প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমাজৰ কল্যাণৰ বাবে উৎসৰ্গিত এজন প্ৰকৃত জ্ঞানী ব্যক্তিৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
09 JUN 2026 10:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজৰ কল্যাণৰ বাবে সমৰ্পিত এজন প্ৰকৃত জ্ঞানী ব্যক্তিৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১২ বছৰত 'সবকা সাথ, সবকা বিকাশ' ভাৱনাৰে অনুপ্ৰাণিত হৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আজি আমি এক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে অগ্ৰসৰ হৈছোঁ।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
"ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সমৰ্পণ আৰু সেৱাভাৱ আমাৰ অমূল্য সম্পদ হৈ আহিছে। বিগত ১২ বছৰত 'সবকা সাথ, সবকা বিকাশ' ভাৱনাৰে অনুপ্ৰাণিত হৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই আজি আমি এক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে অগ্ৰসৰ হৈছোঁ।"
#12YearsOfSeva
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते।
हितं च नाभ्यसूयन्ति स वै पण्डित उच्यते॥"
অৰ্থাৎ যিজন ব্যক্তি সদায় মহান আৰু ধৰ্মীয় কামত ব্ৰতী হৈ থাকে, সমাজৰ প্ৰগতি আৰু কল্যাণৰ বাবে উৎসৰ্গিত হৈ থাকে, আনৰ হিতকাৰী কথা আৰু কাৰ্যক সন্মান কৰে আৰু কাৰো প্ৰতি কোনো ধৰণৰ হিংসা বা বিদ্বেষ ভাব পোষণ নকৰে, তেওঁকেই প্ৰকৃততে জ্ঞানী বুলি কোৱা হয়।
***
MJPS/SS/PRK/DB
(रिलीज़ आईडी: 2270575)
आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam