পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

তামিলনাডু আৰু মেঘালয়ত তৃণমূল পৰ্যায়ৰ জৈৱ বৈচিত্ৰ্য প্ৰশাসন শক্তিশালী কৰাৰ বাবে পাঁচ বছৰীয়া প্ৰকল্প আৰম্ভ এমঅ’ইএফচিচি আৰু এনবিএৰ

পোষ্ট কৰা হৈছে: 26 APR 2026 8:48AM by PIB Guwahati

গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি) আৰু উদ্ভাৱনীমূলক বিত্তীয় পদ্ধতিৰ দ্বাৰা স্থানীয় জনগোষ্ঠী আৰু প্ৰতিষ্ঠানসমূহক সবল কৰি তৃণমূল পৰ্যায়ৰ জৈৱ বৈচিত্ৰ্য প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (এমঅ’ইএফচিচি) আৰু ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণে (এনবিএ) ‘প্ৰতিষ্ঠানিক সামৰ্থ্য বৃদ্ধিকৰণ’ শীৰ্ষক এটা ঐতিহাসিক পাঁচ বছৰীয়া প্ৰকল্প আৰম্ভ কৰা হৈছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ নিৰাপদ প্ৰতিশ্ৰুতিৰে ২০২৫–২০৩০ চনৰ বাবে ৪.৮৮ মিলিয়ন মাৰ্কিন ডলাৰৰ অনুদানপ্ৰাপ্ত এই প্ৰকল্পটো ভাৰত চৰকাৰ, বিশ্বজোৰ পৰিৱেশ সুবিধা (জিইএফ) আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ যৌথ পদক্ষেপ।

পৰিৱেশগতভাৱে গুৰুত্বপূৰ্ণ দুটা প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত ভিত্তি কৰি এই প্ৰকল্পটো প্ৰস্তুত কৰা হৈছে। মুডুমালাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু সত্যমংগলম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল থকা তামিলনাডুৰ পশ্চিম আৰু পূব ঘাটৰ সংগমস্থলীত থকা সত্যমংগলমৰ প্ৰাকৃতিক দৃশ্যপটে দীৰ্ঘদিন ধৰি বন্যপ্ৰাণী কৰিডৰৰ ৰক্ষক হৈ থকা বনাঞ্চলখনৰ প্ৰান্তীয় সম্প্ৰদায়সমূহক একত্ৰিত কৰে। এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকৰ গভীৰ পৰিৱেশগত জ্ঞান জিপিডিপিত অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ফলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণক স্থানীয় প্ৰশাসনত এক বিশিষ্ট স্থান প্ৰদান কৰা হ’ব। আনহাতে মেঘালয়ৰ গাৰো পাহাৰত নোক্ৰেক জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল, বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান তথা ছিজু বন্যপ্ৰাণী অভয়াৰণ্যই মিলি চৰকাৰী বনাঞ্চল আৰু সংৰক্ষিত বনাঞ্চলৰ এক সজীৱ মিশ্ৰণ গঠন কৰে, যিয়ে উক্ত সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণৰ বাবে এক আদৰ্শ পৰিৱেশতন্ত্ৰ সৃষ্টি কৰে। এই সংৰক্ষণ ব্যৱস্থা গাঁও নিয়োগ পৰিষদ (ভিইচি)ৰ সৈতে জড়িত, যিবোৰক গাঁও পঞ্চায়তৰ সমতুল্য বুলি গণ্য কৰা হয়।

এই প্ৰকল্পৰ অন্যতম মূল উদ্দেশ্য হৈছে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (পি আৰ আই) আৰু জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি (বিএমচি) শক্তিশালী কৰি জৈৱ বৈচিত্ৰ্যক স্থানীয় উন্নয়ন পৰিকল্পনাত মূলসুঁতিলৈ অনা। ইয়াৰ লক্ষ্য হৈছে- প্ৰাকৃতিক দৃশ্যপট-স্তৰৰ এখন বহু-অংশীদাৰী মঞ্চ সৃষ্টি কৰা, যিয়ে বন বিভাগ, ৰাজহ বিষয়া, নিৰ্বাচিত প্ৰতিনিধি আৰু নাগৰিক সমাজক একত্ৰিত কৰি উক্ত সম্প্ৰদায়ৰ মালিকানাধীন তথা সম্প্ৰদায়ৰ পুঁজিৰে জৈৱ বৈচিত্ৰ্যৰ পৰিকল্পনা প্ৰস্তুত কৰে।

ইয়াৰ আন এটা মূল উদ্দেশ্য হৈছে উদ্ভাৱনীমূলক বিত্তীয় ব্যৱস্থাক প্ৰসাৰ কৰা। ইয়াৰ বাবে প্ৰৱেশ আৰু সুবিধা ভাগ-বতৰা (এবিএছ) ব্যৱস্থা, চিএছআৰ সহ-বিত্তীয় ব্যৱস্থা আৰু সেউজ ক্ষুদ্ৰ উদ্যোগক সক্ৰিয়কৰণ জড়িত হৈ থাকিব। এই উদ্যোগসমূহে তেওঁলোকৰ সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ প্ৰত্যক্ষ পুৰস্কাৰ হিচাপে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিব। তৃতীয়টো উদ্দেশ্যত জ্ঞান ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দুয়োটা প্ৰাকৃতিক দৃশ্যপটৰ পৰা উদ্ভাৱনসমূহক এনবিএ আৰু এমঅ’ইএফচিচি প্লেটফৰ্মৰ জৰিয়তে দেশজুৰি ৰূপায়ণৰ বাবে পদ্ধতিগতভাৱে নথিভুক্ত কৰা হ’ব। এই প্ৰক্ৰিয়াত মহিলা, অনুসূচিত জাতি আৰু জনজাতীয় সম্প্ৰদায়ৰ অৰ্থনৈতিক আৰু প্ৰশাসনৰ ভূমিকা আগুৱাই নিয়াত বিশেষ গুৰুত্ব দিয়া হ’ব।

ইয়াৰ প্ৰশাসনিক গাঁথনি তলৰ পৰা ওপৰলৈ যোৱা পদ্ধতিৰ আধাৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, য’ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে মূল পৰিচালনাৰ ভূমিকা পালন কৰে। এই প্ৰকল্পই ভাৰতৰ নবীকৃত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৌশল আৰু কাৰ্য্য পৰিকল্পনা (এনবিএছএপি ২০২৪–২০৩০), কুনমিং-মণ্ট্ৰিয়েল গ্লোবেল বায়’ডাইভাৰচিটি ফ্ৰেমৱৰ্কৰ ল্যাণ্ডমাৰ্ক ৩০x৩০ৰ লক্ষ্য, পেৰিছ চুক্তিৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) আৰু তামিলনাডুৰ ভিজন ২০৩০ আৰু মেঘালয় দৃষ্টিভংগীৰ লক্ষ্যসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িছে। ই বিভিন্ন খণ্ড আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সমগ্ৰ চৰকাৰ তথা সমগ্ৰ সমাজৰ দৃষ্টিভংগী গ্ৰহণ কৰে।

 

 

*****

 

GS/KD


(ৰিলিজ আই ডি : 2255643) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी