অভিযানে কেৱল এটা শ্লোগানৰ পৰিধি নেওচি জন আন্দোলনত পৰিণত হৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "এক পেড় মা কে নাম"ৰ আহ্বান দ্ৰুতগতিত এক জন আন্দোলনত পৰিণত হোৱাৰ সমগ্ৰ ৰাষ্ট্ৰই তেওঁৰ মন্ত্ৰ “প্ৰগতিৰ সৈতে পৃথিৱী আৰু জনসাধাৰণ” গ্ৰহণ কৰিছে ।
শ্ৰী অমিত শ্বাহে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (চি এ পি এফ) বিগত সাত বছৰত সমগ্ৰ দেশতে সাত কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। তেওঁ লগতে কয় যে দুদিন পূৰ্বে দিল্লীত বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ অভিযানো আৰম্ভ কৰা হৈছে। ৰোপণ কৰা গছপুলিবোৰ ভাৰতৰ পৰিৱেশগত পৰিস্থিতিৰ সৈতে খাব পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত ১০০ বছৰতকৈ অধিক জীৱনকালৰ প্ৰজাতিৰ গছপুলি অন্তৰ্ভুক্ত হৈ আছে। শ্ৰী শ্বাহে কয় যে গছপুলি ৰোপণ অভিযানৰ উদ্দেশ্য হৈছে আহমেদাবাদক স্বাভাৱিকভাৱে এখন সেউজীয়া চহৰলৈ ৰূপান্তৰিত কৰা। গান্ধীনগৰ অঞ্চলত পূৰ্বে ১২ খন অক্সিজেন পাৰ্ক আছিল বুলি উল্লেখ কৰি তেওঁ অৱগত কৰে যে আজি ইয়াত ৬১ খন নতুন অক্সিজেন পাৰ্ক উদ্বোধন কৰাৰ জৰিয়তে গান্ধীনগৰ লোকসভা সমষ্টিৰ মুঠ অক্সিজেন পাৰ্কৰ সংখ্যা ৭৩লৈ বৃদ্ধি পাইছে। একেদৰে, আহমেদাবাদ পৌৰ নিগমে এদিনতে ১০১ খন অক্সিজেন পাৰ্ক উদ্বোধন কৰে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আহমেদাবাদ পৌৰ নিগমে গছপুলি ৰোপণ কৰিব বিচৰা নাগৰিকসকলৰ ঘৰলৈ পোনপটীয়াকৈ পুলিবোৰ প্ৰদান কৰাৰ বাবে এক বৈজ্ঞানিক পদক্ষেপৰ অধীনত এক বিশেষ বাহন সেৱা আৰম্ভ কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে কোনো অভিযান সফল হ’ব নোৱাৰে। তেওঁ কয় যে এই গছপুলি ৰোপণ অভিযানে আগন্তুক বছৰবোৰত আন চহৰৰ তুলনাত আহমেদাবাদৰ তাপমাত্ৰা কমেও ৫ শতাংশ হ্ৰাস কৰিব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ শ্লোগান "এক পেড় মা কে নাম" হৈছে পৰিৱেশ সংৰক্ষণৰ একমাত্ৰ পথ। তেওঁ প্ৰতিজন নাগৰিকক গছ ৰোপণ কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে অ’জন স্তৰ সংৰক্ষণ কৰাত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে সানন্দ, গান্ধীনগৰ, কালোল আৰু আহমেদাবাদ চহৰে একেলগে গান্ধীনগৰ লোকসভা সমষ্টিৰ সেউজ আৱৰণ ১১.২৩ শতাংশ বৃদ্ধি কৰিছে আৰু ২০২৯ চনৰ ভিতৰত ইয়াক ২০ শতাংশলৈ বৃদ্ধি কৰাৰ সংকল্প লৈছে।
শ্ৰী অমিত শ্বাহে কয় যে গান্ধীনগৰ লোকসভা সমষ্টিৰ ২০ শতাংশ সেউজ আৱৰণ প্ৰাপ্ত কৰাৰ লক্ষ্যত উপনীত হোৱাটো এক সামূহিক দায়িত্ব। তেওঁ উল্লেখ কৰে যে সকলো লোকসভা সমষ্টিৰ ভিতৰত গান্ধীনগৰত সৌৰ ছাদ স্থাপনৰ সংখ্যা সৰ্বাধিক। তেওঁ আহমেদাবাদ আৰু গান্ধীনগৰৰ বাসিন্দাসকল প্ৰতিটো ঘৰ, এপাৰ্টমেণ্ট বা ছাদত সৌৰ ছাদ স্থাপন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে আজি ২২টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু সাতটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে ৩২৫ খন নতুন এ এম টি এছ আৰু বি আৰ টি এছ বাছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব আৰু আজিৰ উদ্বোধনৰ পাছত আহমেদাবাদত আৰু প্ৰদূষণ সৃষ্টি কৰা কোনো বাছ নাথাকিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে গান্ধীনগৰ লোকসভা সমষ্টিটোত এতিয়ালৈকে ১ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ঘাটলোডিয়াত ৩ কোটি, ভেলপুৰত ৫ কোটি, সবৰমতিত ৬ কোটি, নাৰণপুৰাত ১ কোটি, সানন্দত ৭ কোটি, উত্তৰ গান্ধীনগৰত ২ কোটি আৰু কালোলত ৪ কোটি টকা মূল্যৰ প্ৰকল্প। শ্ৰী শ্বাহে আহমেদাবাদ চহৰ আৰু গান্ধীনগৰ লোকসভা সমষ্টিৰ জনসাধাৰণক তেওঁলোকৰ গৃহ নিৰ্মাণ সমিতিৰ এটা কোণতো গছ নোহোৱাকৈ এৰি নাযাবলৈ আহ্বান জনায়। তেওঁ কয় যে ভৱিষ্যত প্ৰজন্মৰ বাবে এক বসবাসযোগ্য গ্ৰহ সৃষ্টি কৰিবলৈ গছপুলি ৰোপণ কৰাটো সামূহিক লক্ষ্য হ'ব লাগে। তেওঁ লগতে নাগৰিকসকলক প্ৰতিটো ঘৰৰ ছাদৰ ওপৰত সৌৰশক্তিৰে সজ্জিত হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
****
RK/PR/PS/SC/DD
(रिलीज़ आईडी: 2283999)
आगंतुक पटल : 6