জল শক্তি মন্ত্ৰালয়
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিলৰ গুৱাহাটীৰ এন ই আৰ আই ডব্লিউএএলএম-ৰ ষষ্ঠ পৰিচালনা সমিতিৰ বৈঠকত সভাপতিত্ব
পোষ্ট কৰা হৈছে:
19 MAY 2026 5:31PM by PIB Guwahati
ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ অধীনত থকা প্ৰতিষ্ঠান উত্তৰ-পূব আঞ্চলিক জল আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান (এন ই আৰ আই ডব্লিউএএল এম) ৰ পৰিচালনা সমিতিৰ ষষ্ঠখন বৈঠক আজি গুৱাহাটীৰ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী তথা এন ই আৰ আই ডব্লিউএএল এম-ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী চি আৰ পাটিলৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।
বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰী চি আৰ পাটিলে প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু শৈক্ষিক সুবিধাসমূহ শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এন ই আৰ আই ডব্লিউএএল এম-ৰ নৱনিৰ্মিত ইণ্টাৰনেশ্যনেল হোষ্টেল-কাম-গেষ্ট হাউচ ভাৰ্চুৱেলী উদ্বোধন কৰে।
পৰিচালনা সমিতিয়ে প্ৰতিষ্ঠানটোৰ সাফল্যৰ পৰ্যালোচনা কৰে, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক বিষয়ত অনুমোদন জনায় আৰু উত্তৰ-পূব অঞ্চলত পানী আৰু ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে ভৱিষ্যতৰ কৌশলৰ ওপৰত আলোচনা কৰে। পৰিচালনা সমিতিয়ে ২০২৪-২৫বিত্তীয় বৰ্ষৰ বাবে বাৰ্ষিক প্ৰতিবেদন আৰু অডিট একাউণ্টত অনুমোদন জনায় আৰু ক্ষমতা নিৰ্মাণ, গৱেষণা আৰু শৈক্ষিক কাৰ্যকলাপৰ ক্ষেত্ৰত এন ই আৰ আই ডব্লিউএএল এম-ৰ নিৰন্তৰ অগ্ৰগতিৰ প্ৰশংসা কৰে।
এই বছৰটোত, এন ই আৰ আই ডব্লিউএএল এম-এ ৭১টা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰি ২,৮০০ ৰো অধিক অংশগ্ৰহণকাৰীক উপকৃত কৰি ইয়াৰ প্ৰশিক্ষণৰ লক্ষ্য অতিক্ৰম কৰে। আনহাতে জল সম্পদ ব্যৱস্থাপনাত ইয়াৰ বিশেষ এম টেক আৰু পিএইচ ডি কাৰ্যসূচী অব্যাহত ৰাখে।
পৰিচালনা সমিতিয়ে মেমোৰেণ্ডাম অৱ এছ’চিয়েশ্যন (এম অ’ এ) ৰ গুৰুত্বপূৰ্ণ সংশোধনীৰ ওপৰতো আলোচনা কৰে , যাৰ ভিতৰত আছে পাঁচ বছৰৰ পৰিৱৰ্তে প্ৰতি তিনি বছৰৰ মূৰে মূৰে কৃতিত্ব পুনৰীক্ষণ সমিতিৰ মূল্যায়ন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আৰু শৈক্ষিক প্ৰশাসন অধিক শক্তিশালী কৰিবলৈ কাৰিকৰী উপদেষ্টা সমিতি (টি এ চি) ৰ নাম শৈক্ষিক উপদেষ্টা সমিতি (এএচি) হিচাপে নতুনকৈ নামকৰণ কৰা।
বৈঠকত অসমৰ বহনক্ষম জলসিঞ্চন উন্নয়নৰ ওপৰত অধ্যয়ন, ব্ৰহ্মপুত্ৰৰ পানী ডাইভাৰ্ছনৰ অৰ্থনৈতিক প্ৰভাৱ, পানী সংৰক্ষণৰ পৰিকল্পনা আৰু উত্তৰ-পূব ভাৰতত পৰম্পৰাগত পানী ব্যৱস্থাপনা অনুশীলনকে ধৰি বাহ্যিকভাৱে পুঁজি প্ৰদান কৰা প্ৰকল্পসমূহত এন ই আৰ আই ডব্লিউএএল এম-ৰ সম্প্ৰসাৰিত ভূমিকাৰ পৰ্যালোচনা কৰা হয়।
এটা গুৰুত্বপূৰ্ণ কার্যসূচীৰ ভিতৰত আছিল অঞ্চলটোত গৱেষণা, ক্ষেত্ৰ প্ৰদৰ্শন আৰু জলসিঞ্চন প্ৰযুক্তিৰ প্ৰচাৰ বৃদ্ধিৰ লক্ষ্যৰে এটা জলসিঞ্চন ক্ষেত্ৰ পৰীক্ষাগাৰ আৰু প্ৰদৰ্শন ফাৰ্ম স্থাপনৰ প্ৰস্তাৱ।
পৰিচালনা সমিতিয়ে এম টেক আৰু পি এইচ ডি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তি সমৰ্থন, শিক্ষক-শিক্ষয়িত্ৰীৰ বিকাশ, গৱেষণাৰ সামৰ্থ্য শক্তিশালী কৰা আৰু জল সম্পদ ব্যৱস্থাপনাত জলবায়ু আৰু জি আই এছ-আধাৰিত প্ৰয়োগৰ ওপৰত অধ্যয়নৰ অগ্ৰগতি সম্পৰ্কীয় পৰামৰ্শসমূহৰ বিষয়েও আলোচনা কৰে।
ইয়াৰ উপৰি, বৈঠকত ব্ৰহ্মপুত্ৰ উপত্যকাত ক্ষয়-প্ৰভাৱিত পৰিয়ালসমূহে সন্মুখীন হোৱা জীৱিকাৰ প্ৰত্যাহ্বানৰ ওপৰত এক গুৰুত্বপূৰ্ণ অধ্যয়নৰ ফলাফলৰ পৰ্যালোচনা কৰা হয় আৰু স্থানচ্যুত সম্প্ৰদায়সমূহৰ বাবে বহনক্ষম পুনৰ্বাসন আৰু জীৱিকাৰ হস্তক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব অঞ্চলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ বৈজ্ঞানিক জল ব্যৱস্থাপনা, ক্ষমতা নিৰ্মাণ আৰু ৰাজ্যৰ অধিক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পানী আৰু ব্যৱস্থাপনাত উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে এন ই আৰ আই ডব্লিউএএল এম-ৰ ভূমিকা শক্তিশালী কৰাৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
এন ই আৰ আই ডব্লিউএএল এম-ৰ সঞ্চালক তথা পৰিচালক ড০ উজ্জল মণি হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰি বৈঠকখনৰ সামৰণি মাৰে।


*****
ND/HM/MK
(ৰিলিজ আই ডি : 2262957)
অতিথি কক্ষ : 9