গৃহ মন্ত্ৰালয়
অপাৰেচন হোৱাইট ষ্ট্ৰাইক: এনচিবিয়ে ধ্বংস কৰিলে মুম্বাই অঞ্চলৰ বৃহৎ কোকেইন ছিণ্ডিকেট, ৩৪৯ কিলোগ্ৰাম হাই গ্ৰেড কোকেইন জব্দ, যাৰ আনুমানিক মূল্য ১,৭৪৫ কোটি টকা
এই বিশেষ সফলতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এন চি বিৰ দলক অভিনন্দন জনাইছে
আমি নিৰ্দয়ভাৱে নিচাযুক্ত দ্ৰব্য চক্ৰক নিঃশেষ কৰিবলৈ সংকল্পবদ্ধ
এয়া তলৰ পৰা ওপৰলৈ গ্ৰহণ কৰা পদ্ধতিৰ এটা উল্লেখনীয় উদাহৰণ , য'ত সংস্থাটোৱে এটা বৃহৎ নেটৱৰ্ক ধ্বংস কৰিবলৈ সক্ষম হৈছে
এই বিশেষ অভিযান আছিল এনচিবিৰ ছমাহতকৈ অধিক সময়ৰ চোৰাংচোৱাৰ তথ্যৰ ওপৰত আধাৰিত
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত চলা সফল অভিযানে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিক প্ৰতিফলিত কৰিছে
পোষ্ট কৰা হৈছে:
01 MAY 2026 6:19PM by PIB Guwahati
সংগঠিত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰি নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৱে (এনচিবি) অপাৰেচন হোৱাইট ষ্ট্ৰাইকৰ অধীনত এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় কোকেইন সৰবৰাহৰ ছিণ্ডিকেট ধৰা পেলাবলৈ সক্ষম হোৱাৰ লগতে মুম্বাই তথা ইয়াৰ কাষৰীয়া লজিষ্টিক কৰিডৰৰ পৰা অবৈধ বজাৰত বিক্ৰীৰ বাবে অনা প্ৰায় ৩৪৯ কিলোগ্ৰাম কোকেইন জব্দ কৰিছে।
এই বিশেষ অভিযান আছিল এনচিবিৰ ছমাহতকৈ অধিক সময়ৰ ফল। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।
নিৰ্দিষ্ট আৰু বিশ্বাসযোগ্য তথ্যৰ আধাৰত একাধিক দলে কালম্বোলি - ভিৱাণ্ডী কৰিডৰত (নৱী মুম্বাই–থানে অঞ্চল) সমন্বিত অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে গুদাম তথা গোপন পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি চলাই থকা এক অতি সংগঠিত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ যোগান নেটৱৰ্কৰ কথা এনচিবিয়ে পোহৰলৈ আনে। এই অভিযানৰ সফলতাৰ পিছতে এক্স প্লেটফৰ্মত দিয়া এক পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘আমি নিৰ্দয়ভাৱে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীক নিঃশেষ ধৰিবলৈ সংকল্পবদ্ধ।মুম্বাইত এনচিবিয়ে ১৭৪৫ কোটি টকাৰ ৩৪৯ কিলোগ্ৰাম কোকেইন জব্দ কৰি এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্যৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিশেষ সফলতাৰ বাবেএনচিবিৰ দলটোলৈ অভিনন্দন।”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত চলা এই সফল অভিযানে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিক প্ৰতিফলিত কৰিছে।
দুটা পৰ্যায়ত চলোৱা বৃহৎ অভিযান
প্ৰথমটো অভিযানৰ সময়ত এনচিবিৰ বিষয়াসকলে নৱী মুম্বাইৰ কালম্বোলিৰ ছেক্টৰ কেডব্লিউচিৰৱেৰহাউছিং কমপ্লেক্সৰ সমীপত এমএইচ-০৩-ডিভি-৩৮০৩ নম্বৰৰ এখন মাৰুতি চুজুকি ছুপাৰ কেৰী (চিএনজি) বাহন আটক কৰে। গাড়ীখনত চলোৱা তালাচীৰ সময়ত কোকেইনৰ ১৩৬টা পেকেট উদ্ধাৰ হয়, প্ৰতিটো পেকেটৰ ওজন প্ৰায় ১ কিলোগ্ৰাম। ক্ৰিকেট পেড আৰু গ্ল’ভছৰ ভিতৰত লুকুৱাই ৰখা কোকেইনৰ পেকেটসমূহ কাৰ্টনত উদ্ধাৰ হৈছে । অভিযানৰ সময়ত এজন অভিযুক্তক আটক কৰা হয়।
অভিযুক্তক চলোৱা জেৰাত এই কথা প্ৰকাশ পায় যে গুদামৰ প্ৰধান কেন্দ্ৰ ভিৱাণ্ডীত আছে। এনচিবিয়ে ক্ষিপ্ৰতাৰেঅভিযান চলাই ভিৱাণ্ডী (জিলা থানে)ৰ ৰেহনাল গাওঁৰ ৰেহনাল বাছ আস্থানৰ সমীপৰ লক্ষ্মণ চৌহদত অৱস্থিত এটা গুদামত দ্বিতীয়টো অভিযান চলাই অতিৰিক্ত ২১৩ পেকেট (১ কেজিকৈ) কোকেইন উদ্ধাৰ কৰে।
কোকেইন লুকুৱাই ৰখাৰ অত্যাধুনিক পদ্ধতি উন্মোচিত
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে নিষিদ্ধ সামগ্ৰীখিনি মেচিনৰ ভিতৰত লুকুৱাই থোৱা আছিল আৰু সেইবোৰ ভাৰতলৈ আমদানি কৰা হৈছিল। প্ৰতিটো পেকেটত ক’লা তেলীয়া পদাৰ্থৰ এটা তৰপকে ধৰি বিভিন্ন ধৰণৰ পলিথিনৰ ৯টা স্তৰেৰে পেক কৰা হৈছিল।
ভিৱাণ্ডীৰ গুদামত কোকেইনৰ সৈতে জৰিত যন্ত্ৰপাতি , কোকেইনৰ পেকেট সংৰক্ষণ আদিৰ বাবে বিশেষ পদ্ধতি গ্ৰহণ কৰা হৈছিল।
ঘটনাৰ মূল অভিযুক্তৰ সন্ধানত অভিযান চলি আছে
মূল হোতা , সৰবৰাহকাৰী, বিত্তৰ যোগান ধৰোতা আৰু গ্ৰাহকক গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত চলি আছে। ইমান বিশাল পৰিমাণৰ কোকেইন জব্দৰ ঘটনা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কাৰণ ভাৰতত সাধাৰণতে প্ৰতি বছৰে গড়ে প্ৰায় ২০০-৩০০ কিলোগ্ৰাম কোকেইন জব্দ কৰা হৈ আছিল।
***
RK / RR / PS/DM
(ৰিলিজ আই ডি : 2257430)
অতিথি কক্ষ : 8