গ্ৰামোন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে আকাশমাৰ্গ তথা স্থল পথেৰে বান বিধ্বস্ত অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ বুজ ললে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে
প্ৰতিটো বানপীড়িত পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ সহায় তথা সমৰ্থনঃ বানাক্ৰান্তক আশ্বাস দিলে শ্ৰী শিৱৰাজ সিং চৌহানে
"ভাগ-বাটোৱাৰা কৰিলে শোক লাঘৱ হয়; আপোনালোক অকলশৰীয়া নহয়": শ্ৰী শিৱৰাজ সিং চৌহানে বানপীড়িত লোকৰ সৈতে মত-বিনিময় কৰাৰ লগতে মহিলা আৰু পৰিয়ালসমূহক সান্ত্বনা দিয়ে
শ্ৰী শিৱৰাজ সিং চৌহানে বানপীড়িত লোকসকলৰ ওচৰত উপস্থিত হয়, ক্ষয়-ক্ষতিৰ মূল্যায়নৰ আশ্বাস প্ৰদান
ঘৰ, শস্য আৰু পশুধনৰ লোকচানৰ সম্পূৰ্ণ মূল্যায়ন কৰা হ’ব; প্ৰতিটো যোগ্য পৰিয়ালে সহায় পাব: শ্ৰী শিৱৰাজ সিং চৌহান
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সাহায্য আৰু পুনৰ্বাসন নিশ্চিত কৰাৰ বাবে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিবঃ শ্ৰী শিৱৰাজ সিং চৌহান
শ্ৰী শিৱৰাজ সিং চৌহানে সম্প্ৰদায়ৰ প্ৰচেষ্টাৰ শলাগ লয়, বানপীড়িত অঞ্চলত পুনৰুদ্ধাৰৰ কামত স্থানীয় লোকৰ সৈতে যোগদান কৰে
বানপীড়িত অঞ্চল ভ্ৰমণ কৰাৰ পিছত শ্ৰী শিৱৰাজ সিং চৌহানে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে, সাহায্য আৰু পুনৰ্বাসন ত্বৰান্বিত কৰাৰ বাবে নিৰ্দেশ দিয়ে
পোষ্ট কৰা হৈছে:
01 JUL 2026 7:16PM by PIB Guwahati
বিধ্বংসী বানে বিধ্বস্ত কৰা অৰুণাচলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ সৈতে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশী আৰু স্থলপথেৰে পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

এই ভ্ৰমণৰ সময়ত শ্ৰী চৌহানে বানাক্ৰান্ত পৰিয়ালসমূহক সাক্ষাৎ কৰে, তেওঁলোকৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰে আৰু তেওঁলোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাত কেন্দ্ৰ তথা ৰাজ্য উভয় চৰকাৰে এই কঠিন সময়ত অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত গাঁওসমূহলৈ পথেৰে যাত্ৰা কৰাৰ পূৰ্বে কেয়ী পানয়োৰ জিলাকে ধৰি কেইবাটাও বানপীড়িত অঞ্চল আকাশীপথেৰে পৰিদৰ্শন কৰে । তেওঁ বানত আক্ৰান্ত বাসিন্দাসকলৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰে, তেওঁলোকৰ সমস্যাৰ বিষয়ে শুনে আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰি উপযুক্ত সহায়ৰ আশ্বাস দিয়ে।

বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰাৰ সময়ত শ্ৰী চৌহানে কয় যে দুখ ভাগ-বাটোৱাৰা কৰিলে পাতলে আৰু সংকটৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াটোৱেই মানৱতাৰ প্ৰকৃত সাৰমৰ্ম। বিশেষকৈ মহিলাসকলৰ সৈতে মত বিনিময় কৰি তেওঁ তেওঁলোকক আশ্বাস দিয়ে যে তেওঁলোক অকলশৰীয়া নহয় আৰু প্ৰতিটো খোজতে কেন্দ্ৰ তথা ৰাজ্য উভয় চৰকাৰেই তেওঁলোকৰ কাষত থিয় দিব।

তেওঁ ঘোষণা কৰে যে বানৰ ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰা হ’ব। যিবোৰ পৰিয়ালৰ ঘৰ জাহ গৈছে, সেইবোৰ পৰিয়ালৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰা হ’ব, আনহাতে কৃষি পথাৰ, ক্ষতিগ্ৰস্ত শস্য, পশুধনৰ লোকচানৰ মূল্যায়ন কৰি উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰা হ’ব। ইতিমধ্যে ক্ষতিগ্ৰস্ত পৰিয়ালক খাদ্য শস্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানেৰে তাৎক্ষণিক সকাহ প্ৰদান কৰা হৈছে।
শ্ৰী চৌহানে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ব্যক্তিগতভাৱে পৰিস্থিতিকলৈ উদ্বিগ্ন আৰু তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সাহায্য আৰু পুনৰ্বাসন অভিযান চলাই আছে।
এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দাসকলে প্ৰদৰ্শন কৰা উল্লেখযোগ্য সামূহিক মনোভাৱৰো শলাগ লয়। তেওঁ গাঁৱৰ ৰাইজৰ সৈতে লগলাগি বানত ক্ষতিগ্ৰস্ত হোৱা এটা পথ মেৰামতি কৰাৰ লগতে নদীৰ পানী পুনৰ গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰাকৈ সুৰক্ষা দেৱাল নিৰ্মাণত সহযোগ কৰে।
এই পদক্ষেপক গভীৰভাৱে প্ৰেৰণাদায়ক বুলি অভিহিত কৰি শ্ৰী চৌহানে কয় যে বানপানীয়ে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰাৰ লগতে ক্ষয়-ক্ষতিৰ মূল্যায়ন এতিয়াও চলি আছে যদিও আটাইতকৈ প্ৰশংসনীয় দিশটো হ’ল স্থানীয় জনগোষ্ঠীসমূহে চৰকাৰী হস্তক্ষেপৰ বাবে অপেক্ষা কৰা নাছিল , তেওঁলোকে সংকটৰ সমাধানৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিছিল।
তেওঁ উল্লেখ কৰে যে গাঁওবাসীয়ে নিজৰ গাঁওখনক পুনৰ বানৰ পৰা ৰক্ষা কৰিবলৈ আনুষ্ঠানিক অনুমোদন বা প্ৰশাসনিক অনুমানৰ বাবে অপেক্ষা নকৰাকৈয়ে সুৰক্ষা দেৱাল নিৰ্মাণৰ কাম হাতত লৈছিল। এই সামূহিক দায়বদ্ধতাৰ মনোভাৱৰ শলাগ লৈ তেওঁ কয় যে যেতিয়া সমাজ সচেতন হয়, ঐক্যবদ্ধ হয় আৰু সক্ৰিয় হৈ থাকে তেতিয়া সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বহু উল্লেখযোগ্য প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰা যায়। তেওঁ ৰাইজক আশ্বাস দিয়ে যে চৰকাৰে সম্পূৰ্ণ আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰিব আৰু ফলপ্ৰসূ সকাহ তথা পুনৰ্বাসন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নহ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অতি জৰুৰীভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
ইয়াৰ পূৰ্বে শ্ৰী চৌহানে ইটানগৰৰ ৰাজ ভৱনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে.টি. পাৰ্নাইকৰ সৈতে চলি থকা সাহায্য অভিযানৰ বিষয়ে আলোচনা কৰে। চৰকাৰ আৰু সমাজৰ যৌথ প্ৰচেষ্টাৰ বিষয়ত আস্থা প্ৰকাশ কৰি শ্ৰী চৌহানে কয় যে ৰাজ্যখনে শীঘ্ৰে বৰ্তমানৰ সংকট অতিক্ৰম কৰিব । তেওঁ লগতে কয় - আমি একেলগে এই কঠিন সময় অতিক্ৰম কৰিম আৰু অৰুণাচলে পুনৰ হাঁহিব।
বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণৰ পিছত মঙলবাৰে নিশা ইটানগৰত মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে শ্ৰী শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয়।
বৈঠকত সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰচেষ্টাসমূহৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰি প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে তৎকালীন সাহায্য পোৱাটো নিশ্চিত কৰা, ক্ষতিৰ মূল্যায়ন ক্ষিপ্ৰতাৰে কৰা, আৰু পুনৰ্বাসনৰ ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হয়। শ্ৰী চৌহানে সাহায্য অভিযানত কোনো স্তৰতে কোনো গাফিলতি থাকিব নালাগে বুলিমন্তব্য কৰি অতি শীঘ্ৰে স্বাভাৱিক জীৱন ঘূৰাই অনাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ আহ্বান জনায়।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰী চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত তেওঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি প্ৰচণ্ড বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মূল্যায়ন কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সমন্বয়ত ফলপ্ৰসূ সঁহাৰি নিশ্চিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
তেওঁ কয় যে প্ৰতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ মাজেৰে পথেৰে যাত্ৰা কৰি ক্ষতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰিছে আৰু ক্ষতিগ্ৰস্ত হোৱা বাসিন্দাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি পৰিস্থিতি বুজ লৈছে। পৰিস্থিতিটোক গুৰুতৰ আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰাৰ লগতে শ্ৰী চৌহানে ৰাজ্য চৰকাৰক এইকাৰণত প্ৰশংসা কৰে যে তেওঁলোকে দ্ৰুতভাৱে সঁহাৰি জনাইছে আৰু ফলপ্ৰসূভাৱে সাহায্য তথা উদ্ধাৰ অভিযান চলাইছে, যিয়ে মানৱ জীৱনৰ ক্ষতি কম কৰাত সহায় কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেইবাঠাইতো পথ, দলং, বিদ্যুতৰ আন্তঃগাঁথনি তথা যোগাযোগ নেটৱৰ্ক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। শস্য ধ্বংস হৈছে , বহু ঘৰ উটুৱাই লৈ গৈছে, পশুধনৰ ক্ষতিৰ খবৰো পোৱা গৈছে।
তেওঁ কয় যে বৰ্তমান এই সঁহাৰি দুটা পৰ্যায়ত চলি আছে: প্ৰথমতে, আক্ৰান্ত লোকসকলক খাদ্য শস্য, ঔষধ, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা যোগানকে ধৰি তাৎক্ষণিক সকাহ নিশ্চিত কৰা; আৰু দ্বিতীয়তে, দীৰ্ঘম্যাদী পুনৰ্বাসনৰ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পৰিস্থিতিৰ বিশদ মূল্যায়ন কৰা।
শ্ৰী চৌহানে জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে, আনহাতে সম্পূৰ্ণ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰলৈ বিশদ মূল্যায়ন প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই পৰিস্থিতিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত কৰা হ’ব আৰু কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ আস্থা প্ৰকাশ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যৰ যৌথ প্ৰচেষ্টাই অতি সোনকালে বান বিধ্বস্ত এলেকালৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিব আৰু ভৱিষ্যতে এনে প্ৰাকৃতিক দুৰ্যোগৰ উন্নত ব্যৱস্থাপনাৰ বাবে বৈজ্ঞানিক তথা দীৰ্ঘম্যাদী সমাধানৰ দিশতো সহায় কৰিব।
***
RC/MS/DM
(ৰিলিজ আই ডি : 2280168)
অতিথি কক্ষ : 42