প্ৰতিৰক্ষা মন্ত্ৰালয়
মেঘালয়ৰ উমৰৈত বহুপাক্ষিক সামৰিক অনুশীলন ‘প্ৰগতি ২০২৬’ৰ সামৰণি
प्रविष्टि तिथि:
30 MAY 2026 4:21PM by PIB Guwahati
মেঘালয়ৰ উমৰৈ সামৰিক ঘাটিত অনুষ্ঠিত বহুপাক্ষিক সামৰিক অনুশীলন ‘প্ৰগতি ২০২৬’ৰ প্ৰথমটো সংস্কৰণৰ এটি ৭২ ঘণ্টীয়া বৈধ অনুশীলনৰ অন্তত সফল সামৰণি পৰে। এই অনুশীলনে অংশগ্ৰহণকাৰী সশস্ত্ৰ বাহিনীসমূহৰ মাজৰ পাৰস্পৰিক বিশ্বাস, একেলগে কাম কৰাৰ দক্ষতা আৰু উমৈহতীয়া নিৰাপত্তা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ সামূহিক সংকল্পক প্ৰদৰ্শন কৰে। সামৰণি অনুষ্ঠানত ১৩খন মিত্ৰ বিদেশী ৰাষ্ট্ৰৰ ৬গৰাকী উপ-প্ৰধান আৰু ৪০গৰাকীতকৈও অধিক জ্যেষ্ঠ সামৰিক বিষয়া উপস্থিত থাকে। থলসেনাৰ উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠে সকলো অংশগ্ৰহণকাৰী দেশৰ প্ৰতিনিধিসকলক আদৰণি জনায়।
‘প্ৰগতি’ (PRAGATI) যাৰ সম্পূৰ্ণ নাম হৈছে—ভাৰত মহাসাগৰীয় অঞ্চলত বিকাশ আৰু পৰিৱৰ্তনৰ বাবে আঞ্চলিক সেনাবাহিনীসমূহৰ অংশীদাৰিত্ব। এই অনুশীলনত ভাৰত, ভূটান, কম্বোডিয়া, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছেচেলছ, শ্ৰীলংকা, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু লাওছৰ ৪০০ তকৈও অধিক সৈনিকে অংশগ্ৰহণ কৰে। সমতা, বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে অনুষ্ঠিত এই অনুশীলনে আঞ্চলিক অংশীদাৰসকলক অভিজ্ঞতা বিনিময় কৰা, সৰ্বোত্তম পদ্ধতিসমূহ শ্বেয়াৰ কৰা আৰু সামৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে।
এই সামৰিক অনুশীলনত ঘাইকৈ অৰ্ধ-পাৰ্বত্য আৰু অৰণ্য অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। বক্তৃতা, প্ৰদৰ্শনী, অনুশীলন আৰু বিশেষ দক্ষতাৰ জৰিয়তে ব্যাপক প্ৰশিক্ষণ লোৱাৰ পিছত, অংশগ্ৰহণকাৰীসকলে ৭২ ঘণ্টীয়া বৈধ অনুশীলন সফলতাৰে সম্পন্ন কৰে; যাৰ ফলত প্ৰশিক্ষণৰ ফলাফলসমূহ সুদৃঢ় হোৱাৰ লগতে অনুশীলনৰ সময়ত অৰ্জন কৰা কাৰ্যক্ষম সমন্বয় প্ৰদৰ্শিত হয়।
প্ৰশিক্ষণৰ সময়ত পাহাৰ বগোৱা, এম্বুচ আৰু প্ৰতি-এম্বুচ ড্ৰিল, শ্লিডাৰিং, জংঘল লেন শ্বুটিং, কোঠা আৰু বাছৰ ভিতৰত অনুপ্ৰৱেশকাৰীক বাধা দিয়া, আইইডি চিনাক্তকৰণ, আহত জোৱানক উদ্ধাৰ কৰা আৰু অন্যান্য বিশেষ দক্ষতাকে ধৰি এক ব্যাপক পৰিসৰৰ কাৰ্যসূচী সামৰি লোৱা হৈছিল। অংশগ্ৰহণকাৰী দেশসমূহৰ জোৱানক লৈ গঠিত একত্ৰিত দলসমূহে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰে, যাৰ ফলত পাৰস্পৰিক কাম কৰাৰ দক্ষতা, ক্ষমতা নিৰ্মাণ আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পায়।
এই অনুশীলনৰ এক অন্যতম আকৰ্ষণীয় দিশ আছিল সকলো অংশগ্ৰহণকাৰীৰ মাজত গঢ়ি উঠা বন্ধুত্ব আৰু ভাতৃত্ববোধ। প্ৰত্যাহ্বানমূলক প্ৰশিক্ষণৰ পৰিস্থিতিৰ মাজতো জোৱানসকলে একেলগে কাম কৰিছিল, যিয়ে বিভিন্ন দেশৰ সশস্ত্ৰ বাহিনীক একত্ৰিত কৰা উমৈহতীয়া সৈনিক মনোভাৱক পুনৰ প্ৰতিষ্ঠা কৰে। এই অনুশীলনে সাংস্কৃতিক বিনিময় আৰু অনানুষ্ঠানিক বাৰ্তালাপৰ সুযোগো প্ৰদান কৰে, যাৰ ফলত পেচাদাৰী আৰু ব্যক্তিগত সম্পৰ্ক অধিক দৃঢ় হয়।
এই অনুশীলনৰ অংশ হিচাপে, ভাৰতীয় সেনা আৰু ‘ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ (ফিকি)ৰ সহযোগত অংশগ্ৰহণকাৰী অংশীদাৰ দেশসমূহৰ বাবে প্ৰতিৰক্ষা সঁজুলিৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ভাৰতীয় সেনাৰ ‘আৰ্মী ডিজাইন ব্যুৰো’ আৰু ফিকিয়ে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ দ্বাৰা বিকশিত কৰা অত্যাধুনিক থলুৱা প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তিৰ প্ৰদৰ্শনৰ সুবিধা কৰি দিয়ে। তদুপৰি ভাৰতীয় সেনাই বৰ্তমান ব্যৱহাৰ কৰি থকা কিছুমান নতুন প্ৰজন্মৰ সঁজুলি প্ৰদৰ্শন কৰে। এই পদক্ষেপে ‘আত্মনিৰ্ভৰ ভাৰত’ আঁচনিৰ অধীনত ভাৰতৰ বৰ্ধিত থলুৱা প্ৰতিৰক্ষা ডিজাইন, বিকাশ আৰু উৎপাদন ক্ষমতাৰ ওপৰত আলোকপাত কৰে আৰু উদ্যোগিক অংশীদাৰিত্ব, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ জৰিয়তে প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি কৰাৰ বাবে এক মূল্যৱান মঞ্চ প্ৰদান কৰে।
অনুশীলনৰ সমান্তৰালভাৱে, থলসেনাৰ উপ-প্ৰধানগৰাকীয়ে প্ৰতিৰক্ষা সহযোগিতা অধিক আগুৱাই নিয়াৰ বাবে অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিনিধিসকলৰ সৈতে গঠনমূলক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বাৰ্তালাপসমূহে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ লগতে অংশগ্ৰহণকাৰী সেনাবাহিনীসমূহৰ মাজত সামৰিক সম্পৰ্ক শক্তিশালী কৰে।
‘প্ৰগতি ২০২৬’ অনুশীলনে অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত একেলগে কাম কৰাৰ দক্ষতা বৃদ্ধি, সামূহিক প্ৰস্তুতি শক্তিশালী কৰা আৰু পাৰস্পৰিক বিশ্বাস গভীৰ কৰাত অপৰিসীম অৱদান যোগাইছে। ‘প্ৰগতি’ অনুশীলনৰ এই প্ৰথমটো সংস্কৰণে এক শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সুৰক্ষিত অঞ্চলৰ বাবে প্ৰয়াস কৰা সমভাবাপন্ন দেশসমূহৰ মাজত এক শক্তিশালী ভেটি স্থাপন কৰিছে; আৰু ই ভৱিষ্যতৰ সংস্কৰণসমূহৰ বাবে এক পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।
7TL3BXK2.jpeg)
Q53S94AM.jpg)
*****
NA/RS/DB
(रिलीज़ आईडी: 2267234)
आगंतुक पटल : 36