গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএফএছইউ আৰু চিএফএছএলৰ চৌহদসমূহ একত্ৰিত কৰা হৈছে

পোষ্ট কৰা হৈছে: 18 MAR 2026 2:49PM by PIB Guwahati

বৈজ্ঞানিক তদন্তক সহায় কৰাৰ লগতে ন্যায়িক প্ৰক্ৰিয়াৰ মান  উন্নত কৰাৰ বাবে চৰকাৰে দেশৰ ফৰেনছিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিছে। সামৰ্থ্য গঢ়ি তোলাৰ বাবে শৈক্ষিক প্ৰশিক্ষণ, গৱেষণা আৰু কাৰ্য্যকৰী ফৰেনছিক বিজ্ঞান সেৱাৰ মাজত ঘনিষ্ঠ সমন্বয়ক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে, দক্ষ জনশক্তিৰ উপলব্ধতা বৃদ্ধি তথা আধুনিক ফৰেনছিক কৌশল গ্ৰহণৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে অন্যান্য বিষয়ৰ লগতে ৬ খন ৰাজ্যত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল)ৰ সৈতে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এনএফএছইউ) চৌহদ স্থাপনৰ অনুমোদন জনাইছে । ৰাজ্য কেইখন হৈছে ক্ৰমে  চত্তীশগড়, ওড়িশা, তামিলনাডু, ৰাজস্থান, বিহাৰ, আৰু উত্তৰ প্ৰদেশ।

এন এফ এছ ইউয়ে উন্নত ডি এন এ বিশ্লেষণ , চাইবাৰ ফৰেনছিক, ডিজিটেল ফৰেনছিক, ফৰেনছিক চাইক’লজি, নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স আৰু বেলিষ্টিক ফৰেনছিক আদি অত্যাধুনিক ফৰেনছিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে । এন এফ এছ ইউয়ে নিজৰ চৌহদৰ জৰিয়তে ফৰেনছিক বিজ্ঞান আৰু সংশ্লিষ্ট শাখাৰ ক্ষেত্ৰত ৬০টাতকৈও অধিক শৈক্ষিক কাৰ্যসূচী আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ, ডিপ্লোমা আৰু অন্যান্য  কাৰ্যসূচী যেনে বি. ফৰেনছিক বিজ্ঞান, চাইবাৰ নিৰাপত্তা, ডিজিটেল ফৰেনছিক, আচৰণ বিজ্ঞান,ফৰেনছিক আদি অন্যতম । এই শৈক্ষিক কাৰ্যসূচীসমূহত অপৰাধ সম্পৰ্কীয় ব্যৱস্থাপনা (Crime Scene Management) ফৰেনছিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ এক অবিচ্ছেদ্য অংগ হিচাবে পৰিগণিত হৈছে। ইয়াৰ উপৰি বিশ্ববিদ্যালয়খনে অংশীদাৰসকলৰ সামৰ্থ্য বিকাশৰ বাবে অপৰাধস্থলী ব্যৱস্থাপনাৰ বিষয়ত  হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ  কৰি আহিছে। এন এফ এছ ইউৰ উপৰি  বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ, সংৰক্ষণ আৰু ডিজিটেল নথিপত্ৰকে ধৰি আধুনিক অপৰাধ সম্পৰ্কীয়  ব্যৱস্থাপনা পদ্ধতিসমূহো চি এফ এছ এলৰ দ্বাৰা সমৰ্থিত হৈ আহিছে।

এনে পদক্ষেপৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় আইন প্ৰয়োগকাৰী সংস্থা, কেন্দ্ৰীয় চৰকাৰ বিভাগ, ৰাজ্য চৰকাৰ বিভাগ, ন্যায়িক বিষয়া, চোৰাংচোৱা কৰ্মী আদালত, বেংক, কৰ্পৰেট খণ্ড আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহকে ধৰি  ন্যায় ব্যৱস্থাৰ সৈতে জড়িত একাধিক অংশীদাৰ  উপকৃত হৈছে ।

চণ্ডীগড়, দিল্লী, কামৰূপ (অসম), কলকাতা (পশ্চিমবংগ), ভূপাল (মধ্য প্ৰদেশ), পুনে (মহাৰাষ্ট্ৰ) আৰু হায়দৰাবাদ (তেলেংগানা)ত  ৭টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) থকাৰ উপৰি জম্মু- কাশ্মীৰ, ৰাজস্থান, তামিলনাডু, বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, ছত্তীশগড় আৰু কেৰালাত ৮টা নতুন চিএফএছএল স্থাপনত অনুমোদনজনোৱা হৈছে। ইয়াৰ বাবে  ছাম্বা (জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল), চেংগালপট্টু (তামিলনাডু), খোৰ্ধা (ওড়িশা), আৰু ৰায়পুৰ (চত্তীশগড়)ত মাটি আবণ্টন দিয়া হৈছে।

তদুপৰি গান্ধীনগৰ (গুজৰাট) আৰু দিল্লীত এন এফ এছ ইউৰ প্ৰাৰম্ভিক চৌহদৰ বাহিৰেও গোৱা, আগৰতলা (ত্ৰিপুৰা), ভূপাল (মধ্যপ্ৰদেশ), ধৰৱাড় (কৰ্ণাটক), গুৱাহাটী (অসম), নাগপুৰ (মহাৰাষ্ট্ৰ), খোৰ্ধা (ওড়িশা), ৰায়পুৰ(চত্তীশগড়), চেংগালপট্টু (তামিলনাডু), ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, আৰু উত্তৰ প্ৰদেশত এন এফ এছ ইউৰ ১৪টা অতিৰিক্ত কেম্পাছ স্থাপনত অনুমোদন দিয়া হৈছে ।

এই অনুমোদিত চৌহদসমূহৰ ভিতৰত গোৱা, আগৰতলা (ত্ৰিপুৰা), ভূপাল (মধ্য প্ৰদেশ), ধৰৱাড় (কৰ্ণাটক), গুৱাহাটী (অসম), নাগপুৰ (মহাৰাষ্ট্ৰ), খোৰ্ধা (ওড়িশা), ৰায়পুৰ (চত্তীশগড়) আৰু চেংগালপট্টু (তামিলনাডু)ত মাটি আবণ্টন দিয়া হৈছে। জয়পুৰ (ৰাজস্থান)কে ধৰি এই স্থানসমূহত এন এফ এছ ইউৰ চৌহদসমূহ বৰ্তমান ট্ৰেনজিট কেম্পাছৰ পৰা কাৰ্যক্ষম হৈ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফৰেনছিক গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা ৰক্ষা কৰি  ফৰেনছিক বিজ্ঞান সেৱা সঞ্চালকালয়, আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় উভয়ে এই বিষয়ত নিৰন্তৰ  পদক্ষেপ গ্ৰহণ কৰি আহিছে । ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে  গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দী সঞ্জয় কুমাৰে।

*****

RK/RR/PR/PS/SC/DM


(ৰিলিজ আই ডি : 2242431) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी