উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ পূৰ্বাঞ্চলত সংযোগ আৰু উন্নয়ন

পোষ্ট কৰা হৈছে: 01 APR 2026 3:07PM by PIB Guwahati

দক্ষিণ-পূব এছিয়া অঞ্চলৰ দেশসমূহৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ভাৰতৰ এক্ট ইষ্ট পলিচীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক আৰু কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ দিশেৰে প্ৰসাৰ ঘটাবলৈ ইচ্ছুক। ‘এক্ট ইষ্ট পলিচি’য়ে সংযোগ বা কানেক্টিভিটিক বহল অৰ্থত, কায়িক, ডিজিটেল, অৰ্থনৈতিক, আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰে সামৰি লোৱা অঞ্চলটোৰ বিকাশ আৰু সমৃদ্ধিৰ চাবিকাঠি হিচাপে গণ্য কৰেইয়াৰ উপৰি, চৰকাৰৰ সামগ্ৰিক দৃষ্টিভঙ্গীৰ অংশ হিচাপে ২০১৪-১৫ ৰ পৰা ২০২৪-২৫ চনলৈ ১০% সৰ্বমুঠ বাজেট সমৰ্থনৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ বাবে ৬.০২ লাখ কোটি টকা (আৰ ই) সঞ্চিত আবণ্টনৰ বিপৰীতে ৬.১১ লাখ কোটি টকাৰ সঞ্চিত ব্যয় কৰা হৈছে। তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত তলত উল্লেখ কৰা খণ্ডসমূহৰ অধীনত কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে -

 

ক) পথ সংযোগ -

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য ২০১৪ চনত ১০,৯০৫ কিলোমিটাৰৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈকে ১৬,২০৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। তদুপৰি বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত মুঠ ৪৬,২৯৬ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰা হৈছে, যাৰ বাবে ব্যয় কৰা হৈছে ৪৭,২৭৯ কোটি টকা।

 

খ) ৰেল সংযোগ -

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল খণ্ডৰ বাজেট যোৱা কিছু বছৰত বহু পৰিমাণে বৃদ্ধি পাইছে। বছৰি ২,১২২ কোটি টকাৰ পৰা (২০০৯–১৪ চনৰ ভিতৰত) ২০২৫–২৬ বিত্তীয় বৰ্ষত ১০,৪৪০ কোটি টকালৈ বৃদ্ধি পাইছে। বৰ্তমান এক্ট ইষ্ট পলিচীৰ অধীনত সংযোগ উন্নত কৰাৰ বাবে কেইবাটাও ৰেলৱে প্ৰকল্প বিকশিত কৰা হৈছে, 'ত আছে ক্ৰমে,

ভৈৰবী–ছাইৰাং নতুন লাইন (৫১ কি.মি.), আগৰতলা–ছাব্ৰুম নতুন লাইন (১১২ কি.মি.), আগৰতলা–আখৌৰা নতুন লাইন (৫ কি.মি.), জিৰিবাম–ইম্ফল নিউ লাইন (১১১ কি.মি.), মুৰ্কংচেলেক–পাছিঘাট নতুন লাইন (২৭ কিলোমিটাৰ)

 

গ) টেলিকম সংযোগ -

২০২৫ চনৰ ডিচেম্বৰ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৬,৩৫৫ খন গ্ৰাম পঞ্চায়তক দ্ৰুতবেগী ইন্টাৰনেট সেৱা প্ৰদানৰ বাবে সাজু কৰা হৈছে। একে সময়তে এই এলেকাবোৰত ৩,৭১৮টা ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে, যিয়ে চৰকাৰৰ পুঁজিৰে বিভিন্ন ম’বাইল সংযোগ প্ৰকল্পৰ অধীনত ৫,৩৬৬খন গাঁও আৰু স্থান সামৰি লৈছে।

 

ঘ) বিমান সংযোগ -

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ২০১৬ চনৰ ২১ অক্টোবৰত আঞ্চলিক সংযোগ আঁচনি (UDAN) আৰম্ভ কৰিছিল। UDAN হৈছে বজাৰ-চালিত আঁচনি, যাৰ অৰ্থ হৈছে বিমান সংস্থাসমূহে চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি পথ নিৰ্ধাৰণ কৰে, আৰু তেওঁলোকে বিমান পৰিচালনাত আগভাগ লয়। এই আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কেইবাটাও বিমানবন্দৰ আৰু হেলিপ’ৰ্ট উন্নয়ন আৰু বিমান সেৱাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত আছে: পাছিঘাট, তেজু, হোলোঙী, যোৰহাট, লীলাবাৰী, ৰূপসী, তেজপুৰ, ডিমাপুৰ, শিলচৰ, আৰু পাকিয়ং। এই পৰ্যন্ত অঞ্চলটোত উড়ান আঁচনিৰ অধীনত ৯০টা পথ কাৰ্যকৰী কৰা হৈছে।

ঙ) শক্তি -

উত্তৰ-পূৰ্বাঞ্চলত কেইবাটাও জলবিদ্যুৎ শক্তি প্ৰকল্পও গ্ৰহণ কৰা হৈছে, যাৰ মুঠ স্থাপন ক্ষমতা ৫,৭৯৬ মেগাৱাট। কিছুমান ডাঙৰ প্ৰকল্পৰ ভিতৰত আছে: সোৱণশিৰি নামনি জলবিদ্যুত প্ৰকল্প (২,০০০ মেগাৱাট), দিবাং বহুমুখী প্ৰকল্প (২,৮৮০ মেগাৱাট), তিস্তা চতুৰ্থ পৰ্যায়ৰ প্ৰকল্প (৫০০ মেগাৱাট)। ইয়াৰ উপৰিও NER শক্তি ব্যৱস্থা উন্নয়ন প্ৰকল্পৰ অধীনত ৰাজ্যৰ ভিতৰৰ সংবহন আৰু বিতৰণ ব্যৱস্থা (৩৩ KV আৰু তাতোধিক) শক্তিশালী কৰাৰ বাবে ছখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, আৰু নাগালেণ্ডত কাম চলি আছে, যাৰ আনুমানিক ব্যয় হ’ব ৬৭০০ কোটি টকা। তদুপৰি, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ সংবহন আৰু বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও এক বিস্তৃত আঁচনি অনুমোদন কৰা হৈছে, যাৰ আনুমানিক ব্যয় হ’ব ৯,১২৯.৩২ কোটি টকা।

চ) আভ্যন্তৰীণ জলপৰিবহন -

উত্তৰ- পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ১ৰ পৰা ২০লৈ বৃদ্ধি পাইছে, আৰু বিভিন্ন জলপথ প্ৰকল্পত ১০৪০ কোটি টকা ব্যয় কৰা হৈছে। এই উন্নত সংযোগে অধিক চাকৰি সৃষ্টি কৰাত সহায় কৰে, ব্যৱসায়িক বৃদ্ধিত সহায় কৰে, আৰু অঞ্চলটোৰ দীৰ্ঘম্যাদী উন্নয়নক প্ৰসাৰিত কৰে।


উত্তৰ- পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ মূল্যায়ন প্ৰতিবেদনত এক্ট ইষ্ট পলিচীৰ অধীনত স্পষ্ট অৰ্থনৈতিক লাভৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ ভিতৰত বাণিজ্যৰ পৰিমাণ বৃদ্ধি, সীমান্তৰ আন্তঃগাঁথনিৰ উন্নতি, ৰপ্তানি বৃদ্ধি আদি অন্যতম। প্ৰতিবেদনত সীমান্ত বাণিজ্য কেন্দ্ৰ আৰু লজিষ্টিক হাব গঢ়ি তোলাৰ দৰে প্ৰচেষ্টাও উল্লেখ কৰা হৈছে, যিয়ে অঞ্চলটোক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰাত সহায় কৰিব আৰু এক্ট ইষ্ট পলিচীৰ লক্ষ্যসমূহক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিব। ইয়াৰ উপৰিও ড’নাৰ মন্ত্ৰালয়ৰ আঁচনিবোৰৰ অধীনত পথ সংযোগ, শক্তি সঞ্চাৰণ, আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগে দূৰৱৰ্তী অঞ্চলসমূহক ৰাষ্ট্ৰীয় আৰু আঞ্চলিক মূল্য শৃংখললৈ লৈ অহাতো সহায় কৰিছে। সামগ্ৰিকভাৱে এই আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক উন্নয়নে অঞ্চলটোৰ শক্তিশালী অৰ্থনৈতিক বিকাশৰ বাবে উপযুক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

 

উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া আৰু স্পৰ্শকাতৰ ভূখণ্ডত প্ৰকল্পৰ অনুমোদন দিয়াৰ সমান্তৰালকৈ পৰিৱেশ আৰু বহনক্ষমতাৰ চিন্তা-চৰ্চাৰ সমাধানৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা হয়। চৰকাৰে নিশ্চিত কৰে যে সীমান্তৰ আন্তঃগাঁথনি উন্নয়নে যেন স্থানীয় জনগোষ্ঠীসমূহক উপকৃত কৰে আৰু ইয়াৰ ফলত স্থানচ্যুতি বা পৰিৱেশৰ ক্ষতি নহয়। প্ৰকল্পসমূহ বহনক্ষমতাৰ দৃষ্টিভংগীৰে পৰিকল্পনা কৰা হয় আৰু অৰ্থনৈতিক বিকাশৰ সৈতে পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা হয়। পৰিৱেশ আৰু বহনক্ষমতাৰ দৰে খণ্ডত ইয়াৰ প্ৰতিফলন ঘটে, য’ত নবীকৰণযোগ্য শক্তি, জলভাগ ব্যৱস্থাপনা, বনানীকৰণ আদি অন্তৰ্ভুক্ত আছে। উত্তৰ-পূব পৰিষদৰ (NEC) আঁচনিৰ অধীনত কেন্দ্ৰীভূত উন্নয়ন উপাদানে (FDC) জলবায়ু স্থিতিস্থাপক আন্তঃগাঁথনি আৰু পৰিৱেশ পুনৰুদ্ধাৰ প্ৰকল্পক সমৰ্থন কৰে, যিয়ে পৰিৱেশৰ চাপ হ্ৰাস কৰাত স্পষ্ট মনোনিৱেশ দেখুৱাইছে। সামগ্ৰিকভাৱে, অংশগ্ৰহণমূলক প্ৰশাসন, বহনক্ষমতা, আৰু সংহত বিকাশৰ নীতিসমূহে উন্নয়নক পথ প্ৰদৰ্শন কৰে, যাতে আন্তঃগাঁথনি প্ৰকল্পসমূহে স্থানীয় সম্প্ৰদায়সমূহক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অনন্য পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো নিশ্চিত কৰে।

 

আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড. সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।

 

 

*****

 

PS/RD


(ৰিলিজ আই ডি : 2248657) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri