প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 JUN 2026 5:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পক ১৭ জুনত সাক্ষাৎ কৰে।

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই ৱাশ্বিংটন ডি চি-ত ফেব্ৰুৱাৰী, ২০২৫ ত অনুষ্ঠিত হোৱা বৈঠকত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কম্পেক্ট (সামৰিক অংশীদাৰিত্ব, ত্বৰিত বাণিজ্য আৰু প্ৰযুক্তিৰ বাবে অনুঘটকৰ সুযোগ)ৰ অধীনত লাভ কৰা অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। তেওঁলোকে প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, শক্তি আৰু দ্বিপাক্ষিক বাণিজ্য খণ্ডৰ গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহক আদৰণি জনায়।

নেতাদ্বয়ে এক অন্তৰ্ৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ দিশত হোৱা আলোচনাত লাভ কৰা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ বিষয়ে সন্তুষ্টিসহকাৰে উল্লেখ কৰে আৰু অতি সোনকালে এক সন্তুলিত, পাৰস্পৰিকভাৱে লাভজনক আৰু বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ চুক্তিৰ দিশত কাম কৰিবলৈ তেওঁলোকৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰা আৰু দুয়োখন দেশ তথা তেওঁলোকৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

 

*****

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2274432) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam