প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দমনত উদ্বোধন কৰিলে নমো চিকিৎসালয়
प्रविष्टि तिथि:
05 JUN 2026 10:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো চিকিৎসালয় উদ্বোধন কৰে। তেওঁ কয় যে এই পদক্ষেপৰ সৈতে জনসাধাৰণক গুণগত স্বাস্থ্য চিকিৎসা প্ৰদানৰ দিশত চলি থকা প্ৰচেষ্টাৰ মিল আছে। তেওঁ লগতে উল্লেখ কৰি যে চিকিৎসালয়খনত আধুনিক সকলো সুবিধা আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা ই ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"ৰাইজক মানসম্পন্ন চিকিৎসা সেৱা প্ৰদানৰ দিশত আমাৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি দমনত নমো চিকিৎসালয়খন উদ্বোধন কৰা হয়। ইয়াত আধুনিক সুবিধা আছে আৰু ই কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269767)
आगंतुक पटल : 6