গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ফৰেনছিক বিজ্ঞান আৰু নতুন অপৰাধমূলক আইন

পোষ্ট কৰা হৈছে: 18 MAR 2026 2:50PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আইচিজেএছ ২.০ প্ৰকল্পৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ফিংগাৰপ্ৰিণ্ট এনৰোলমেণ্ট ডিভাইচ (এফইডি)কে ধৰি আৰক্ষী থানাৰ বাবে হাৰ্ডৱেৰ ক্ৰয়ৰ অৰ্থে  ধন আবণ্টন দিছে।  যাতে এনএএফআইএছক আৰক্ষী থানালৈ সম্প্ৰসাৰিত  কৰিব পৰা যায়। থানাত এনএএফআইএছক ১০০%  ফলপ্ৰসূ কৰাটো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ইয়াক গ্ৰহণ কৰাৰ ওপৰত সম্পূৰ্ণ  নিৰ্ভৰ কৰে। আদালতত আঙুলিৰ ছাপক এক নিৰ্ভুল আৰু গ্ৰহণযোগ্য প্ৰমাণ হিচাবে ধৰা হয় । এনএএফআইএছ-এ  বাস্তৱ সময়ৰ আঙুলিৰ ছাপ মিলাই চোৱা আৰু সেয়া পৰীক্ষণ কৰাটোসম্ভৱ কৰি তোলে।ফলত অপৰাধমূলক ঘটনাৰ সৈতে জড়িত অপৰাধী আৰু তেওঁলোকৰ অপৰাধমূলক কামৰ পূৰ্বৰ ইতিহাস জনাটো সম্ভৱ হয়। ২০২২ চনৰ আগষ্ট মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা এনএএফআইএছ ব্যৱহাৰ কৰি ৮৮৩১ টা অপৰাধমূলক ঘটনাৰ তদন্ত আগুৱাই নিয়া হৈছে। ফলত  বহু আন্তঃৰাজ্যিক আৰু অমীমাংসিত হৈ থকা পুৰণি অপৰাধ ধৰা পেলোৱাটো সম্ভৱ হৈছে। প্ৰতিমাহে প্ৰায় ৯০ হাজাৰ এফ পি ৰেকৰ্ড এনএএফআইএছৰ ডাটাবেছত সংযোগ কৰা হৈছে। ১.২৬ কোটিৰ ডাটাবেছ থকা এনএএফআইএছ-এ তদন্তকাৰী বিষয়াক বৈজ্ঞানিকভাৱে তদন্ত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ সুবিধা প্ৰদান কৰিছে  যাৰ ফলত সময়মতে অভিযোগনামা দাখিল কৰাটো সম্ভৱ হৈছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ উন্নত হৈছে।

ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি বৃদ্ধি আঁচনিৰ জৰিয়তে দেশৰ ফৰেনছিক সামৰ্থ্য শক্তিশালী কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) স্থাপনৰ জৰিয়তে তেনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান  ভূপাল (মধ্যপ্ৰদেশ), চণ্ডীগড়, দিল্লী, হায়দৰাবাদ (তেলেংগানা), কামৰূপ (অসম), কলকাতা (পশ্চিম বংগ) আৰু পুনে (মহাৰাষ্ট্ৰ)ত ০৭টা চিএফএছএল কাৰ্যক্ষম হৈ আছে। ইয়াৰ উপৰি এনএফআইইএছৰ অধীনত বিহাৰ, ছত্তীশগড়, কেৰালা, ওড়িশা, ৰাজস্থান, তামিলনাডু, আৰু উত্তৰ প্ৰদেশত আৰু ০৭টা চিএফএছএল স্থাপনৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰা হৈছে।চাইবাৰ অপৰাধৰ তদন্ত, ফৰেনছিক তদন্ত,  বিচাৰ আদিৰ জটিল দিশসমূহৰ বিষয়ত অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে আৰক্ষী বিষয়া/ন্যায়িক বিষয়াৰ সামৰ্থ্য বিকাশৰ বাবে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি)ৰ অধীনত ‘চাইট্ৰেইন’ পৰ্টেল বিকশিত কৰা হৈছে।৩১.০১.২০২৬ তাৰিখলৈকে ১,৫১,০৮১ গৰাকীতকৈ অধিক আৰক্ষী,  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়া/ন্যায়িক বিষয়াসকলে প্ৰশিক্ষণৰ বাবে নাম পঞ্জীয়ন কৰিছে আৰু এই পৰ্টেলৰ জৰিয়তে ১,৪২,০২৫ তকৈ অধিক প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে।

অপৰাধমূলক ঘটনাৰ  গোচৰত লাভ কৰা জৈৱিক/ডি এন এৰ নমুনাকে ধৰি ফৰেনছিক তথ্যসমূহ পদ্ধতিগতভাৱে মজুত কৰিবলৈ চৰকাৰে “মহিলাৰ সুৰক্ষা”(“Safety of Women”)ৰ আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ফৰেনছিক তথ্য কেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে। তথ্যসমূহ সকলো ফৰেনছিক লেবৰ পৰা লাভ কৰা হৈছে,  যাতে এক কাৰ্যক্ষম প্ৰমাণ ব্যৱস্থাপনা সক্ষম কৰি তুলিব  পাৰি।

 ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দী সঞ্জয় কুমাৰে এই কথা উল্লেখ কৰে।

*****

RK/RR/PR/PS/SC/DM


(ৰিলিজ আই ডি : 2242419) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी