ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

অনলাইন গেমিং নিয়মাৱলীৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ, ২০২৬

পোষ্ট কৰা হৈছে: 22 APR 2026 6:14PM by PIB Guwahati

ই-ক্ৰীড়া আৰু অনলাইন সামাজিক খেলৰ বাবে এক সক্ষম পৰিকাঠামো সৃষ্টি কৰাৰ সমান্তৰালকৈ নাগৰিকসকলক অনলাইন মানি গেমৰ বৰ্ধিত বিপদৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক যুগান্তকাৰী আইন হিচাপে সংসদৰ দ্বাৰা অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ (পি আৰ জি) আইন, ২০২৫ প্ৰণয়ন কৰা হৈছিল। লুণ্ঠনকাৰী অনলাইন মানি গেমিং প্লেটফৰ্মৰ ফলত হোৱা বিত্তীয়, মানসিক আৰু সামাজিক দুৰ্দশাৰ পৰা সমাজক সুৰক্ষিত কৰাৰ সমান্তৰালকৈ দেশক গেমিং, উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা সংকল্পক এই আইনখনে প্ৰতিফলিত কৰে।

আইনখনৰ ১৯ নং অনুচ্ছেদে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ নিয়ম প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰে। সেই অনুসৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এমইআইটিৱাই) সংযোগী মন্ত্ৰালয় হিচাপে প্ৰস্তুত কৰা অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ নিয়ম, ২০২৬  (‘নিয়ম’) ১ মে’, ২০২৬ত বলৱৎ হ’ব। আইন পৰিক্ৰমা বিভাগৰ দ্বাৰা ব্যাপক আন্তঃমন্ত্রালয় পৰ্যায়ৰ পৰামৰ্শ আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত নিয়মবোৰ চূড়ান্ত কৰা হৈছে।

নিয়মসমূহৰ উদ্দেশ্য

নিয়মবোৰ হৈছে মূল আইনৰ কাৰ্য্যকৰী আহিলা। এইসমূহৰ উদ্দেশ্য হ’লঃ

  • এটা অনলাইন গেম কেৱল অনলাইন মানি গেম (আৰু সেয়েহে নিষিদ্ধ) নে অনুমোদিত অনলাইন সামাজিক গেম অথবা ই-ক্ৰীড়া সেয়া নিৰ্ধাৰণ কৰিবলৈ এটা স্পষ্ট, স্বচ্ছ আৰু সময়সীমাৰ ব্যৱস্থা প্ৰদান কৰা;
  • এই খণ্ডটোৰ বাবে ভাৰতীয় অনলাইন গেমিং কৰ্তৃপক্ষক এক উমৈহতীয়া, ডিজিটেল-প্ৰথম নিয়ন্ত্ৰক হিচাপে স্থাপন কৰা;
  • ই-ক্ৰীড়া আৰু তালিকাভুক্ত অনলাইন সামাজিক খেলৰ এনে শ্ৰেণীসমূহৰ বাবে এক বিধিবদ্ধ পঞ্জীয়ন ব্যৱস্থা সৃষ্টি কৰা;
  • অনলাইন গেম সেৱা প্ৰদানকাৰীসকলৰ বাবে বাধ্যতামূলক ব্যৱহাৰকাৰী সুৰক্ষা বৈশিষ্ট্য, অভিযোগ নিষ্পত্তি আৰু স্বচ্ছতা দায়বদ্ধতা নিৰ্ধাৰণ কৰা;
  • আইনৰ ১২ নং ধাৰাৰ অধীনত তদন্ত আৰু দেৱানী শাস্তি আৰোপ কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰা আৰু
  • প্ৰাকৃতিক ন্যায়ৰ নীতিবোৰৰ দায়বদ্ধতা, নিৰপেক্ষতা আৰু পালন নিশ্চিত কৰিবলৈ এক আপীল ব্যৱস্থা প্ৰদান কৰা।

 

নীতি নিৰ্দেশনাৰ উদ্দেশ্যসমূহ

  • নাগৰিকসকলক, বিশেষকৈ শিশু আৰু সহজে বলি হ’ব পৰা শ্ৰেণীৰ লোকসকলক অনলাইন মানি গেমিং, আসক্তিমূলক শৈলী আৰু শীঘ্ৰে সম্পদ আহৰণৰ বিপথগামী প্ৰতিশ্ৰুতিৰ পৰা সুৰক্ষা প্ৰদান কৰা;
  • নিৰ্ধাৰণ, অনুমানযোগ্য সময়সীমা আৰু ডিজিটেল-প্ৰথম প্ৰক্ৰিয়াৰ বাবে স্পষ্ট মানৰ জৰিয়তে উদ্যোগটোৰ বাবে নিয়ামক নিশ্চয়তা নিৰ্দিষ্ট কৰা;
  • বেংক, পৰিশোধ ব্যৱস্থা আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক নিষিদ্ধ অনলাইন মানি গেমৰ সৈতে জড়িত লেনদেনৰ সুবিধা প্ৰদান কৰাৰ পৰা প্ৰতিহত কৰি বিত্তীয় ব্যৱস্থাটোক সুৰক্ষিত কৰা;
  • কৰ্তৃপক্ষ, বিত্তীয় নিয়ন্ত্ৰক, আইন বলৱৎকাৰী সংস্থা আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বিত বলৱৎকৰণ সক্ষম কৰা আৰু
  • এক কাৰ্য্যকৰী, দ্বিস্তৰীয় অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু আপীলৰ বিধিবদ্ধ অধিকাৰৰ জৰিয়তে ব্যৱহাৰকাৰীৰ অধিকাৰ সমৰ্থন কৰা।

 

এক দৃষ্টিত নিয়ামক পৰিকাঠামো

নিয়মাৱলী ৬ টা অংশ আৰু ২৬ টা নীতিত সংগঠিত কৰা হৈছে, যিয়ে নিয়ামক পৰিকাঠামোৰ তলত উল্লেখ কৰা স্তম্ভসমূহক সামৰি লৈছেঃ

১. অনলাইন গেমিং অথৰিটি অব ইণ্ডিয়া (দ্বিতীয় অংশ, নিয়ম ৩-৭)

  • অনলাইন গেমিং অথৰিটি অব ইণ্ডিয়াক এমইআইটিৱাইৰ সংলগ্ন কাৰ্যালয় হিচাপে গঠন কৰা হৈছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ এন চি টিত আছে।
  • ই এমএইচএ, বিত্ত (বিত্তীয় সেৱা বিভাগ), এমআইবি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, আৰু আইন আৰু ন্যায় (আইনী পৰিক্ৰমা বিভাগ)ৰ জে এছ-পৰ্যায়ৰ প্ৰতিনিধিসকলৰ সৈতে অতিৰিক্ত সচিব, এমইআইটিৱাই (প্ৰাক্তন কাৰ্যবাহী)ৰ অধ্যক্ষতাত এক সংক্ষিপ্ত, বহু-ক্ষেত্ৰীয় সংস্থা হিচাপে গঠন কৰা হৈছে।
  • এই প্ৰাধিকৰণ যিমান দূৰ সম্ভৱ, ডিজিটেল কাৰ্যালয় হিচাপে কাম কৰাৰ বাবে গঠন কৰা হৈছে।
  • কাৰ্য্যসমূহৰ ভিতৰত আছেঃ অনলাইন মানি গেমৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশ কৰা, অভিযোগৰ তদন্ত কৰা, নিৰ্দেশনা, আদেশ আৰু অনুশীলনৰ সংহিতা জাৰি কৰা, অভিযোগ সন্দৰ্ভত সেৱা প্ৰদানকাৰীসকলৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন বিচাৰ কৰা আৰু ফলপ্ৰসূ প্ৰয়োগৰ বাবে বিত্তীয় প্ৰতিষ্ঠান আৰু আইন-প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰা।

 

২. অনলাইন খেল এটা নিৰ্ধাৰণ কৰা (তৃতীয় অংশ, নিয়ম ৮-১১)

  • এই নীতিসমূহৰ অধীনত এটা অনলাইন গেমে অনলাইন মানি গেম গঠন কৰে নে নাই, তাৰ শ্ৰেণীবিভাজন কৰিবলৈ এটা নিৰ্ণয় পৰীক্ষা নিৰ্ধাৰণ কৰে। নিৰ্ণয় তিনিটা পৰিস্থিতিত কৰা হয়ঃ

 

  • প্ৰাধিকৰণৰ দ্বাৰা নিজাববীয়া পদক্ষেপ;
  • খেলখনক ই-ক্ৰীড়া হিচাপে আগবঢ়াবলৈ সেৱা প্ৰদানকাৰীয়ে কৰা আবেদন;
  • বা কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনাত সামাজিক খেলৰ এটা শ্ৰেণী নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন সন্দৰ্ভত উল্লেখ।

 

  • নিয়ম ৯-এ নিৰ্ধাৰণৰ বাবে বস্তুনিষ্ঠ কাৰকবোৰক তালিকাভুক্ত কৰে-মাচুল বা ষ্টেকৰ পৰিশোধ, বিত্তীয় জয়ৰ আশা, ৰাজহ আৰ্হিৰ গাঁথনি আৰু খেলৰ আওতাৰ বাহিৰৰ পুৰস্কাৰ বা খেলৰ আওতাৰ ভিতৰৰ পুৰস্কাৰসমূহ লাভ কৰা বা নগদীকৰণ কৰাৰ পদ্ধতি।
  • সম্পূৰ্ণ আবেদন বা নিজাববীয়া প্ৰক্ৰিয়া (নিয়ম ১০) ৰ অধীনত জাৰি কৰা জাননীৰ ৯০ দিনৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ, যথাসম্ভৱ সম্পূৰ্ণ কৰা হ’ব।
  • এই ফলাফল নিৰ্ধাৰণ ক্ৰমত লিপিবদ্ধ কৰা হয়, যিটো নিৰ্দিষ্ট খেল আৰু প্ৰদানকাৰীৰ বাবে নিৰ্দিষ্ট হৈ থাকে।

 

৩. অনলাইন খেলৰ পঞ্জীয়ন (চতুৰ্থ অংশ, নিয়ম ১২-১৯)

  • ব্যৱহাৰকাৰীসকলৰ বিপদাশংকা (শিশুসহ), অংশগ্ৰহণৰ পৰিসৰ, বিত্তীয় লেনদেন আৰু উৎপত্তি দেশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰাৰ লগতে ই-ক্ৰীড়া হিচাপে পৰিগণিত হোৱাৰ উদ্দেশ্য ব্যক্ত কৰা প্ৰতিটো অনলাইন খেলৰ বাবেহে পঞ্জীয়ন প্ৰয়োজনীয়।
  • সফল নিৰ্ণয় আৰু পঞ্জীয়নৰ পাছত প্ৰাধিকৰণে এক অনন্য পঞ্জীয়ন নম্বৰৰ সৈতে পঞ্জীয়নৰ ডিজিটেল প্ৰমাণপত্ৰ জাৰি কৰে, যি ১০ বছৰলৈকে বৈধ।
  • ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইন, ২০২৫ৰ অধীনত কোনো অনলাইন মানি গেম ই-ক্ৰীড়া হিচাপে স্বীকৃতি বা পঞ্জীয়নৰ বাবে যোগ্য নহ’ব।
  • পঞ্জীয়নভুক্ত সেৱা প্ৰদানকাৰীসকলে খেলখন আগবঢ়োৱা আন্তঃপৃষ্ঠত নিৰ্ধাৰণ বা পঞ্জীয়নৰ সবিশেষ স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব, যোগাযোগৰ এটা বিশেষ স্থল নিৰ্ধাৰণ কৰিব লাগিব, তথ্য ধৰি ৰখাৰ নিৰ্দেশনা মানি চলিব লাগিব আৰু মাচুল পৰিশোধৰ সুবিধাৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা পালন কৰিব লাগিব।

 

৪. ব্যৱহাৰকাৰীৰ সুৰক্ষা বৈশিষ্ট্যসমূহ

  • ২(১)(ক) নিয়মে ব্যৱহাৰকাৰীৰ সুৰক্ষা বৈশিষ্ট্যৰ ধাৰণা প্ৰৱৰ্তন কৰে-কাৰিকৰী, পদ্ধতিগত, কাৰ্য্যকৰী, আচৰণগত বা খেলৰ বিপদাশংকাৰ প্ৰফাইলৰ বাবে উপযুক্ত ব্যৱস্থা-সম্পৰ্কীয় সুৰক্ষা প্ৰক্ৰিয়া।
  • ইয়াৰ ভিতৰত আছে বয়সৰ প্ৰমাণীকৰণ আৰু বয়স নিৰ্ধাৰণ, সময়ৰ সীমাবদ্ধতা, পিতৃ-মাতৃৰ নিয়ন্ত্ৰণ, ব্যৱহাৰকাৰী প্ৰতিবেদন সঁজুলি, পৰামৰ্শ সমৰ্থন, আৰু নিৰপেক্ষ খেল তথা একতা নিৰীক্ষণ। সেৱা প্ৰদানকাৰীসকলে নিৰ্ণয় বা পঞ্জীয়নৰ বাবে আবেদন কৰাৰ সময়ত তেওঁলোকৰ ব্যৱহাৰকাৰী সুৰক্ষা বৈশিষ্ট্য আৰু আভ্যন্তৰীণ অভিযোগ ব্যৱস্থা প্ৰকাশ কৰিব লাগিব (নিয়ম ২৩)।

 

৫. দ্বিস্তৰীয় অভিযোগ নিষ্পত্তি আৰু আপীল ব্যৱস্থা (নিয়ম ৭ আৰু ২০)

 

  • অনলাইন সামাজিক খেল বা ই-ক্ৰীড়া আগবঢ়োৱা প্ৰতিটো অনলাইন খেল সেৱা প্ৰদানকাৰীয়ে এক কাৰ্য্যকৰী অভিযোগ নিষ্পত্তি ব্যৱস্থা স্থাপন আৰু বজাই ৰাখিব লাগিব।
  • প্ৰদানকাৰীৰ সমাধানত অসন্তুষ্ট এগৰাকী ব্যৱহাৰকাৰীয়ে (বা অমীমাংসিত হৈ থকাৰ ক্ষেত্ৰত) ৩০ দিনৰ ভিতৰত প্ৰাধিকৰণৰ ওচৰলৈ যাব পাৰে, যি আৰু ৩০ দিনৰ ভিতৰত আবেদনখন নিষ্পত্তি কৰাৰ চেষ্টা কৰিব।
  • দ্বিতীয় আবেদন আপীল কৰ্তৃপক্ষ অৰ্থাৎ সচিব, এমইআইটিৱাইৰ ওচৰত দাখিল কৰাৰ সুবিধা আছে, যিয়ে আবেদন প্ৰাপ্ত হোৱাৰ যথাসম্ভৱ ৩০ দিনৰ ভিতৰত আপীলসমূহ নিষ্পত্তি কৰিব।

 

৬. শাস্তি আৰু বলৱৎকৰণ (পঞ্চম অংশ, নিয়ম ২১-২২)

 

  • যদি শাৰীৰিক উপস্থিতি প্ৰয়োজনীয় বুলি গণ্য কৰা নহয় আৰু অভিযোগ পোৱাৰ ৯০ দিনৰ ভিতৰত সমাপ্ত নহয়, তেন্তে নিষ্পত্তিসমূহ ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰিব লাগিব।
  • কৰ্তৃপক্ষই অমান্য কৰাৰ পৰা হোৱা লাভ, ব্যৱহাৰকাৰীসকলৰ লোকচান, পুনৰাবৃত্তি, গুৰুত্ব আৰু প্রশমনৰ প্ৰচেষ্টাৰ দৰে কাৰকসমূহ বিবেচনা কৰাৰ অনুপাতে শাস্তি হ’ব লাগিব।

 

বিশদ বিৱৰণৰ বাবে অনুগ্ৰহ কৰি ভাৰতৰ গেজেট চিজি-ডিএল-ই-২২০৪২০২৬-২৭১৯৭৪ তাৰিখ ২২ এপ্ৰিল, ২০২৬ চাওক।

 

***

MSZ/DD


(ৰিলিজ আই ডি : 2254910) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali-TR