উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিছন "নাগালেণ্ডৰ কফি" আৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত উত্তৰ-পূব দৃষ্টিভংগীৰ অধীনত বিশ্বজুৰি উত্থানৰ বাবে সাজু নাগালেণ্ডৰ কফি

এয়া কেৱল সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী নহয়, প্ৰকৃতাৰ্থত সমগ্ৰ ভাৰতৰ দৃষ্টিভংগী: সিন্ধিয়া

ভাৰতৰ প্ৰিমিয়াম স্পেচিয়েলিটি কফি গন্তব্যস্থান হিচাপে উত্থাপিত হোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই

পোষ্ট কৰা হৈছে: 18 MAY 2026 6:35PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি নাগালেণ্ডৰ বাবে ক্লাষ্টাৰ ভিত্তিক কফি মূল্য শৃংখল উন্নয়ন অভিযানৰ শুভাৰম্ভ কৰে। উন্মোচনী অনুষ্ঠানত ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুকান্ত মজুমদাৰ; নাগালেণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’; নাগালেণ্ড চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি আৰ জেলিয়াং; নাগালেণ্ড চৰকাৰৰ বিধায়ক আৰু উপদেষ্টা (ভূমি সম্পদ) শ্ৰী জি ইকুটো জিমোমি; ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু উপস্থিত থাকে।

১৭৫ কোটি টকা ব্যয় সাপেক্ষ এই অভিযান “ নাগালেণ্ডৰ কফি”ক সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰে ডিজাইন কৰা হৈছে আৰু সকলো অংশীদাৰৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য কৰি পৰিকল্পিত কৰা হৈছে, যাতে হস্তক্ষেপে বাস্তৱিক আৰু কৃষক সম্প্ৰদায়ৰ আকাংক্ষাক প্ৰতিফলিত কৰে।

এই অভিযানে ক্লাষ্টাৰ ভিত্তিক পদ্ধতি আৰু ক’হিমা জিলাৰ টুওফেমা গাঁৱত আৰবিকা কফিৰ বাবে আৰু নিউলেণ্ড জিলাৰ ঘোটোভি গাঁৱত ৰবুষ্টা কফিৰ বাবে চিনাক্ত কৰা দুটা পাইলট কফি ক্লাষ্টাৰ গ্ৰহণ কৰে। এই পদক্ষেপে কৃষি উন্নয়ন,শস্য চপোৱাৰ পিছৰ প্ৰক্ৰিয়াকৰণ, ব্ৰেণ্ডিং, বিপণন, অনুসন্ধানযোগ্যতা, ৰপ্তানি, পৰ্যটন আৰু সামৰ্থ্য বিকাশক একত্ৰিত কৰি কফি মূল্য শৃংখলৰ জটিল ব্যৱধানসমূহ দূৰ কৰিবলৈ বিচাৰিছে।

ড’নাৰ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ কৃষি মূল্য শৃংখলত কৃষকসকল যাতে প্ৰকৃত অংশীদাৰ হৈ পৰে তাৰ প্ৰতি আলোকপাত কৰে। এই পদক্ষেপৰ সহযোগিতামূলক প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয়।

"এয়া কেৱল সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী নহয়, সঁচাকৈয়ে সমগ্ৰ ভাৰতৰ দৃষ্টিভংগী, চৰকাৰ, মন্ত্ৰালয়, কৃষক, উদ্যোগী, প্ৰচেছৰ, ব্ৰেণ্ডিং বিশেষজ্ঞ, ৰপ্তানিকাৰক আৰু বজাৰৰ নেতাসকলক একত্ৰিত কৰি এটা উমৈহতীয়া মঞ্চত আনিছে।"

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে "নাগালেণ্ডৰ কফি" অভিযানক নাগালেণ্ডক কেঁচা কফি উৎপাদনকাৰী অঞ্চলৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিশালী উপস্থিতিৰ সৈতে প্ৰিমিয়াম, অনুসন্ধানযোগ্য, একক উৎপত্তিস্থল কফি অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে পূৰ্ণমূল্য শৃংখল উন্নয়নৰ পদক্ষেপ হিচাপে ডিজাইন কৰা হৈছে।

তেওঁ লগতে আলোকপাত কৰে যে এই পদক্ষেপে ব্ৰেণ্ড নৰ্থ ইষ্ট "নাগালেণ্ডৰ কফি"ৰ কল্পনা কৰিছে, যিটো সংবাদ মাধ্যমৰ অভিযান, বাণিজ্য মেলাত অংশগ্ৰহণ আৰু অভিজ্ঞতাভিত্তিক কফি পৰ্যটনৰ পদক্ষেপৰ জৰিয়তে সমৰ্থিত। নাগালেণ্ডক বিশেষ কফি পৰ্যটনৰ বাবে এক নিৰ্দিষ্ট গন্তব্যস্থান হিচাপে স্থান দিয়াৰ লক্ষ্যৰে পাইলট ক্লাষ্টাৰসমূহত কফি ফাৰ্ম-ষ্টে আৰু ফাৰ্ম-টু-কাপ পৰ্যটন অভিজ্ঞতাক প্ৰচাৰ কৰাৰো চেষ্টা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ প্ৰকৃত সফলতা প্ৰতিফলিত হ'ব যেতিয়া "কফিজ অৱ নাগালেণ্ড"-এ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে প্ৰিমিয়াম শ্বেল্ফৰ স্থান নিশ্চিত কৰিব, একে সময়তে সমগ্ৰ ৰাজ্যখনৰ কফি খেতি কৰা সম্প্ৰদায়সমূহৰ বাবে অধিক আৰু অধিক বহনক্ষম আয় নিশ্চিত কৰিব। তেওঁ কৃষক আৰু অংশীদাৰসকলক আশ্বাস দিয়ে যে চৰকাৰে নাগালেণ্ডৰ বাবে বিশ্ব প্ৰতিযোগিতামূলক বিশেষ কফি পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

ৰাজ্যিক মন্ত্ৰী শ্ৰী সুকান্ত মজুমদাৰে কয় যে জৈৱিক প্ৰমাণীকৰণ, জি আই টেগিং আৰু ডিজিটেল চিনাক্তকৰণক একত্ৰিত কৰি এই কাৰ্যসূচীয়ে কৃষকৰ আয় যথেষ্ট বৃদ্ধি কৰিব আৰু ক্ষুদ্ৰ কৃষক পৰিয়ালসমূহক সবল কৰি তুলিব। এই কৌশলগত ৰোডমেপে কেৱল প্ৰিমিয়াম আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহৰ প্ৰত্যক্ষ প্ৰৱেশ নিশ্চিত কৰাই নহয়, এই খণ্ডটোক স্থানীয় অভিজ্ঞতাভিত্তিক পৰ্যটনৰ সৈতেও সংযোগ কৰে, যাৰ ফলত অঞ্চলটোৰ বাবে দীৰ্ঘম্যাদী বহনক্ষম বৃদ্ধি নিশ্চিত কৰা হয়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ই কফি মূল্য শৃংখল উন্নয়ন প্ৰকল্পৰ ধাৰণা আৰু সমৰ্থনৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ শলাগ লয়, ইয়াক ৰাজ্যৰ কৃষি বৈচিত্ৰ্য আৰু গ্ৰাম্য উন্নয়ন কৌশলৰ এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। তেওঁ কয় যে বহু জিলাত স্থানান্তৰিত খেতিৰ সলনি কফি খেতি এক গুৰুত্বপূৰ্ণ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু কৃষক সম্প্ৰদায়ৰ বাবে দীৰ্ঘম্যাদী আয়ৰ সুযোগ সৃষ্টি কৰাৰ লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম কৃষি ব্যৱস্থাক প্ৰসাৰিত কৰাৰ শক্তিশালী সম্ভাৱনা আছে।

ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে তেওঁৰ উদ্বোধনী ভাষণত এই অভিযানৰ ৰূপায়ণৰ কাঠামোৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে আৰু প্ৰিমিয়াম মানৰ আৰবিকা আৰু ৰবুষ্টা কফি উৎপাদনৰ বাবে নাগালেণ্ডৰ কৃষি জলবায়ুৰ অৱস্থাৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে যোৱা দশকত সমগ্ৰ নাগালেণ্ডত কফিৰ খেতি যথেষ্ট সম্প্ৰসাৰিত হৈছে যদিও এতিয়া গুণগত মান, উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰত প্ৰৱেশৰ উন্নতিৰ বাবে হস্তক্ষেপৰ প্ৰয়োজন হৈছে। তেওঁ লগতে কয় যে ক্লাষ্টাৰ ভিত্তিক আৰ্হিটোৱে ক্ষুদ্ৰ কৃষকসকলক উমৈহতীয়া আন্তঃগাঁথনি, কাৰিকৰী সহায় আৰু ব্ৰেণ্ডিং পদক্ষেপৰ পৰা সামূহিকভাৱে লাভৱান হ’বলৈ সক্ষম কৰিব।

এই পদক্ষেপে বহনক্ষম জীৱিকাৰ সৃষ্টি কৰিব, ফাৰ্ম গেটত মূল্য ধৰাৰ উন্নতি সাধন কৰিব আৰু কফি অৰ্থনীতিত গ্ৰাম্য যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। উন্মোচনী অনুষ্ঠানত ড’নাৰ আৰু নাগালেণ্ড চৰকাৰৰ বিষয়াসকলৰ লগতে কৃষক, উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

***

PS/DB


(ৰিলিজ আই ডি : 2262707) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , हिन्दी , Manipuri