যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

পূব গাৰো পাহাৰত ৰক্ষা খাড়ছেৰ জিলা পৰ্যালোচনা; ‘পূৰ্বোত্তৰ সম্পৰ্ক সেতুৱে উত্তৰ-পূবৰ সৈতে কেন্দ্ৰৰ সম্পৰ্ক শক্তিশালী কৰি তুলিছে’ বুলি মন্তব্য

উইলিয়ামনগৰৰ ক্ৰীড়া কেন্দ্ৰসমূহ ভ্ৰমণ ৰাজ্য মন্ত্ৰীগৰাকীৰ; মীন আৰু পশুপালন, হস্তশিল্প আৰু জিলা উন্নয়নৰ অগ্ৰাধিকাৰৰ পদক্ষেপসমূহৰ পৰ্যালোচনা

পোষ্ট কৰা হৈছে: 27 MAY 2026 2:08PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাড়ছেই আজি উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ (এমড’নাৰ) পূৰ্বোত্তৰ সম্পৰ্ক সেতুৰ অধীনত মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ পৰ্যালোচনাৰ বাবে উইলিয়ামনগৰ ভ্ৰমণ কৰে। কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় শক্তিশালী কৰিবলৈ আৰু উত্তৰ-পূব অঞ্চলত উন্নয়নমূলক প্ৰসাৰ সুদৃঢ় কৰিবলৈ এমড’নাৰৰ এই পদক্ষেপে চৰকাৰী কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ মূল্যায়ন কৰাৰ লগতে, ক্ষেত্ৰভিত্তিক স্থানীয় অগ্ৰাধিকাৰৰ পৰ্যালোচনা আৰু জিলা প্ৰশাসন তথা স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হ’বলৈ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নিয়মীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰে। এনে প্ৰচেষ্টাৰ জৰিয়তে মন্ত্ৰালয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি সৃষ্টি, জীৱিকাৰ প্ৰচাৰ আৰু শক্তিশালী প্ৰাতিষ্ঠানিক সমন্বয়ৰ ক্ষেত্ৰত সমৰ্থন অব্যাহত ৰাখিছে।

এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ৰীড়া কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আৰু তৃণমূল পৰ্যায়ৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চলাই থকা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ উইলিয়ামনগৰৰ আৰজিএইচএছএছ খেলপথাৰত কৃত্ৰিম ফুটবল টাৰ্ফ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ক্ৰীড়াৰ প্ৰচাৰ আৰু যুৱ প্ৰতিভাৰ উৎকৰ্ষতাৰ লক্ষ্যৰে ব্যৱস্থাসমূহৰ মূল্যায়ন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানৰ ক্ৰীড়া আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্মাণৰত টাম্বো এডিঙৰ খেলো ইণ্ডিয়া বহুমুখী ইনড’ৰ হলৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

শ্ৰীমতী খাড়ছেই অঞ্চলটোত বহনক্ষম জীৱিকা সৃষ্টি আৰু গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মীন আৰু পশুপালন সম্পৰ্কীয় পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। আলোচনাত থলুৱা সামৰ্থ্য শক্তিশালী কৰা, উৎপাদনশীলতা উন্নত কৰা আৰু এই খণ্ডসমূহৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়সমূহৰ বাবে অধিক অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ভ্ৰমণৰ সময়ত দিয়া ভাষণত শ্ৰীমতী ৰক্ষা খাড়ছেই কয়, ‘অন্তৰ্ভুক্তিমূলক আৰু সন্তুলিত উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীত উত্তৰ-পূব অঞ্চলটোৱে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। পূৰ্বোত্তৰ সম্পৰ্ক সেতুৰ দৰে পদক্ষেপৰ জৰিয়তে আমি আঞ্চলিক অগ্ৰাধিকাৰসমূহ ভালদৰে বুজি পাবলৈ স্থানীয় সম্প্ৰদায় আৰু জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক নিশ্চিত কৰিছো। ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা, মীন আৰু পশুপালনৰ জৰিয়তে বহনক্ষম জীৱিকাৰ প্ৰসাৰ আৰু পূব গাৰো পাহাৰৰ সমৃদ্ধ হস্তশিল্প পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি দেখি মই উৎসাহিত হৈছো। উন্নয়ন যাতে তৃণমূল পৰ্যায়লৈ যায় আৰু যুৱ তথা স্থানীয় সম্প্ৰদায়ৰ বাবে অৰ্থপূৰ্ণ সুযোগ সৃষ্টি কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ।’

মন্ত্ৰীগৰাকীয়ে স্থানীয় হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী প্ৰদৰ্শন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পূব গাৰো পাহাৰৰ লোকসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু কাৰিকৰী দক্ষতাৰ প্ৰশংসা কৰে। তেওঁ স্থানীয় শিল্পী আৰু আত্মসহায়ক গোটসমূহক সহায় কৰিবলৈ থলুৱা শিল্পকলাৰ প্ৰচাৰ আৰু বজাৰৰ সংযোগ উন্নত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে।

ভ্ৰমণৰ সময়ত শ্ৰীমতী খাড়ছেৰ সৈতে পূব গাৰো পাহাৰৰ উপায়ুক্ত শ্ৰী আৰ পি মাৰাক, আই এ এছ আৰু আৰক্ষী অধীক্ষক শ্ৰী পাৱাৰ স্বপ্নীল বসন্তৰাও, আই পি এছৰ লগতে জিলা পৰ্যায়ৰ জ্যেষ্ঠ বিষয়াসকলে সংগ দি ৰূপায়ণ হৈ থকা উন্নয়নমূলক পদক্ষেপ আৰু জিলাৰ অগ্ৰাধিকাৰৰ বিষয়ে তেওঁক অৱগত কৰে।

এই ভ্ৰমণে ক্ৰীড়া পৰিবেশতন্ত্ৰ উন্নত কৰা, গ্ৰাম্য জীৱিকাৰ প্ৰসাৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্থানীয় উদ্যোগৰ বিকাশক সমৰ্থন কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। ই পূৰ্বোত্তৰ সম্পৰ্ক সেতুৰ দৰে পদক্ষেপৰ জৰিয়তে কেন্দ্ৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সমন্বিত উন্নয়ন আৰু ঘনিষ্ঠ সম্পৰ্ক বৃদ্ধিৰ বাবে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ধাৰাবাহিক প্ৰচেষ্টা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।

*****

Ayushman Kumar/NB


(ৰিলিজ আই ডি : 2265847) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil