বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ত্ৰিপুৰা আৰু পশ্চিমবংগত দুটা পৃথক অভিযানত ১ লাখতকৈও অধিক বটল কোডেইন-আধাৰিত কফ ছিৰাপ জব্দ ডি আৰ আইৰ; এজন লোকক গ্ৰেপ্তাৰ

प्रविष्टि तिथि: 05 JUL 2026 7:20PM by PIB Guwahati

ড্ৰাগছ সৰবৰাহ ৰোধ কৰা আৰু মাদক দ্ৰব্য যোগান নেটৱৰ্ক ধ্বংস কৰাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) এন ডি পি এছ আইন, ১৯৮৫ৰ ব্যৱস্থাৰ অধীনত ত্ৰিপুৰা আৰু পশ্চিমবংগত চলোৱা দুটা পৃথক অভিযানত বৃহৎ পৰিমাণৰ কোডেইন-আধাৰিত কফ চিৰাপৰ বটল জব্দ কৰিছে।

২.৭.২০২৬ তাৰিখে ডি আৰ আইৰ বিষয়াসকলে আগৰতলালৈ যোৱা এখন ৰে’লৰ পাৰ্চেল ভেনেৰে সৰবৰাহ কৰা এটা চালান জব্দ কৰে। ৮০ টা ধাতুৰ ড্ৰামৰ ভিতৰত পাউডাৰজাতীয় পদাৰ্থৰ এটা স্তৰৰ তলত কৌশলেৰে নিষিদ্ধ সামগ্ৰীখিনি লুকুৱাই অনা হৈছিল। মুঠ ৫৫,৬২৬ বটল কোডেইন-আধাৰিত কফ ছিৰাপ উদ্ধাৰ কৰি জব্দ কৰা হয়। ৰে’লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু অসম ৰাইফলছৰ সহায়ত এই অভিযান চলোৱা হৈছিল। সামগ্ৰীখিনি চমজি ল’বলৈ অহা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰায় একে সময়তে আন এটা অভিযানত ডি আৰ আইৰ বিষয়াসকলে পশ্চিমবংগৰ ডানকুনিৰ এটা গুদামঘৰত তালাচী চলায়, য’ত ১০৪ টা ছীল কৰা লোহাৰ ড্ৰামৰ পৰা ৫৬,২২৫ টা বটল কোডেইন-আধাৰিত কফ চিৰাপ উদ্ধাৰ হয়। চিনাক্তকৰণৰ পৰা হাত সাৰিবলৈ বটলবোৰ ড্ৰামৰ ভিতৰত চীনা মাটিৰ পাউডাৰৰ এটা স্তৰৰ তলত লুকুৱাই ৰখা হৈছিল। সমগ্ৰ পৰিমাণটো এন ডি পি এছ আইন, ১৯৮৫ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জব্দ কৰা হয়।

সামগ্ৰিকভাৱে দুয়োটা অভিযানত প্ৰায় ১.১১ লাখ কোডেইন-আধাৰিত কফ ছিৰাপৰ বটল জব্দ কৰা হয় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

আফিঙৰ পৰা আহৰণ কৰা কোডেইনৰ নিয়ন্ত্ৰিতভাৱে ব্যৱহাৰেৰে ঔষধ হিচাপে বৈধ চিকিৎসা ব্যৱস্থা আছে। অৱশ্যে কোডেইন-আধাৰিত কফ ছিৰাপবোৰ প্ৰায়ে ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ দ্বাৰা লক্ষ্য কৰি লোৱা হয়, কাৰণ অবৈধ সেৱনৰ বাবে ইয়াৰ অপব্যৱহাৰৰ সম্ভাৱনা থাকে।

এই জব্দকৰণে মাদক দ্ৰব্য থকা ঔষধজাতীয় সামগ্ৰীৰ চকুত নপৰাকৈ চোৰাং সৰবৰাহৰ কাৰণে সংগঠিত ছিণ্ডিকেট চক্ৰই গ্ৰহণ কৰা উদ্ভাৱনীমূলক কৌশলৰ ওপৰত আলোকপাত কৰে। সমন্বিত চোৰাংচোৱা-চালিত অভিযানৰ জৰিয়তে ডি আৰ আই এনে নেটৱৰ্কসমূহ ধ্বংস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

****

SR/KMN/HS


(रिलीज़ आईडी: 2281497) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu