মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

দিল্লীত আই আই টি মাদ্ৰাজৰ প্ৰযুক্তি সন্মিলন উদ্বোধন কৰিলে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে , ই উদ্যোগ, শিক্ষা আৰু চৰকাৰক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে একত্ৰিত কৰিলে

গৱেষণা ফলাফলৰ পৰা আৰম্ভ কৰি বাস্তৱ জগতত পেলোৱা প্ৰভাৱলৈকে, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ আহ্বান জনায়

পোষ্ট কৰা হৈছে: 05 MAY 2026 6:01PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই আই টি মাদ্ৰাজৰ প্ৰথমখন প্ৰযুক্তি সন্মিলন উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব ) শ্ৰীযুত জয়ন্ত চৌধুৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। “আই আই টি এমৰ পৰা ভাৰতক গঢ়ি তোলা একেলগে ” বিষয়বস্তুক সামৰি কৰি উদ্বোধন কৰা এই সন্মিলনৰ লক্ষ্য হৈছে  উদ্যোগ-শিক্ষাক্ষেত্ৰ-চৰকাৰৰ অংশীদাৰিত্বৰ বাবে এক সহযোগিতামূলক কাঠামো গঢ়ি তোলা । যাতে এনে প্ৰযুক্তিৰ আৰ্হি , তথা বিকাশ  প্ৰয়োগ  কৰিব পাৰি ,  যিয়ে ভাৰতক বিকশিত  ভাৰতৰ দিশত যাত্ৰাক আগুৱাই নিব পাৰে।

 

 

শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা দপ্তৰৰ  সচিব শ্ৰী সঞ্জয় কুমাৰ; উচচ শিক্ষাৰ সচিব ড০ বিনীত যোশী, এন টি পি চি, বি পি চি এল আৰু এইচ এছ বি চিৰ  প্ৰতিনিধিসকলো অনুষ্ঠানত  উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ আগবঢ়াই শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে গৱেষণা-চালিত, সমাজ-সংলগ্ন উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ নেতৃত্ব দি আহিছে। প্ৰতিষ্ঠানটোৱে  শিক্ষা, উদ্যোগ আৰু ৰাজহুৱা উদ্দেশ্যৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লগতে গভীৰ প্ৰযুক্তি তথা  সীমান্ত গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যক আগুৱাই লৈ গৈছে।

 

তেওঁ এই বিষয়ত আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক নতুন তথা সক্ষম পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত শক্তিশালী দায়বদ্ধতা অব্যাহত আছে। গৱেষণা, উন্নয়ন  আৰু উদ্ভাৱনৰ বাবে চৰকাৰে দিয়া  ১ লাখ কোটি টকাৰ আবণ্টনে গৱেষণাৰ ক্ষমতাক যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ উদ্দেশ্য সফল কৰা  তথা জ্ঞানক উদ্ভাৱন আৰু  পৰিমাপযোগ্য  ফলাফললৈ ৰূপান্তৰিত কৰাৰ পথ প্ৰশস্ত কৰিছে। তেওঁ লগতে পৰ্যবেক্ষণ কৰে যে  বৰ্তমান গৱেষণাৰ ক্ষেত্ৰত  বিনিয়োগৰ প্ৰায় ৭০% চৰকাৰৰ পৰা আহে, যিয়ে জনসাধাৰণৰ  প্ৰতি চৰকাৰে দিয়া দৃঢ় প্ৰতিশ্ৰুতিৰ কথাই  প্ৰতিফলিত কৰে।তেওঁ লগতে দৃঢ়াতে কয় যে উদ্ভাৱন তথা ইয়াৰ পৰিসৰৰ প্ৰভাৱ ত্বৰান্বিত কৰিবলৈ ৰাজহুৱা খণ্ড আৰু উদ্যোগৰ মাজত অধিক সুষম ৫০:৫০ অংশীদাৰিত্বৰ দিশত দীৰ্ঘম্যাদী ৰূপত আগবাঢ়িব লাগিব । ভাষণ প্ৰসংগত  শ্ৰী প্ৰধানে কয় যে  এতিয়া কেৱল উদ্ধৃতি, পেটেণ্ট  আৰু আই পি অ’ৰ জৰিয়তে অগ্ৰগতি জুখিব পৰাতকৈয়ো আগুৱাই যোৱাৰ সময়ত আহি পৰিছে । তেওঁ লগতে কয় যে পৰিপক্ক উদ্ভাৱন ব্যৱস্থাৰ প্ৰকৃত মাপকাঠী নিহিত হৈ থাকে গৱেষণাক নিয়োগযোগ্য সামগ্ৰী, পৰিমাপযোগ্য  প্ৰযুক্তি আৰু অৰ্থপূৰ্ণ সামাজিক  সমাধানলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতাৰ মাজত।

তেওঁ লগতে  কয় যে “ভাৰত নিৰ্মাণ ” কেৱল এক  উদ্দেশ্য নহয়,  বৰঞ্চ ই এক ৰাষ্ট্ৰীয় অভিযান। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ বিশেষকৈ গ্ল’বেল চাউথে ভাৰতীয় উন্নয়ন আৰ্হিৰ ফালে দৃষ্টি নিক্ষেপ কৰিব, যাৰ ফলত ভাৰতৰ গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ  দায়িত্ব অধিক বৃদ্ধি পাব । এই  প্ৰসংগতে  তেওঁ দৃঢ়তাৰে কয় যে দেশৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰ কেৱল শক্তিশালী হোৱাই নহয়, বিশ্বজুৰি  আন্তঃকাৰ্য্যক্ষম আৰু  প্ৰতিষ্ঠানিকভাৱে সুসংহত হোৱাটো অতি প্ৰয়োজনীয়।

সহযোগিতামূলক পদক্ষেপৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে ভাৰত ইনোভেটছৰ দৰে কাৰ্যসূচীয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠান (এইচ ই আই) আৰু কেন্দ্ৰীয় পুঁজিৰে চলি থকা কাৰিকৰী প্ৰতিষ্ঠান (চি এফ টি আই)ক এক বিশ্বজোৰা  মঞ্চত একত্ৰিত কৰি গভীৰ প্ৰযুক্তিৰ উদ্ভাৱনক  আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে  অনুষ্ঠিত কৰা  শীৰ্ষ সন্মিলন সেই বৃহত্তৰ সামূহিক প্ৰচেষ্টাৰেই এক  উল্লেখনীয় প্ৰস্তাৱনা হিচাপে  বিবেচিত হৈছে।

গৱেষণা তথা  উদ্ভাৱনক দেশ নিৰ্মাণৰ বাবে প্ৰভাৱশালী সমাধানলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান এন টি পি চি লিমিটেড, ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড আৰু এইচ এছ বি চিৰ সৈতে কৌশলগত অংশীদাৰিত্বৰে স্বাস্থ্যসেৱা প্ৰযুক্তিৰ উন্নতি সাধন তথা বহনক্ষম ভৱিষ্যতৰ প্ৰসাৰৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰা নিবেদিত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহ উদ্বোধন কৰে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

 

 

আই আই টি মাদ্ৰাজ প্ৰযুক্তি সন্মিলন ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত  ভাষণ আগবঢ়াই  শ্ৰী জয়ন্ত চৌধুৰীয়ে গৱেষণাক উন্নয়নৰ অনুঘটক হিচাপে কাম কৰা, উদ্ভাৱন পুঁজি শক্তিশালী কৰা  আৰু ভাৰতত গভীৰ প্ৰযুক্তিৰ বিকাশৰ বাবে শক্তিশালী পথ সৃষ্টিৰ ক্ষেত্ৰত আই আই টি পৰিৱেশ তন্ত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে “ভাৰতৰ বাবে আই আই টি এমৰ – একেলগে বৃদ্ধি” শীৰ্ষক শীৰ্ষ সন্মিলনে হৃদযন্ত্ৰৰ গৱেষণা তথা  ৰবটিক চাৰ্জাৰীৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ আৰু বোধন এ আই(Bodhan AI)ৰ দৰে সাৰ্বভৌম এ আই পদক্ষেপলৈকে প্ৰভাৱশালী অগ্ৰগতিৰ জৰিয়তে শিক্ষা, উদ্যোগ, আৰু চৰকাৰৰ শক্তিশালী সংগমৰ কথাই  প্ৰতিফলিত কৰিছে।

তেওঁ লগতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে বিশ্বমানৰ উদ্ভাৱনৰ ধাৰণা  কিদৰে ভাৰতীয় প্ৰতিষ্ঠানসমূহত শিপাই থাকিব পাৰে তাৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে কয় যে এনে সহযোগিতামূলক মঞ্চই গৱেষণাই উদ্দেশ্য বিচাৰি পোৱাটো নিশ্চিত কৰাৰ লগতে  উদ্যোগক দিশ প্ৰদান কৰে, সামূহিকভাৱে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক আগুৱাই লৈ যায়।

শীৰ্ষ সন্মিলনত এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়, য’ত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে ইনষ্টিটিউট অৱ ইমিনেন্স (আই অ’ ই)ৰ কাঠামোৰ অধীনত স্থাপন কৰা ১৫টা চেণ্টাৰ অৱ এক্সেলেন্সৰ গৱেষণা প্ৰদৰ্শন কৰা ষ্টলসমূহে ভাগ লয়।  প্ৰদৰ্শনীসমূহত স্বাস্থ্যসেৱা, বহনক্ষমতা, অৰ্ধপৰিবাহী, শক্তি, আৰু উন্নত সামগ্ৰীৰে জটিল সামাজিক  প্ৰত্যাহ্বানসমূহ সম্বোধন কৰিব  অত্যাধুনিক প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰা হয়।

*****

AK/DM


(ৰিলিজ আই ডি : 2258282) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Odia