গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, কাইলৈ বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ লাডাখৰ জনসাধাৰণে দৰ্শন কৰিবলৈ পোৱাটো হ’ব লাডাখৰ বাবে এক ঐতিহাসিক দিন
পোষ্ট কৰা হৈছে:
30 APR 2026 11:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত লাডাখৰ জনসাধাৰণে ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ দৰ্শন কৰিবলৈ পোৱাটো কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বাবে এক ঐতিহাসিক দিন হ’ব বুলি প্ৰকাশ কৰিছে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, "কাইলৈ যেতিয়া বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত লাডাখবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ লাভ কৰিব, এয়া লাডাখৰ বাবে এক ঐতিহাসিক দিন হ'ব। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে কাইলৈ ময়ো এই পৱিত্ৰ অৱশেষসমূহ পৰিদৰ্শন কৰাৰ এক বিৰল সুযোগ পাম।
অহা দুসপ্তাহলৈকে লাডাখৰ জনসাধাৰণে যাতে এই পৱিত্ৰ অৱশেষসমূহ সহজে দৰ্শন কৰিব পাৰে, তাৰ বাবে লাডাখৰ উপ-ৰাজ্যপাল, নেতৃবৰ্গ আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আজি এই সন্দৰ্ভত এখন বৈঠকত অংশগ্ৰহণ কৰিলোঁ।"
https://x.com/i/status/2049900689615385014
***
RK/PR/PS/KD
(ৰিলিজ আই ডি : 2257182)
অতিথি কক্ষ : 15