প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সকলো জীৱৰ কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় সন্দৰ্ভত ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ

प्रविष्टि तिथि: 08 JUN 2026 7:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি সকলো জীৱৰ কল্যাণ সাধন কৰাটোৱেই হৈছে আমাৰ সংস্কৃতিৰ মূল চেতনা।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ব্যাপক দৃষ্টিভংগীৰে ভাৰত আজি নিৰন্তৰ প্ৰগতি আৰু সমৃদ্ধিৰ পথত আগবাঢ়ি আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

‘প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি সকলো জীৱৰ কল্যাণ সাধন কৰাটোৱেই হৈছে আমাৰ সংস্কৃতিৰ মূল চেতনা। এই বিস্তৃত দৃষ্টিভংগীৰে আজি ভাৰত প্ৰগতি আৰু সমৃদ্ধিৰ পথত আগবাঢ়ি আছে।

यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते।
तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्॥

আমি যাতে এনে সমৃদ্ধি লাভ কৰো যি চাৰিও দিশৰ বিশাল বিস্তাৰ আৰু দৃষ্টিশক্তিৰ সজাগতাৰে সমৃদ্ধ- য’ত প্ৰকৃতিৰ সৈতে সম্পূৰ্ণ সমন্বয়েৰে বাস কৰি পৰিবেশ সংৰক্ষণৰ লগতে সকলো জীৱনৰ বহনক্ষম কল্যাণ নিশ্চিত কৰিব পৰা যায়।

***

MJPS/SS/PRK/NB


(रिलीज़ आईडी: 2270167) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam