গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫-২০২৬ বিত্তীয় বৰ্ষত ৭% জিডিপি বৃদ্ধিত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সন্তুষ্টি প্ৰকাশ

৭.৭% বিকাশৰ হাৰৰ সৈতে, ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হিচাপে অব্যাহত আছে

মোদী চৰকাৰৰ অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা চালিত হৈ, গোলকীয় প্ৰত্যাহ্বান সত্বেও ভাৰতে সকলো মুখ্য অৰ্থনীতিক অতিক্ৰম কৰিছে

মহামাৰীৰ পৰা আৰম্ভ কৰি গোলকীয় সংঘৰ্ষলৈকে, মোদী জীৰ দূৰদৰ্শী নীতিসমূহে প্ৰতিটো ডাঙৰ গোলকীয় সংকটৰ মাজেৰে ভাৰতৰ অৰ্থনীতিক সুৰক্ষিত কৰি ৰাখিছে

प्रविष्टि तिथि: 05 JUN 2026 10:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২৬  বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি ৭% বৃদ্ধি হোৱাত সন্তুষ্টি প্ৰকাশ কৰে।

এক্স-ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আৰম্ভ কৰা দূৰদৰ্শী অৰ্থনৈতিক সংস্কাৰে অৰ্থনৈতিক সমৃদ্ধিৰ ইন্ধন অব্যাহত ৰাখিছে, যাৰ ফলত ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতিত পৰিণত হৈছে। বিশ্বই অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ সময়ত প্ৰতিটো মুখ্য অৰ্থনীতিক অতিক্ৰম কৰি ভাৰতৰ বিকাশৰ হাৰ ৭% হৈছে, যি বিগত ১২বছৰত আমাৰ অৰ্থনীতিয়ে লাভ কৰা শক্তিৰ প্ৰমাণ। মহামাৰী হওক বা যুদ্ধ, মোদী জীৰ দূৰদৰ্শী নীতিয়ে দেশখনক প্ৰতিটো প্ৰত্যাহ্বানৰ মাজেৰে সুৰক্ষিতভাৱে আগুৱাই লৈ গৈছে "

***

RK/PR/PS/MK


(रिलीज़ आईडी: 2280278) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Gujarati