প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেদাৰলেণ্ডৰ ৰাণী মেক্সিমাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
25 JUN 2026 10:40PM by PIB Guwahati
নেদাৰলেণ্ডৰ মহামান্য ৰাণী মেক্সিমা, যি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিত্তীয় সংক্ৰান্তৰ বিশেষ অধিবক্তাও , তেওঁ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ‘ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নেতৃত্বাধীন বিপ্লৱে কেনেদৰে বিত্তীয় সেৱাসমূহ অধিক সহজলভ্য আৰু সুলভ কৰি তুলিছে সেই বিষয়ে আমি আলোচনা কৰো’, শ্ৰী মোদীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক দোহাৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰে;
নেদাৰলেণ্ডৰ মহামান্য ৰাণী মেক্সিমাক সাক্ষাৎ কৰি আনন্দিত হৈছো, যি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিত্তীয় সংক্ৰান্তৰ বিশেষ অধিবক্তা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিনীয়া বিশ্বব্যাপী এক কণ্ঠ।
আমি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নেতৃত্বাধীন বিপ্লৱে ‘জীৱন ধাৰণৰ সূচলতা’ বৃদ্ধি কৰি কেনেদৰে বিত্তীয় সেৱাসমূহ অধিক সহজলভ্য আৰু সুলভ কৰি জনসাধাৰণক বৃহৎ পৰিমাণে সবলীকৰণ কৰি তুলিছে সেই বিষয়ে আলোচনা কৰিছো।
সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
@UNSGSA
***
MJPS/SS/VJ/MK
(ৰিলিজ আই ডি : 2278434)
অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam