উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু ছিকিমৰ মুখ্যমন্ত্ৰী পিএছ তামাঙৰ সৈতে ছিকিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱস উদযাপনত অংশগ্ৰহণ কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিকিমে বহনক্ষম বিকাশৰ এক অগ্ৰণী আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া
উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনৰ উপস্থিতিত ২২৩ কোটি টকাৰ ২১টা এমড’নাৰ-সমৰ্থিত প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই
৩৬০ কোটি টকাৰ ‘মিছন ছিকিম অৰ্গেনিকছ’ পদক্ষেপে ৬৬ হাজাৰতকৈ অধিক কৃষক পৰিয়ালক উপকৃত কৰিব; এমড’নাৰে আগবঢ়াব ৮৫ কোটি টকাৰ সহায়
পোষ্ট কৰা হৈছে:
16 MAY 2026 8:13PM by PIB Guwahati
যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি ছিকিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱস উদযাপনত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বহনক্ষম, সংযুক্ত আৰু ভৱিষ্যতমুখী উন্নয়ন যাত্ৰাৰ প্ৰতি ভাৰত চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে ব্যক্ত কৰে। এই উপলক্ষে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণন, ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (এমড’নাৰ)-ৰ সহযোগত ২২৩ কোটি টকাৰ ২১টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়।

নেপালী ভাষাত সমাৱেশত ভাষণ প্ৰদান কৰি শ্ৰী সিন্ধিয়াই ছিকিমক “সুষম উন্নয়নৰ এক অনন্য আদৰ্শ, য’ত প্ৰগতি, প্ৰকৃতি, সংস্কৃতি আৰু পৰিচয় সমান্তৰালভাৱে আগবাঢ়ে” বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ছিকিমে বহনক্ষম বিকাশ, জৈৱিক কৃষি, পৰ্যটন-ভিত্তিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে।
এনইএছআইডিএছ-পথৰ অধীনত ৪৫ কোটি টকাৰো অধিক মূল্যৰ কৌশলগত সংযোগ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰা হয়। ইয়াৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ-১০ আৰু আইবিপি পথ সংযোগী দলং নিৰ্মাণ, পাকয়ং জিলাৰ ৰংৰং নদীৰ ওপৰত সংযোগী সেতু আৰু নামচি জিলাৰ ৰংপো খোলাৰ ওপৰত সংযোগী আন্তঃগাঁথনি অন্তর্ভুক্ত। আন গণ্যমান্য ব্যক্তিসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে গ্যালশ্বিং জিলাৰ ১৫.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিম্বি খোলা–যুক্সাম পথৰ জ্যামিতিক উন্নয়ন আৰু কাৰ্পেটিঙৰ আধাৰশিলা স্থাপন কৰে, যাৰ লক্ষ্য হৈছে আঞ্চলিক যোগাযোগ আৰু পৰ্যটন সংযোগ অধিক শক্তিশালী কৰা।
এই কাৰ্যসূচীৰ অন্যতম উল্লেখযোগ্য দিশ আছিল ‘মিছন ছিকিম অৰ্গেনিকছ’ক ছিকিমৰ এক বিশেষ পৰিচয়মূলক পদক্ষেপ হিচাপে শুভাৰম্ভ কৰা। ৩৬০ কোটি টকাৰ এই উচ্চাভিলাষী সমন্বিত অভিযানৰ লক্ষ্য হৈছে ছিকিমক কেৱল প্ৰমাণিত জৈৱিক উৎপাদক ৰাজ্যৰ পৰিসীমাৰ পৰা বিশ্বমানৰ সমন্বিত প্ৰিমিয়াম জৈৱিক অৰ্থনীতিলৈ ৰূপান্তৰ কৰা। ছিকিম চৰকাৰ, এপেডা, নাবাৰ্ড, নেৰামেক, এছআইঅ’ল, এফপিঅ’, সমবায় সংস্থা আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাত এমড’নাৰে আগবঢ়োৱা এই পদক্ষেপে সমগ্ৰ ৰাজ্যৰ ৬৬,০০০তকৈ অধিক কৃষক পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

সমন্বিত পুঁজিৰ কাঠামোৰ অংশ হিচাপে এমড’নাৰে মূল আন্তঃগাঁথনি, সংগ্ৰহ ব্যৱস্থা আৰু কাৰ্যসূচী সমন্বয়ৰ বাবে ৮৫ কোটি টকাৰ অৰিহণা আগবঢ়াব। এই বহুমাত্ৰিক অভিযানত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্যিক সংস্থা, প্ৰতিষ্ঠানিক বিত্তীয় ব্যৱস্থা, কৃষকৰ অংশীদাৰিত্ব আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগ একত্ৰিত কৰি “সমগ্ৰ চৰকাৰ” পদ্ধতি গ্ৰহণ কৰা হৈছে।
এই অভিযানৰ মূল লক্ষ্য হৈছে জৈৱিক উৎপাদিত সামগ্ৰীৰ প্ৰমাণীকৰণ ব্যৱস্থা, প্ৰক্ৰিয়াকৰণ, ব্ৰেণ্ডিং, ৰপ্তানি-বজাৰ সংযোগ আৰু প্ৰতিষ্ঠানিক মূল্য শৃংখল অধিক শক্তিশালী কৰা, যাতে কৃষকৰ আয় বৃদ্ধি পায় আৰু শস্য চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাস পায়। বৃহৎ ইলাচি আৰু আদাৰ দৰে মুখ্য শস্যৰ মূল্য শৃংখল উন্নয়নৰ বাবে তিনিস্তৰীয় শক্তিশালী সংগ্ৰহ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

ছ’নেকৰ অধীনত গ্ৰহণ কৰা আন উল্লেখযোগ্য প্ৰকল্পসমূহৰ ভিতৰত আছে নামথাং বজাৰৰ পানী যোগান ব্যৱস্থাৰ উন্নীতকৰণ, ৰেনক চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বহুমুখী প্ৰেক্ষাগৃহ নিৰ্মাণ, বাঁহ ঔদ্যোগিক উদ্যান আৰু উদ্ভাৱনীমূলক সাংস্কৃতিক শিল্প কেন্দ্ৰ স্থাপন, বুৰ্টুক চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত একাডেমিক ব্লক নিৰ্মাণ, নামচিৰ কামৰাং চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণ, বুৰ্টুক হেলিপৰ্টৰ পুনৰ নিৰ্মাণ আৰু উন্নীতকৰণ, আৰু ইয়াংগাঙৰ আপাৰ ধাপাৰত যাত্ৰীবাহী ৰ’পৱে প্ৰকল্পৰ বাবে পৰ্যটন আন্তঃগাঁথনি-সহায়ক সুবিধা সৃষ্টি।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পসমূহে সামূহিকভাৱে সংযোগ, শিক্ষা, পৰ্যটন, কৃষি, পানী যোগান আৰু উদ্যোগ খণ্ডত কেন্দ্ৰীভূত বিনিয়োগৰ প্ৰতিফলন ঘটাইছে, যিয়ে সমগ্ৰ ছিকিমত সুষম আঞ্চলিক বিকাশ আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক সমৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিব।
ছিকিমৰ উন্নয়ন যাত্ৰাৰ প্ৰসংগত মন্ত্ৰী সিন্ধিয়াই উল্লেখ কৰে যে ভাৰত চৰকাৰে ছিকিম চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ মাধ্যমেৰে ৰাজ্যখনৰ বাবে স্থিতিস্থাপক, নিৰ্ভৰযোগ্য আৰু সৰ্ববতৰৰ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ সংযোগৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁ লগতে উল্লেখ কৰে যে ছিকিমৰ জনমূৰি আয় আজিৰ তাৰিখত দেশৰ ভিতৰতে অন্যতম উচ্চ আৰু বহনক্ষম তথা জৈৱিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখন এক ৰাষ্ট্ৰীয় মানদণ্ড ৰূপে পৰিগণিত হৈছে।
ছিকিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ছিকিমে “আকাংক্ষা আৰু স্বকীয়তাৰ এক বিৰল সমন্বয়”ক প্ৰতিনিধিত্ব কৰে। তেওঁ পুনৰ দৃঢ়তাৰে উল্লেখ কৰে যে এমড’নাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু সামগ্ৰিক অগ্ৰগতিৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে পৰিচালিত হৈ থাকিব।


*****
PS/AA
(ৰিলিজ আই ডি : 2261877)
অতিথি কক্ষ : 15